--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ না জন্মদিন, না মৃত্যু তিথি, কোনো উপলক্ষ্য নোহোৱাকৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেটলৈ 'কৰ্তব্য পথ' উদ্বোধন কৰাৰ পিছত ইণ্ডিয়া গেটত সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। লক্ষ্যণীয় ভাবে এই অনুষ্ঠানত  সুভাষ বসুৰ  জীয়ৰী অনিতা বসু ফাফেই উপস্থিত নথকাৰেই সম্ভাৱনা বেছি। 

সাংবাদিকৰ আগত সুভাষ বসুৰ কন্যাই কয়  যে তেওঁ অনুষ্ঠানটোত উপস্থিত নাথাকে। উল্লেখ্য  ২৩ জানুৱাৰীত  সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তীত ইণ্ডিয়া গেটত তেওঁৰ হলোগ্ৰাম মূৰ্তি এটা উন্মোচন কৰা হৈছিল।মোদীয়ে ঘোষণা কৰিছিল যে সেই  একেঠাইতে ১৫ আগষ্টত  সুভাষ বসুৰ এটা প্ৰস্তৰ  মূৰ্তি স্থাপনকৰা হ’ব। কিন্তু শেষত সেয়া  হৈ নুঠিল। 

এই প্ৰসংগত সুভাষ বসুৰ কন্যা অনিতাই কয় যে তেওঁক ১৫ আগষ্টত বসুৰ মূৰ্তিটো উদ্বোধনৰ বাবে আগতীয়াকৈ আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু পিছত অনুষ্ঠানটো বাতিল কৰাৰ বিষয়ে তেওঁক অৱগত কৰা হোৱা নাছিল।তেওঁ লগতে কয়  "শেহতীয়াকৈ ২৯ আগষ্টত খবৰ পোৱা গৈছিল যে পুনৰ নিমন্ত্ৰণ আহিব পাৰে। ৩ ছেপ্টেম্বৰত সাংস্কৃতিক মন্ত্ৰালয়ে এখন আনুষ্ঠানিক আমন্ত্ৰণ মোলৈ পত্ৰ প্ৰেৰণ কৰে। এইবাৰো, মই আগৰ  অভিজ্ঞতাৰেই সন্মুখীন হ’ব পাৰো বুলি আশংকা কৰিছো। আজিলৈকে মই অনুষ্ঠানটোৰ  কোনো কাৰ্যসূচী পোৱা নাই – অৱশ্যে সময়ত একো নহ'বও পাৰে।  মই যিমান দূৰ জানো, প্ৰধানমন্ত্ৰী অতি কম সময়ৰ বাবে তাত উপস্থিত থাকিব । শ শ দৰ্শকৰ মাজত  বহিবলৈপাম বুলিও মই আশা কৰা নাই। "

উল্লেখ্য সুভাষ চন্দ্ৰ বসুৰ জন্মৰ ১২৫ বছৰ পিছত প্ৰতিমূৰ্তিটোৰ উন্মোচন  কৰা হ’ব। কিন্তু সুভাষ বসুৰ সৈতে আজিৰ এই দিনটোৰ কোনো বিশেষত্ব  নাই। কাৰণ আজি তেওঁৰ জন্মদিনো নহয়, মৃত্যু তিথিও নহয়।বসু পৰিয়ালৰ বহুসদস্যই বিষয়টোকলৈ সেয়ে ক্ষোভ প্ৰকাশ কৰিছে।  সূত্ৰ অনুসৰি জন্ম জয়ন্তী উদযাপনৰ বাবে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গঠন কৰা ৮৫ জনীয়া সমিতিৰ অন্যতম সদস্য আৰু যোৱা লোকসভা নিৰ্বাচনত দক্ষিণ কলকাতাৰ বিজেপি প্ৰাৰ্থী বসু পৰিয়ালৰ চন্দ্ৰ কুমাৰ বসুৱে এই সন্দৰ্ভত মোডীলৈ এখন পত্ৰ লিখিছে। 

পত্ৰ খনত তেওঁ লিখিছে "মই বুজি পাইছো যে চৰকাৰে নেতাজীক সন্মান জনাব বিচাৰে, কিন্তু গোটেই বিষয়টো অতি বিভ্ৰান্তিকৰ হৈ পৰিছে। আমি স্বীকাৰ কৰিব লাগিব যে সেইদিনা বহু কাৰ্যসূচী  আছে। নেতাজীৰ মূৰ্তি উন্মোচন সেইবোৰৰ মাজৰে মাত্ৰ এটা। তেওঁ লগতে কয়  ’’৮ ছেপ্টেম্বৰৰ দিনটো সম্পূৰ্ণৰূপে অপ্ৰত্যাশিত দিন। নেতাজীৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। আমি ২১ অক্টোবৰ (আজাদ হিন্দ গঠন) বা ২৩ জানুৱাৰী (সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী) আশা কৰিছিলোঁ। "

সুভাষ চন্দ্ৰ বসুৰ এই প্ৰতিমূৰ্তিটো প্ৰায় ১৩,৫০০ কোটিটকাীয়া কেন্দ্ৰীয় ভিষ্টা প্ৰকল্পৰ অংশ। এই প্ৰকল্পত এটা নতুন সংসদ ভৱন, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ নতুন বাসস্থান আৰু কাৰ্যালয়, মন্ত্ৰালয়ৰ নতুন গৃহ আদি অন্তৰ্ভুক্ত  কৰা হৈছে।  ভাস্কৰ্যশিল্পী অৰুণ যোগীৰাজৰ নেতৃত্বত শিল্পীৰ এটা দলে শিল কাটি সুভাষ চন্দ্ৰ বসুৰ  ৬৫ টন ওজনৰ  মূৰ্তিটো নিৰ্মাণ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী