--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগুজৰাট বিধানসভাৰ নিৰ্বাচন সমাগত। নিৰ্বাচনৰ বতাহ কেৱল ৰাজ্য খনত  বাস কৰা ভাৰতীয় নাগৰিকৰ গাতেই লগা নাই। নিৰ্বাচনী বতাহে কোবাই গৈছে কেইবাজনো পাকিস্তনৰ লোককো।  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ চৰকাৰে এইবাৰ গুজৰাটত পাকিস্তানৰ নাগৰিকক ভোটদানৰ অধিকাৰ প্ৰদান কৰিছে।

কেইমাহমান আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা গুজৰাটৰ বিজেপি নেতা অমিত শ্বাহে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ আধাৰত পাকিস্তানৰ পৰা আহি গুজৰাটত আশ্ৰয় লোৱা অ-মুছলমানসকলক নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত ঘোষণা কৰিছিল। নতুনকৈ অৰ্জন কৰা নাগৰিকত্বৰ ফলত  সেই শৰণাৰ্থীসকলৰ বহুতৰে নাম ভোটাৰ তালিকাত প্ৰকাশ পাইছে।  বিৰোধীয়ে ই  বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে যজিও বিজেপিয়ে যুক্তি দিছে যে উক্ত পাকিস্তানী অ-মুছলমান লোকসকল এতিয়া ভাৰতৰ নাগৰিক। সেয়েহে, সাংবিধানিক নিয়ম অনুসৰি তেওঁলোকে ভোট দিব পাৰিব।

এই বছৰৰ আগষ্ট মাহত সৌৰাষ্ট্ৰৰ ৰাজকোট জিলাত বাস কৰা ২৫ জন পাকিস্তানী হিন্দুক নাগৰিকত্ব প্ৰদান কৰা হয়। তেওঁলোকৰ ভিতৰৰে এজন সুনীল দেৱ মহেশ্বৰীয়ে কয়, "মই ২০০৯ চনত মোৰ পিতৃ-মাতৃৰ সৈতে পাকিস্তানৰ পৰা আহিছিলো। মই যোৱা ১৩ বছৰ ধৰি ৰাজকোটত বাস কৰি  আছো। মোৰ ওচৰত ভাৰতীয় আধাৰ কাৰ্ডকে ধৰি সকলো চৰকাৰী নথিপত্ৰ আছে।

ভাগৱতীপাৰা অঞ্চলৰ বাসিন্দা সুনীলে ৰাজকোটৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰে। তেওঁ কয় যে ২০১৪ চনত তেওঁ  পাকিস্তানৰ পৰা অহা  হিন্দু শৰণাৰ্থী পৰিয়ালৰ এগৰাকী কন্যাক বিয়া কৰাইছিল। তেওঁলোকৰ দুটি সন্তানো আছে। উল্লেখ্য কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ অধীনতো পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ পৰা অহা বহু অ-মুছলমান লোকক নাগৰিকত্ব প্ৰানৰ যো-জা চলাই আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক