--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগুজৰাট বিধানসভাৰ নিৰ্বাচন সমাগত। নিৰ্বাচনৰ বতাহ কেৱল ৰাজ্য খনত  বাস কৰা ভাৰতীয় নাগৰিকৰ গাতেই লগা নাই। নিৰ্বাচনী বতাহে কোবাই গৈছে কেইবাজনো পাকিস্তনৰ লোককো।  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ চৰকাৰে এইবাৰ গুজৰাটত পাকিস্তানৰ নাগৰিকক ভোটদানৰ অধিকাৰ প্ৰদান কৰিছে।

কেইমাহমান আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা গুজৰাটৰ বিজেপি নেতা অমিত শ্বাহে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ আধাৰত পাকিস্তানৰ পৰা আহি গুজৰাটত আশ্ৰয় লোৱা অ-মুছলমানসকলক নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত ঘোষণা কৰিছিল। নতুনকৈ অৰ্জন কৰা নাগৰিকত্বৰ ফলত  সেই শৰণাৰ্থীসকলৰ বহুতৰে নাম ভোটাৰ তালিকাত প্ৰকাশ পাইছে।  বিৰোধীয়ে ই  বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে যজিও বিজেপিয়ে যুক্তি দিছে যে উক্ত পাকিস্তানী অ-মুছলমান লোকসকল এতিয়া ভাৰতৰ নাগৰিক। সেয়েহে, সাংবিধানিক নিয়ম অনুসৰি তেওঁলোকে ভোট দিব পাৰিব।

এই বছৰৰ আগষ্ট মাহত সৌৰাষ্ট্ৰৰ ৰাজকোট জিলাত বাস কৰা ২৫ জন পাকিস্তানী হিন্দুক নাগৰিকত্ব প্ৰদান কৰা হয়। তেওঁলোকৰ ভিতৰৰে এজন সুনীল দেৱ মহেশ্বৰীয়ে কয়, "মই ২০০৯ চনত মোৰ পিতৃ-মাতৃৰ সৈতে পাকিস্তানৰ পৰা আহিছিলো। মই যোৱা ১৩ বছৰ ধৰি ৰাজকোটত বাস কৰি  আছো। মোৰ ওচৰত ভাৰতীয় আধাৰ কাৰ্ডকে ধৰি সকলো চৰকাৰী নথিপত্ৰ আছে।

ভাগৱতীপাৰা অঞ্চলৰ বাসিন্দা সুনীলে ৰাজকোটৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰে। তেওঁ কয় যে ২০১৪ চনত তেওঁ  পাকিস্তানৰ পৰা অহা  হিন্দু শৰণাৰ্থী পৰিয়ালৰ এগৰাকী কন্যাক বিয়া কৰাইছিল। তেওঁলোকৰ দুটি সন্তানো আছে। উল্লেখ্য কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ অধীনতো পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ পৰা অহা বহু অ-মুছলমান লোকক নাগৰিকত্ব প্ৰানৰ যো-জা চলাই আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু