--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতি মাহৰ অন্তিম দেওবাৰে মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। আজি ১১৪ তম খণ্ড। একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত চতুৰ্থবাৰৰ বাবে এই ৰেডিঅ’ অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ মতামত প্ৰকাশ কৰে। 


প্ৰধানমন্ত্ৰী মোদীয়ে এই অনুষ্ঠানত কয় যে ‘‘আমাৰ মন কী বাত যাত্ৰাই ১০ বছৰ অতিক্ৰম কৰিছে। ১০ বছৰ পূৰ্বে ‘মন কী বাত’ ৩ অক্টোবৰত, বিজয়দশমীৰ দিনা আৰম্ভ হৈছিল আৰু ইমানেই পবিত্ৰ মুহুৰ্তৰ সংযোগ হ’ব যে এইবাৰ অৰ্থাৎ ৩ অক্টোবৰত যেতিয়া ‘মন কী বাত’ৰ ১০ বছৰ সম্পূৰ্ণ হ’ব, এইবাৰ হ’ব নৱৰাত্ৰিৰ প্ৰথম দিন।’’

তেওঁ কয়, ‘মন কী বাতৰ এই দীঘলীয়া যাত্ৰাত এনে বহু ক্ষন আছে, যি মই কেতিয়াও পাহৰিব নোৱাৰো। 'মন কী বাত'ৰ কোটি কোটি শ্ৰোতা আমাৰ যাত্ৰাৰ এনে সংগী, যাৰ পৰা মই সমৰ্থন লাভ কৰি আহিছো। দেশৰ বিভিন্ন ঠাইৰ পৰা তথ্য প্ৰদান কৰি আহিছে তেওঁলোকে ।মন কী বাত'ৰ শ্ৰোতাসকলেই এই অনুষ্ঠানৰ প্ৰকৃত স্থপতি। ‘মন কী বাত’ৰ বাবে পোৱা চিঠিবোৰ পঢ়িলেহে মোৰ হৃদয় গৌৰৱেৰে ভৰি পৰে। আমাৰ দেশত ইমানবোৰ প্ৰতিভাশালী ব্যক্তি আছে, দেশ আৰু সমাজ সেৱাৰ বাবে তেওঁলোকৰ কিমান আবেগ আছে। তেওঁলোকে নিস্বাৰ্থভাৱে জনসাধাৰণৰ সেৱাত সমৰ্পণ কৰে। তেওঁলোকৰ বিষয়ে জানিলে মই আৰু শক্তিশালী অনুভৱ কৰোঁ । মন কী বাতৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো মোৰ বাবে মন্দিৰলৈ গৈ ভগৱানৰ দৰ্শন কৰাৰ দৰেই যেতিয়া মই মন কী বাতৰ প্ৰতিটো কথা, প্ৰতিটো ঘটনা, প্ৰতিটো আখৰ মনত পেলাওঁ, তেতিয়া মোৰ এনে লাগে যেন মই ঈশ্বৰ জনাৰ্দনৰ ৰূপত জনসাধাৰণক দেখিছো।’

প্ৰধানমন্ত্ৰী মোদীয়ে স্বচ্ছ ভাৰত অভিযানৰ সন্দৰ্ভত কয়, "পূডুচেৰীৰ বিলসমূহতো পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সন্দৰ্ভত এক প্ৰচণ্ড অভিযান চলোৱা হৈছে। ইয়াত ৰাম্য জী নামৰ এগৰাকী মহিলাই পৌৰসভাৰ আশে-পাশে থকা অঞ্চলৰ যুৱক-যুৱতীৰ এটা দলৰ নেতৃত্ব দি আছে। এই দলৰ লোকসকলে তেওঁলোকৰ প্ৰচেষ্টাৰে তেওঁলোকে অঞ্চল আৰু বিশেষকৈ তাত থকা বিলখন সম্পূৰ্ণ পৰিষ্কাৰ কৰি তুলিছে। ২ অক্টোবৰত 'স্বচ্ছ ভাৰত অভিযান'ৰ ১০ বছৰ সম্পূৰ্ণ হ’ব। ই ভাৰতীয় ইতিহাসত বৃহৎ গণ আন্দোলন হিচাপে গঢ়ি তোলা এক অনুষ্ঠান। গোটেই জীৱন এই কামৰ প্ৰতি নিষ্ঠাবান হৈ থকা মহাত্মা গান্ধীজীলৈও এইয়া এক প্ৰকৃত শ্ৰদ্ধাঞ্জলি।


প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘এই মাহত ১০ বছৰৰ আন এক গুৰুত্বপূৰ্ণ অভিযান সম্পূৰ্ণ হ'ল। এই অভিযানৰ সফলতাৰ ভিতৰত দেশৰ বৃহৎ উদ্যোগসমূহে ক্ষুদ্ৰ দোকানীলৈ আগবঢ়োৱা অৱদান অন্তৰ্ভুক্ত। মই 'মেক ইন ইণ্ডিয়া'ৰ কথা কৈছো। আজি মই বহুত সুখী অনুভৱ কৰিছো। এই অভিযানৰ পৰা দৰিদ্ৰ, মধ্যবিত্ত শ্ৰেণী আৰু এম এছ এম ই সমূহে বহুত লাভৱান হৈছে ৷’’

আগলৈ তেওঁ কয়, "এই উৎসৱৰ বতৰত আপুনি আপোনাৰ পুৰণি সংকল্প পুনৰাবৃত্তি কৰিব লাগিব। যিয়েই কিনিব, সেয়া কেৱল মেড ইন ইণ্ডিয়া হ'ব লাগে। যদি উপহাৰ হিচাপে যিকোনো বস্তু দিয়ে লাগে, সেইটোও কেৱল মেড ইন ইণ্ডিয়া হোৱাটো জৰুৰী।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ