--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ পৰা পোহৰলৈ আহিছে এক হৃদয়স্পৰ্শী ঘটনা। য’ত ২০ বছৰীয়া এগৰাকী শিল্পীয়ে মঞ্চত নৃত্য কৰি থকাৰ অৱস্থাতে ত হাৰ্ট এটেক হৈ  থিতাতে মৃত্যু হয়। নৃত্য কৰি থাকোঁতে হাৰ্ট এটেক হোৱাৰ বহু ঘটনা আজিকালি প্ৰায়ে চৰ্চালৈ আহে। এইবাৰ জম্মু-কাশ্মীৰৰ বিশ্নাহৰ পৰা এক চাঞ্চল্যকৰ তথা হৃদয়বিদাৰক তথ্য পোহৰলৈ আহিছে। হয়, এগৰাকী ২০ বছৰীয়া শিল্পীয়ে গণেশ পূজাৰ অনুষ্ঠানত নৃত্য কৰি থকাৰ সময়তে তেওঁৰ হাৰ্ট এটেক হৈছিল আৰু  অজ্ঞান হৈ মঞ্চত পৰি যায়। ইয়াৰ পৰবৰ্তী সময়ত উপস্থিত থকা সকলো লোকৰ তত্বাৱধানত শিল্পীজনক তুলিবলৈ চেষ্টা কৰে। কিন্তু তেতিয়ালৈকে তেওঁ কৰুণ মৃত্যুক সাৱটি লয়

তথ্য অনুসৰি এই গোচৰটো বিশ্নাহ অঞ্চলৰ কোঠে ছাইনিয়া গাঁৱৰ। গণেশ পূজাৰ সময়ত গাঁওখনত চলি আছিল জাগৰণ। জাগৰণক অধিক ভক্তিময় কৰি তুলিবলৈ তালৈ অহা শিল্পীসকলে বহুতো দেৱতাৰ উপস্থাপন আগবঢ়াইছিল। এনে এক পৰিবেশত মঞ্চত পাৰ্বতীৰ এটা চৰিত্ৰও অভিনয় কৰিছিল মৃত শিল্পীগৰাকীয়ে। এই নৃত্যৰ বিষয়বস্তু হিচাপে পাৰ্বতীয়ে প্ৰথমে নিজৰ নৃত্যৰ জৰিয়তে ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে আৰু ইয়াত ২০বছৰীয়া মৃত যোগেশ গুপ্তাই পাৰ্বতীৰ চৰিত্ৰত অভিনয় কৰি নৃত্য কৰিবলৈ আৰম্ভ কৰে।

যোগেশে শিৱক সন্তুষ্ট কৰিবলৈ মঞ্চত নাচি আছিল। এই সময়ত তেওঁৰ হাৰ্ট এটেক হৈছিল আৰু তেওঁ অজ্ঞান হৈ মঞ্চত পৰি যায়। এই সকলোবোৰ ইমানেই হঠাতে ঘটিল যে তাত উপস্থিত দৰ্শকে ইয়াক উপস্থাপনৰ অংশ হিচাপে বিবেচনা কৰি বহুত হাত চাপৰি বজাইছিল। কিন্তু যেতিয়া শিৱৰ চৰিত্ৰত অভিনয় কৰা ব্যক্তিজনে পাৰ্বতীৰ মূৰ্চ্ছা যোৱা দৃশ্যটো সমগ্ৰ চিত্ৰনাট্যত ক’তো নাই বুলি অনুভৱ কৰিলে। তেতিয়া তেওঁ শিৱৰ সাজ-পোছাক পৰিধান কৰি মঞ্চত উপনীত হ’ল আৰু মাতৃ পাৰ্বতীৰ চৰিত্ৰত অভিনয় কৰি থকা যোগেশ গুপ্তক তুলিবলৈ চেষ্টা কৰিলে।

তেতিয়াও তাত উপস্থিত থকা ৰাইজে বুজি নাপালে, তেতিয়া স্বয়ং শিৱৰ চৰিত্ৰত অভিনয় কৰা যুৱকজনে আয়োজকসকলক কয় যে এয়া কোনো কাৰ্য্য নহয়, তেওঁৰ হাৰ্ট এটেক হৈছে। সমগ্ৰ ঘটনাটো সকলোৱে অনুধাৱন  কৰালৈকে যোগেশ গুপ্তাৰ মৃত্যু হৈছিল। এজন সুস্থ শিল্পীৰ দৰে হাঁহি হাঁহি আৰু নাচি নাচি  এই পৃথিৱীখন এৰি থৈ যোৱা হৃদয়স্পৰ্শী ঘটনাই বৰ্তমান সকলোকে আৱেগিক কৰি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement