--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিমিৰ বমি। বিশ্বৰ আটাইতকৈ দামী বস্তু বোৰৰ ভিতৰৰে অন্যতম এই তিমিৰ বমি চোৰাংকৈ বিক্ৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিছে উত্তৰ প্ৰদেশৰ তিনি জন লোক।  তিমিৰ বমিক  আম্বাৰগ্ৰিছ বুলি কোৱা হয়। এই বমি অতি মূল্যৱান। দৰৱ প্ৰস্তুতকে ধৰি সুগন্ধি আৰু আন বহু সামগ্ৰী প্ৰস্তুতত তিমিৰ বমি ব্যৱহাৰ কৰা হয়। 

অতি সুগন্ধিযুক্ত তিমিৰ বমি সহজে পোৱাটো কঠিন । সেয়ে বজাৰত ইয়াৰ দামো বেছি। বৈজ্ঞানিক ভাষাত তিমিৰ  বমিক আম্বাৰগ্ৰিছ বুলি কোৱা হয়। এয়া তিমিৰ  শৰীৰৰ পৰা বৰ্জনীয় পদাৰ্থ।আম্বাৰগ্ৰিছ এবিধ কঠিন আৰু দাহ্য পদাৰ্থ। তিমি সাধাৰণতে সাগৰৰ উপকূলৰ পৰা বহু দূৰত অৱস্থান কৰি থাকে বাবে ইয়াৰ দেহৰ পৰা এই পদাৰ্থ সাগৰৰ পাৰত অহালৈ বহু বছৰ লাগে। হয়,  আচৰিত যেন লাগিেও এয়া সংছা যে  দৈত্যাকাৰ তিমিৰ  এই মমসদৃশ বমিৰ  মূল্য আকাশচুম্বী। 


শেহতীয়াকৈ সাগৰৰ পাৰত উদ্ধাৰ কৰা তিমিৰ বমি  চোৰাং ব্যৱসায় বিক্ৰী কৰিবলৈ গৈ  উত্তৰ প্ৰদেশত তিনিজন চোৰাং ব্যৱসায়ী আৰক্ষীৰ জানত পৰিছে।। জানিব পৰা মতে লোক তিনিজনৰ হাতত   ৪.১২ কিলোগ্ৰাম তিমিৰ বমি আছিল। যাৰ মুঠ মূল্য আন্তৰ্জাতিক বজাৰত প্ৰায় ১০ কোটি টকা!

উত্তৰ প্ৰদেশ আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চে (এছটিএফ) ঘটনাটোৰ বিষয়ে  এনেদৰে টুইট কৰিছে। "আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নিষিদ্ধ বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত প্ৰায় ১০ কোটি টকা মূল্যৰ ৪.১২ কিলোগ্ৰাম আম্বাৰগ্ৰিছৰ সৈতে  চোৰাং ব্যৱসায়ৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তিমিৰ বমি প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ পৰা সুগন্ধিও তৈয়াৰ কৰা হয়। প্ৰাচীন চিকিৎসা পদ্ধতিতো  ই যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। গতিকে সৰ্বোপৰি, বজাৰত ইয়াৰ চাহিদা আছে।

উল্লেখ্য চলিত বৰ্ষৰ জুলাই মাহত কেৰালাত ২৮ কোটি টকাৰ আম্বাৰগ্ৰিছ উদ্ধাৰ হৈছিল। কেইজনমান মাছমৰীয়াই সাগৰত তিমিৰ বমি খিনি দেখি আৰক্ষীক খবৰ দিছিল আৰু আৰক্ষীয়ে সেয়া উদ্ধাৰ কৰিছিল। যোৱা বছৰ মুম্বাইৰ চোৰাং বজাৰত  প্ৰতি কিলোগ্ৰাম তিমিৰ বমিৰ দাম আছিল ১ কোটি টকা।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু