--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সমাগত পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন। এই পাঁচ ৰাজ্যৰ ভিতৰত পঞ্জাব আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচনে বিশেষ চৰ্চা লাভ কৰিছে। বিগত সময়ছোৱাত কৃষক বিদ্ৰোহে দেশ তোলপাৰ লগোৱাৰ পৰিপ্ৰেক্ষিততে এই নিৰ্বাচনত বিজেপি প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত। বিশেষকৈ পঞ্জাবত বিজেপিয়ে বৰ সুবিধা কৰিব নোৱাৰাটো স্পষ্ট হৈ পৰিছে। উত্তৰ প্ৰদেশতো তেওঁলোকৰ সপক্ষে বা বলাটো অন্ততঃ এতিয়ালৈ স্পষ্ট হোৱা নাই। কিন্তু বিকল্প কি হ’ব? এই প্ৰশ্ন এতিয়া উত্থাপন হ’বলৈ ধৰিছে। উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে আগ্ৰাসী প্ৰচাৰ আৰম্ভ কৰিছে।

কিন্তু পঞ্জাবৰ পৰিস্থিতি কিছু পৃথক যেন বোধ হৈছে। শাসকীয় দল কংগ্ৰেছ অন্তঃকলহত বিধ্বস্ত প্ৰায়। এই বিনাশযাত্ৰাত নেতৃত্ব দিছে পঞ্জাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৱে। সিদ্ধুৰ সৈতে থকা সংঘাতৰ বাবেই মুখ্যমন্ত্ৰীৰ আসনেই নহয় দলো ত্যাগ কৰিছে কেপ্টেইন অমৰিন্দৰ সিঙে। নতুন দল গঠন কৰি তেওঁ মিত্ৰতাৰ বাবে বিজেপিৰ কাষ চাপিছে। কিন্তু পঞ্জাবৰ পৰিস্থিতি বিজেপিৰ অনুকূল মুঠেও নহয়। সেইবাবে তেওঁ ক্ষমতা দখলৰ বাবে উঠি-পৰি লাগিছে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টী। শেহতীয়াকৈ ২২টাকৈ কৃষক সংগঠনে গঠন কৰা ৰাজনৈতিক দল সংযুক্ত সমাজ মৰ্চায়ো আপৰ কাষ চপাৰ ইংগিত পোৱা গৈছে। মুঠতে পঞ্জাবত আপৰ সম্ভাৱনা অতি উজ্জ্বল। শেহতীয়া এক সমীক্ষাই পুনৰ এই সম্ভাৱনাৰ কথা স্পষ্ট কৰি তুলিছে।

পঞ্জাবৰ সভাপতি মানক প্ৰথম পচন্দ হিচাপে বিচাৰে ৭০শতাংশ লোকে

আম আদমী পাৰ্টীৰ নেতা-কৰ্মীসকলে নিৰ্বাচনৰ পূৰ্বে দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰাটো বিচাৰিছিল। আৰু এই উদ্দেশ্যেই তেওঁলোকে ৰাইজৰ পচন্দৰ প্ৰাৰ্থীনো কোন তাক লৈ এটা দলীয় সমীক্ষা চলাইছিল। এই সমীক্ষাত যিটো নাম সৰ্বসাধাৰণে নিৰ্বাচন কৰিছে সেই নামটো হৈছে ভগৱন্ত মান। আপৰ সাংসদ তথা পঞ্জাবৰ সভাপতি মানক প্ৰথম পচন্দ হিচাপে বিচাৰে ৭০শতাংশ লোকে।

এই পৰিসংখ্যাই বহু নতুন সমীকৰণৰ ইংগিত দিছে। কংগ্ৰেছত নৱজ্যোৎ সিং সিদ্ধুৰ মইমতালি আৰু মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীৰ অসহায় অৱস্থাক ৰাজ্যখনৰ জনগণে নিশ্চয় নেদেখাকৈ থকা নাই। যাৰ বাবে এতিয়া তাৰ বিকল্প হিচাপে মানৰ দৰে নেতাক মু্খ্যমন্ত্ৰীৰ আসনত বহুৱাবলৈ পঞ্জাবৰ জনগণে মানস কৰিছে বুলি ভবাৰ থল আছে। ৰাজ্যখনৰ প্ৰধান বিৰোধী দল আম আদমী পাৰ্টীয়ে এইবাৰ পঞ্জাবৰ শাসন যদি দখল কৰিবলৈ সক্ষম হয় তেন্তে সেয়া এক উল্লেখনী সফলতা বিবেচিত হ’ব আৰু তাৰ বিপৰীতে শাসকীয় কংগ্ৰেছৰ বাবে ই হ’ব এক প্ৰচণ্ড মুখ থেকেচা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ