--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটা বিশেষ ম’হ৷ ৰূপে-গুণে বিভূষিত এই ম’হটো সাধাৰণভাৱে চৰি ফুৰা ম’হৰ দৰে নহয়৷ বিহাৰৰ ৰাজধানী পাটনাত আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ম’হটো৷ ম’হটোৰ দাম ১০ কোটি টকা৷ হয় প্ৰিয় পঢ়ুৱৈ, আপুনি আচৰিত হ’লেও এয়াই সত্য৷ এই ১০ কোটিটকীয়া মূল্যৰ ম’হটোৱে এতিয়া খলকনি তুলিছে পাটনাত৷

পাটনাৰ পশু চিকিৎসা ক্ষেত্ৰত চলি আছে ‘বিহাৰ ডেইৰী এণ্ড কেটেল এক্সপো’৷ এই এক্সপোলৈকেই অনা হৈছে ১০ কোটি টকাৰ এটা ম’হ৷ এই ম’হটো চাবলৈ এতিয়া সোঁত বৈছে জনতাৰ৷ তথ্য অনুসৰি, ভোলু নামৰ এই ম’হটো হাৰিয়ানাৰ পৰা অনা হৈছে। এই ম’হটো মুৰাহ প্ৰজাতিৰ। ম’হটোৰ গৰাকীয়ে কৈছে যে ম’হটোৰ মূল্য দহ কোটি টকালৈকে নিৰ্ধাৰণ কৰা হৈছে। অকল ইমানেই নহয় ম’হটোৰ গৰাকী নৰেন্দ্ৰ সিঙে ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰীও লাভ কৰিছে। ম’হটোৰ বিশেষত্ব এয়াই যে ম’হটো প্ৰজননৰ বাবে ব্যৱহাৰ কৰা হয়। 

গৰাকী নৰেন্দ্ৰ সিঙে কৈছিল যে তেওঁ প্ৰতিদিনে ম’হটোক সাধাৰণ পশুখাদ্য খুৱায়। প্ৰতি মাহে খৰচ হয় প্ৰায় ৫০ৰ পৰা ৬০ হাজাৰ টকা।

ইয়াৰ পূৰ্বে মিৰাটৰ চৰ্দাৰ বল্লভভাই পেটেল কৃষি বিশ্ববিদ্যালয়ত তিনিদিনীয়া সৰ্বভাৰতীয় কিষাণ মেলাত ম’হটোক নিয়া হৈছিল। মিৰাট কিষাণ মেলাত ম’হটোৰ উচ্চতা দেখি সকলোৱে আচৰিত হৈছিল। ভোলুৱে প্ৰতিদিনে ৩০ কিলোগ্ৰাম শুকান সেউজীয়া পশুখাদ্য, ৭ কিলোগ্ৰাম ঘেঁহু ভক্ষণ কৰে৷ ম’হটো ক্ৰয় কৰিবলৈ এতিয়া গ্ৰাহকে হেতা-ওপৰা লগাইছে যদিও নৰেন্দ্ৰ সিঙে বিক্ৰী কৰিবলৈ আগ্ৰহী নহয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement