--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটা বিশেষ ম’হ৷ ৰূপে-গুণে বিভূষিত এই ম’হটো সাধাৰণভাৱে চৰি ফুৰা ম’হৰ দৰে নহয়৷ বিহাৰৰ ৰাজধানী পাটনাত আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ম’হটো৷ ম’হটোৰ দাম ১০ কোটি টকা৷ হয় প্ৰিয় পঢ়ুৱৈ, আপুনি আচৰিত হ’লেও এয়াই সত্য৷ এই ১০ কোটিটকীয়া মূল্যৰ ম’হটোৱে এতিয়া খলকনি তুলিছে পাটনাত৷

পাটনাৰ পশু চিকিৎসা ক্ষেত্ৰত চলি আছে ‘বিহাৰ ডেইৰী এণ্ড কেটেল এক্সপো’৷ এই এক্সপোলৈকেই অনা হৈছে ১০ কোটি টকাৰ এটা ম’হ৷ এই ম’হটো চাবলৈ এতিয়া সোঁত বৈছে জনতাৰ৷ তথ্য অনুসৰি, ভোলু নামৰ এই ম’হটো হাৰিয়ানাৰ পৰা অনা হৈছে। এই ম’হটো মুৰাহ প্ৰজাতিৰ। ম’হটোৰ গৰাকীয়ে কৈছে যে ম’হটোৰ মূল্য দহ কোটি টকালৈকে নিৰ্ধাৰণ কৰা হৈছে। অকল ইমানেই নহয় ম’হটোৰ গৰাকী নৰেন্দ্ৰ সিঙে ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰীও লাভ কৰিছে। ম’হটোৰ বিশেষত্ব এয়াই যে ম’হটো প্ৰজননৰ বাবে ব্যৱহাৰ কৰা হয়। 

গৰাকী নৰেন্দ্ৰ সিঙে কৈছিল যে তেওঁ প্ৰতিদিনে ম’হটোক সাধাৰণ পশুখাদ্য খুৱায়। প্ৰতি মাহে খৰচ হয় প্ৰায় ৫০ৰ পৰা ৬০ হাজাৰ টকা।

ইয়াৰ পূৰ্বে মিৰাটৰ চৰ্দাৰ বল্লভভাই পেটেল কৃষি বিশ্ববিদ্যালয়ত তিনিদিনীয়া সৰ্বভাৰতীয় কিষাণ মেলাত ম’হটোক নিয়া হৈছিল। মিৰাট কিষাণ মেলাত ম’হটোৰ উচ্চতা দেখি সকলোৱে আচৰিত হৈছিল। ভোলুৱে প্ৰতিদিনে ৩০ কিলোগ্ৰাম শুকান সেউজীয়া পশুখাদ্য, ৭ কিলোগ্ৰাম ঘেঁহু ভক্ষণ কৰে৷ ম’হটো ক্ৰয় কৰিবলৈ এতিয়া গ্ৰাহকে হেতা-ওপৰা লগাইছে যদিও নৰেন্দ্ৰ সিঙে বিক্ৰী কৰিবলৈ আগ্ৰহী নহয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক