--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ পৰা পোহৰলৈ আহিছে এক হৃদয়স্পৰ্শী ঘটনা। য’ত ২০ বছৰীয়া এগৰাকী শিল্পীয়ে মঞ্চত নৃত্য কৰি থকাৰ অৱস্থাতে ত হাৰ্ট এটেক হৈ  থিতাতে মৃত্যু হয়। নৃত্য কৰি থাকোঁতে হাৰ্ট এটেক হোৱাৰ বহু ঘটনা আজিকালি প্ৰায়ে চৰ্চালৈ আহে। এইবাৰ জম্মু-কাশ্মীৰৰ বিশ্নাহৰ পৰা এক চাঞ্চল্যকৰ তথা হৃদয়বিদাৰক তথ্য পোহৰলৈ আহিছে। হয়, এগৰাকী ২০ বছৰীয়া শিল্পীয়ে গণেশ পূজাৰ অনুষ্ঠানত নৃত্য কৰি থকাৰ সময়তে তেওঁৰ হাৰ্ট এটেক হৈছিল আৰু  অজ্ঞান হৈ মঞ্চত পৰি যায়। ইয়াৰ পৰবৰ্তী সময়ত উপস্থিত থকা সকলো লোকৰ তত্বাৱধানত শিল্পীজনক তুলিবলৈ চেষ্টা কৰে। কিন্তু তেতিয়ালৈকে তেওঁ কৰুণ মৃত্যুক সাৱটি লয়।

তথ্য অনুসৰি এই গোচৰটো বিশ্নাহ অঞ্চলৰ কোঠে ছাইনিয়া গাঁৱৰ। গণেশ পূজাৰ সময়ত গাঁওখনত চলি আছিল জাগৰণ। জাগৰণক অধিক ভক্তিময় কৰি তুলিবলৈ তালৈ অহা শিল্পীসকলে বহুতো দেৱতাৰ উপস্থাপন আগবঢ়াইছিল। এনে এক পৰিবেশত মঞ্চত পাৰ্বতীৰ এটা চৰিত্ৰও অভিনয় কৰিছিল মৃত শিল্পীগৰাকীয়ে। এই নৃত্যৰ বিষয়বস্তু হিচাপে পাৰ্বতীয়ে প্ৰথমে নিজৰ নৃত্যৰ জৰিয়তে ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে আৰু ইয়াত ২০বছৰীয়া মৃত যোগেশ গুপ্তাই পাৰ্বতীৰ চৰিত্ৰত অভিনয় কৰি নৃত্য কৰিবলৈ আৰম্ভ কৰে।

যোগেশে শিৱক সন্তুষ্ট কৰিবলৈ মঞ্চত নাচি আছিল। এই সময়ত তেওঁৰ হাৰ্ট এটেক হৈছিল আৰু তেওঁ অজ্ঞান হৈ মঞ্চত পৰি যায়। এই সকলোবোৰ ইমানেই হঠাতে ঘটিল যে তাত উপস্থিত দৰ্শকে ইয়াক উপস্থাপনৰ অংশ হিচাপে বিবেচনা কৰি বহুত হাত চাপৰি বজাইছিল। কিন্তু যেতিয়া শিৱৰ চৰিত্ৰত অভিনয় কৰা ব্যক্তিজনে পাৰ্বতীৰ মূৰ্চ্ছা যোৱা দৃশ্যটো সমগ্ৰ চিত্ৰনাট্যত ক’তো নাই বুলি অনুভৱ কৰিলে। তেতিয়া তেওঁ শিৱৰ সাজ-পোছাক পৰিধান কৰি মঞ্চত উপনীত হ’ল আৰু মাতৃ পাৰ্বতীৰ চৰিত্ৰত অভিনয় কৰি থকা যোগেশ গুপ্তক তুলিবলৈ চেষ্টা কৰিলে।

তেতিয়াও তাত উপস্থিত থকা ৰাইজে বুজি নাপালে, তেতিয়া স্বয়ং শিৱৰ চৰিত্ৰত অভিনয় কৰা যুৱকজনে আয়োজকসকলক কয় যে এয়া কোনো কাৰ্য্য নহয়, তেওঁৰ হাৰ্ট এটেক হৈছে। সমগ্ৰ ঘটনাটো সকলোৱে অনুধাৱন  কৰালৈকে যোগেশ গুপ্তাৰ মৃত্যু হৈছিল। এজন সুস্থ শিল্পীৰ দৰে হাঁহি হাঁহি আৰু নাচি নাচি  এই পৃথিৱীখন এৰি থৈ যোৱা হৃদয়স্পৰ্শী ঘটনাই বৰ্তমান সকলোকে আৱেগিক কৰি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু