--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আৰু এমাহ৷ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰীত অযোধ্যাত উদ্বোধন কৰিব ৰাম মন্দিৰ৷ ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ পৰিছে৷ চলিছে ব্যাপক প্ৰচাৰো৷ 

শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে এই কাৰ্যসূচীত অধিকসংখ্যক লোকক অন্তৰ্ভুক্ত কৰি উদ্বোধনী অনুষ্ঠানক এক বৃহৎ কাৰ্যসূচী হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে। কিন্তু ইয়াৰ লগে লগে ৰাম মন্দিৰৰ নামত চলি থকা এটা বৃহৎ প্ৰবঞ্চনাও পোহৰলৈ আহিছে।

একাংশ দুষ্ট প্ৰকৃতিৰ লোকে ৰাম মন্দিৰ নিৰ্মাণৰ নামত পত্ৰিকা ছপা কৰি সংগ্ৰহ কৰিছে অনুদান। ভুৱা ৰচিদ বহী ছপা কৰি অনুদান সংগ্ৰহৰ বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশ্ব হিন্দু পৰিষদে৷ বিশ্ব হিন্দু পৰিষদে কৈছে যে ৰামমন্দিৰ নিৰ্মাণৰ নামত কোনো অনুদান লোৱা হোৱা নাই। এয়া সম্পূৰ্ণ প্ৰবঞ্চনা আৰু জনতা ইয়াৰ পৰা সাৱধান হোৱা উচিত। যদি কোনো ব্যক্তিয়ে ৰাম মন্দিৰ নিৰ্মাণৰ নামত অনুদান সংগ্ৰহ কৰি আছে, তেন্তে আৰক্ষীক অৱগত কৰিব। বজৰং দলৰ কৰ্মকৰ্তাসকলে বিষয়টো ভিএইচপি নেতাসকলৰ দৃষ্টিগোচৰ কৰে, যাৰ ফলত সংগঠনটোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

বিশ্ব হিন্দু পৰিষদৰ শীৰ্ষ কৰ্মকৰ্তা মিলিন্দ পাৰাণ্ডেয়ে শুকুৰবাৰে এক প্ৰেছ বিবৃতিত কয় যে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ বাবে কোনো পৃথক সমিতি গঠন কৰা হোৱা নাই। আনকি কোনো সমিতিক অভিষেক কাৰ্যসূচীৰ বাবে পুঁজি সংগ্ৰহৰ দায়িত্বও দিয়া হোৱা নাই। তেওঁ কৈছে যে সমাজে এনেধৰণৰ যিকোনো প্ৰবঞ্চনাৰ বিৰুদ্ধে সতৰ্ক হোৱা উচিত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক