--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ঘৰতে বহি উপাৰ্জনৰ পথ প্ৰশস্ত কৰিবলৈ সকলোৱে বিচাৰে৷ এতিয়া ঘৰতে বহি আপুনি হ'ব পাৰে লাখপতি৷ শুনিলে হয়টো আপোনাৰো উঠিব পাৰে হাঁহি৷ কিন্তু আমি আজি দিব বিচাৰিছো এনে এক খবৰ যিটো শুনিলে হ'ব আপুনি পৰে লাখপতি৷ আমাৰ বহুতৰে লগত আছে ৫, ১০ পইচাৰৰ মুদ্ৰা। যদি আপুনি এই সকলো ভাৰতীয় মুদ্ৰা বিক্ৰী কৰে, আপুনি হৈ উঠিব লাখপতি। কিন্তু ইয়াৰ বাবে আপুনি ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰী কৰা নিৰ্দিষ্ট চৰ্তসমূহ পূৰণ কৰিব লাগিব।

খবৰ অনুসৰি, পুৰণি মুদ্ৰা আৰু নোটসমূহ বহুতো ৱেৱছাইটত নিলাম হৈ আছে৷ আপুনি এই মুদ্ৰাবোৰ অনলাইনত বিক্ৰী কৰি ১০ লাখ টকালৈকে উপাৰ্জন কৰিব পাৰে বুলিও জানিবলৈ পোৱা গৈছে। নোট আৰু এই সকলোবোৰ মুদ্ৰা বিক্ৰী কৰাৰ বাবে আপুনি ৱেবছাইটসমূহত দৃষ্টি নিক্ষেপ কৰাটো বাঞ্চনীয়।

বৈষ্ণো দেৱীৰ ছবি থকা ৫ বা ১০ পইচাৰ মুদ্ৰাত পূৰ্বতে লেনদলেনৰ বাবে ব্যৱহাৰ কৰিছল৷ বৰ্তমান সময়ত অচল হৈ পৰিছে এই মুদ্ৰাসমূহ৷ এতিয়া এই অচল মুদ্ৰাসমূহ বিক্ৰী কৰি বৃহৎ পৰিমাণৰ ধন অৰ্জন কৰিব পাৰিব। উল্লেখ্য যে, এই মুদ্ৰাবোৰৰ ওপৰত ২০০২ চনত নিৰ্দেশনা জাৰী কৰা হৈছিল৷ শেহতীয়াকৈ ই-কমাৰ্চ ছাইটবোৰে এই মুদ্ৰাসমুহৰ ওপৰত চাহিদা দেখিবলৈ পোৱা গৈছে। কুইকাৰ বা অ'এলএক্সত দৰে প্লেটফৰ্মত এই মুদ্ৰাসমূহ বিক্ৰী কৰিবলৈ বিজ্ঞাপনো জাৰি কৰিছিল।

পুৰণি নোট আৰু মুদ্ৰা কেনেদৰে বিক্ৰী কৰিব লাগে জানো আহঁক-

আপুনি বিক্ৰী কৰিব বিচৰা মুদ্ৰাৰ এখন ফটো উঠাওক। তাৰপাছত কুইকাৰ বা অ'এলএক্সত আপলোড কৰক। তাত কোম্পানীটোৱে আপোনাৰ বিজ্ঞাপনটো প্ৰদৰ্শন কৰিব। পুৰণি নোট আৰু মুদ্ৰা ক্ৰয় কৰিব বিচৰা আগ্ৰহী লোকসকলে বিজ্ঞাপনটো মুকলি হোৱাৰ লগে লগে আপোনাৰ সৈতে যোগাযোগ কৰিব।
তেতিয়া আপুনি কোম্পানীটোৰ সৈতে এক চুক্তিত প্ৰৱেশ কৰিব পাৰে আৰু সিদ্ধান্ত ল'ব পাৰে।

অৱশ্যে, এই বছৰৰ আগষ্টমাহত, ভাৰতীয় ৰিজাৰ্ভ বেংকে অনলাইনত পুৰণি নোট আৰু মুদ্ৰা বিক্ৰী আৰু ক্ৰয় কৰাৰ বিষয়ে এক সতৰ্কবাণী বাণীও জাৰি কৰিছিল।

কেন্দ্ৰীয় বেংকেৰ মতে, ভাৰতীয় ৰিজাৰ্ভ বেংকে এনে বিষয়ত লেনদেন নকৰে আৰু কেতিয়াও কোনো মাচুল বা কমিছন ইয়াৰ বাবে বিচৰাও নাছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকে কোনো প্ৰতিষ্ঠান বা ব্যক্তি আদিক অনুমোদন জনোৱা নাই বুলিও কেন্দ্ৰীয় বেংকে অৱগত কৰায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?