--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত স্বৰ্ণজয়ৰ সপোন পূৰণ নহ’ল মল্লযোদ্ধা ভিনেশ ফোগাটৰ। ভাৰতৰ তাৰকা মল্লযোদ্ধা ভিনেশ ফোগাটক ওজন অধিক হোৱা বাবে অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে। 

স্বৰ্ণপদকৰ পৰা মাত্ৰ অলপ দূৰত আছিল ভিনেশ ফোগাট। কিন্তু তাৰ পূৰ্বে হল স্বপ্নভংগ। ৫০ কেজি শাখাত স্বৰ্ণ পদকৰ বাবে যুঁজৰ পূৰ্বে ওজন বেছি হোৱা বাবে তেওঁক অযোগ্য ঘোষণা কৰা হয়। ভিনেশ ফোগাটে মঙলবাৰে পেৰিছ অলিম্পিক প্ৰি-কোৱাৰ্টাৰ আৰু কোৱাৰ্টাৰ ফাইনেলত জিকি মহিলাৰ ৫০ কিলোগ্ৰাম ফ্ৰীষ্টাইলত ছেমি ফাইনেলত স্থান দখল কৰিছিল। ছেমিত কিউবাৰ খেলুৱৈক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছিল ভিনেশ।

ভিনেশ ফোগাটৰ ওজন নিৰ্ধাৰিত জোখতকৈ ৫০ৰ পৰা ১০০ গ্ৰাম অধিক আছিল। ভিনেশ ফোগাটে প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ অলিম্পিক চেম্পিয়ন মল্লযোদ্ধা উই ছুছাকীৰ বিৰুদ্ধে ৩-২ ব্যৱধানত জয়লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ ইউক্ৰেইনৰ ওকছানা লিভাচৰ বিৰুদ্ধো কোৱাৰ্টাৰ ফাইনেলত ৭-৫ৰ ব্যৱধানত জয়লাভ কৰি ছেমিত প্ৰৱেশ কৰিছিল।

এইবাৰ ভিনেশৰ জৰিয়তে দেশে স্বৰ্ণপদক আশা কৰিছিল, কিন্তু তাৰ পূৰ্বে ভিনেশৰ অযোগ্য ঘোষণা কৰাৰ খবৰে কোটি কোটি ভাৰতীয়ক দুখী কৰি তোলে। অযোগ্য ঘোষিত হোৱাৰ পিছত এতিয়া ভিনেশ ফোগাটে পদক লাভ কৰাৰ সম্ভাৱনা নাই।

ভাৰতীয় দলৰ ফালৰ পৰা গোটেই নিশা চেষ্টা কৰা হৈছিল বৰ্ধিত ওজন কমোৱাৰ বাবে। কিন্তু আজি পুৱা ৫০ কেজিতকৈ কিছু ওজন বেছি হয় তেওঁৰ। 

উল্লেখ্য যে ভিনেশে ওজন কমাবলৈ সকলো কাম কৰিছিল যিটো সাধাৰণ মানুহে ভাবিবও নোৱাৰে। মঙলবাৰে নিশা ৫০ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰা ভিনেশ ফ’গাটৰ ওজন নিৰ্ধাৰিত সীমাৰ ওপৰত থকা বুলি ধৰা পৰে আৰু ইয়াৰ পিছত তেওঁক প্ৰতিযোগিতাৰ পৰা অযোগ্য ঘোষণা কৰা হয়।

ছেমি ফাইনেলত জয়লাভ কৰি ভিনেশ ফ’গাটে জিৰণি লোৱা নাছিল। তেওঁ অতিৰিক্ত ওজন কমাবলৈ বহুত চেষ্টা কৰিলে। ভিনেশ ফ’গাটে ওজন কমোৱাৰ বাবে চাইকেল চলাইছিল, তেওঁ স্কিপিং কৰিছিল। কেৱল এয়াই নহয় তেওঁ চুলি আৰু নখ কাটিছিল। ডাঙৰ কথাটো হ’ল ভিনেশ নিজৰ দেহৰ তেজো উলিয়াই দিছিল। ইয়াৰ পিছতো খেলুৱৈগৰাকীয়ে ১০০ গ্ৰাম ওজনৰ বাবে অলিম্পিকৰ পৰা বাহিৰ হ’বলগীয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ