--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ শ্ৰদ্ধাকাণ্ডই দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ মাজতে উত্তৰ প্ৰদেশত দিল্লীৰ শ্ৰদ্ধা ৱাকাৰৰ হত্যাৰ পুনৰাবৃত্তি ঘটিছে। পাৰিবাৰিক বিবাদৰ বাবে স্বামীয়ে তেওঁৰ পত্নীক হত্যা কৰি  মৃতদেহটো  একাধিক টুকুৰা  কৰি এখন অৰণ্যত পেলাই দিয়ে। জানিব পৰা মতে আন এজন ব্যক্তিয়ে তেওঁক এই কামত সহায় কৰিছিল। বিশেষ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে  দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।স্বামীৰ বৰ্বৰতাই  অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে।

এই নৃশংস ঘটনাটো উত্তৰ প্ৰদেশৰ সীতাপুৰত সংঘটিত হৈছে। আৰক্ষীয়ে  প্ৰকাশ কৰা মতে  হত্যাকাণ্ডটো ৮ নৱেম্বৰত সংঘটিত হৈছিল।  জ্যোতি ওৰফে স্নেহাক তেওঁৰ স্বামীয়ে হত্যা কৰিছিল। তেওঁৰ স্বামী পংকজ মৌৰ্যৰ বিৰুদ্ধে জ্যোতিক হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আৰক্ষীয়ে মৌৰ্যক গ্ৰেপ্তাৰ কৰে।। পংকজ আৰু জ্যোতিয়ে ১০ বছৰ আগতে বিবাহপাশত আৱদ্ধ হৈছিল। 

শেহতীয়াকৈ দুয়োৰে মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল। জেৰাৰ সময়ত পংকজে প্ৰকাশ কৰে যে তেওঁৰ পত্নীয়ে নিয়মীয়াকৈ ড্ৰাগছ সেৱন কৰিছিল। তেওঁ আনকি কেতিয়াবা ঘৰ এৰিও গৈছিল।  এই বিষয়কলৈ  দুয়োৰে মাজত প্ৰায়ে  বিবাদ হৈছিল। পংকজ মৌৰ্যই ৮ নৱেম্বৰত তেওঁৰ পত্নীক হত্যা কৰিছিল। দুৰ্জন পাচী নামৰ এজন ব্যক্তিয়ে তেওঁক এই কামত সহায় কৰিছিল। 

হত্যাৰ পিছত পংকজ আৰু দুৰ্জনে জ্যোতিৰ শৰীৰটো একাধিক টুকুৰা কৰি কাটি পেলাইছিল আৰু সেই টুকুৰাবোৰ  ঘৰৰ কাষৰে অৰণ্যত পেলাই দিছিল। পিছত আৰক্ষীয়ে গুলহাৰিয়াৰ এখন অৰণ্যৰ পৰা জ্যোতিৰ খণ্ড-বিখণ্ড মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত দুজন অভিযুক্ত ক্ৰমে পংকজ মৌৰ্য আৰু দুৰ্জন পাচীক গ্ৰেপ্তাৰ কৰিছে।

ইফালে আফতাব আমিন পুনাৱালাই শেহতীয়াকৈ দিল্লীৰ নিম্ন আদালতত শ্ৰদ্ধা ৱাকাৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। তেওঁ কৈছে যে তেওঁ খঙত তেওঁৰ প্ৰেমিকা শ্ৰদ্ধাক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল।  দুবছৰ আগতে শ্ৰদ্ধাই আফতাবৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছিল। তাত তেওঁ কৈছিল যে আফতাবে তেওঁক প্ৰায়ে প্ৰহাৰ কৰি থাকে। তেওঁ আনকি শ্ৰদ্ধাক  টুকুৰা টুকুৰ কৰাৰো ভাবুকি দিছিল। দুবছৰৰ পিছত আফতাবে শ্ৰদ্ধাৰ ক্ষেত্ৰত সেয়াই কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক