--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিমিৰ বমি। বিশ্বৰ আটাইতকৈ দামী বস্তু বোৰৰ ভিতৰৰে অন্যতম এই তিমিৰ বমি চোৰাংকৈ বিক্ৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিছে উত্তৰ প্ৰদেশৰ তিনি জন লোক।  তিমিৰ বমিক  আম্বাৰগ্ৰিছ বুলি কোৱা হয়। এই বমি অতি মূল্যৱান। দৰৱ প্ৰস্তুতকে ধৰি সুগন্ধি আৰু আন বহু সামগ্ৰী প্ৰস্তুতত তিমিৰ বমি ব্যৱহাৰ কৰা হয়। 

অতি সুগন্ধিযুক্ত তিমিৰ বমি সহজে পোৱাটো কঠিন । সেয়ে বজাৰত ইয়াৰ দামো বেছি। বৈজ্ঞানিক ভাষাত তিমিৰ  বমিক আম্বাৰগ্ৰিছ বুলি কোৱা হয়। এয়া তিমিৰ  শৰীৰৰ পৰা বৰ্জনীয় পদাৰ্থ।আম্বাৰগ্ৰিছ এবিধ কঠিন আৰু দাহ্য পদাৰ্থ। তিমি সাধাৰণতে সাগৰৰ উপকূলৰ পৰা বহু দূৰত অৱস্থান কৰি থাকে বাবে ইয়াৰ দেহৰ পৰা এই পদাৰ্থ সাগৰৰ পাৰত অহালৈ বহু বছৰ লাগে। হয়,  আচৰিত যেন লাগিেও এয়া সংছা যে  দৈত্যাকাৰ তিমিৰ  এই মমসদৃশ বমিৰ  মূল্য আকাশচুম্বী। 


শেহতীয়াকৈ সাগৰৰ পাৰত উদ্ধাৰ কৰা তিমিৰ বমি  চোৰাং ব্যৱসায় বিক্ৰী কৰিবলৈ গৈ  উত্তৰ প্ৰদেশত তিনিজন চোৰাং ব্যৱসায়ী আৰক্ষীৰ জানত পৰিছে।। জানিব পৰা মতে লোক তিনিজনৰ হাতত   ৪.১২ কিলোগ্ৰাম তিমিৰ বমি আছিল। যাৰ মুঠ মূল্য আন্তৰ্জাতিক বজাৰত প্ৰায় ১০ কোটি টকা!

উত্তৰ প্ৰদেশ আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চে (এছটিএফ) ঘটনাটোৰ বিষয়ে  এনেদৰে টুইট কৰিছে। "আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নিষিদ্ধ বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত প্ৰায় ১০ কোটি টকা মূল্যৰ ৪.১২ কিলোগ্ৰাম আম্বাৰগ্ৰিছৰ সৈতে  চোৰাং ব্যৱসায়ৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তিমিৰ বমি প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ পৰা সুগন্ধিও তৈয়াৰ কৰা হয়। প্ৰাচীন চিকিৎসা পদ্ধতিতো  ই যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। গতিকে সৰ্বোপৰি, বজাৰত ইয়াৰ চাহিদা আছে।

উল্লেখ্য চলিত বৰ্ষৰ জুলাই মাহত কেৰালাত ২৮ কোটি টকাৰ আম্বাৰগ্ৰিছ উদ্ধাৰ হৈছিল। কেইজনমান মাছমৰীয়াই সাগৰত তিমিৰ বমি খিনি দেখি আৰক্ষীক খবৰ দিছিল আৰু আৰক্ষীয়ে সেয়া উদ্ধাৰ কৰিছিল। যোৱা বছৰ মুম্বাইৰ চোৰাং বজাৰত  প্ৰতি কিলোগ্ৰাম তিমিৰ বমিৰ দাম আছিল ১ কোটি টকা।









FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী