--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত স্বৰ্ণজয়ৰ সপোন পূৰণ নহ’ল মল্লযোদ্ধা ভিনেশ ফোগাটৰ। ভাৰতৰ তাৰকা মল্লযোদ্ধা ভিনেশ ফোগাটক ওজন অধিক হোৱা বাবে অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে। 

স্বৰ্ণপদকৰ পৰা মাত্ৰ অলপ দূৰত আছিল ভিনেশ ফোগাট। কিন্তু তাৰ পূৰ্বে হল স্বপ্নভংগ। ৫০ কেজি শাখাত স্বৰ্ণ পদকৰ বাবে যুঁজৰ পূৰ্বে ওজন বেছি হোৱা বাবে তেওঁক অযোগ্য ঘোষণা কৰা হয়। ভিনেশ ফোগাটে মঙলবাৰে পেৰিছ অলিম্পিক প্ৰি-কোৱাৰ্টাৰ আৰু কোৱাৰ্টাৰ ফাইনেলত জিকি মহিলাৰ ৫০ কিলোগ্ৰাম ফ্ৰীষ্টাইলত ছেমি ফাইনেলত স্থান দখল কৰিছিল। ছেমিত কিউবাৰ খেলুৱৈক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছিল ভিনেশ।

ভিনেশ ফোগাটৰ ওজন নিৰ্ধাৰিত জোখতকৈ ৫০ৰ পৰা ১০০ গ্ৰাম অধিক আছিল। ভিনেশ ফোগাটে প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ অলিম্পিক চেম্পিয়ন মল্লযোদ্ধা উই ছুছাকীৰ বিৰুদ্ধে ৩-২ ব্যৱধানত জয়লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ ইউক্ৰেইনৰ ওকছানা লিভাচৰ বিৰুদ্ধো কোৱাৰ্টাৰ ফাইনেলত ৭-৫ৰ ব্যৱধানত জয়লাভ কৰি ছেমিত প্ৰৱেশ কৰিছিল।

এইবাৰ ভিনেশৰ জৰিয়তে দেশে স্বৰ্ণপদক আশা কৰিছিল, কিন্তু তাৰ পূৰ্বে ভিনেশৰ অযোগ্য ঘোষণা কৰাৰ খবৰে কোটি কোটি ভাৰতীয়ক দুখী কৰি তোলে। অযোগ্য ঘোষিত হোৱাৰ পিছত এতিয়া ভিনেশ ফোগাটে পদক লাভ কৰাৰ সম্ভাৱনা নাই।

ভাৰতীয় দলৰ ফালৰ পৰা গোটেই নিশা চেষ্টা কৰা হৈছিল বৰ্ধিত ওজন কমোৱাৰ বাবে। কিন্তু আজি পুৱা ৫০ কেজিতকৈ কিছু ওজন বেছি হয় তেওঁৰ। 

উল্লেখ্য যে ভিনেশে ওজন কমাবলৈ সকলো কাম কৰিছিল যিটো সাধাৰণ মানুহে ভাবিবও নোৱাৰে। মঙলবাৰে নিশা ৫০ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰা ভিনেশ ফ’গাটৰ ওজন নিৰ্ধাৰিত সীমাৰ ওপৰত থকা বুলি ধৰা পৰে আৰু ইয়াৰ পিছত তেওঁক প্ৰতিযোগিতাৰ পৰা অযোগ্য ঘোষণা কৰা হয়।

ছেমি ফাইনেলত জয়লাভ কৰি ভিনেশ ফ’গাটে জিৰণি লোৱা নাছিল। তেওঁ অতিৰিক্ত ওজন কমাবলৈ বহুত চেষ্টা কৰিলে। ভিনেশ ফ’গাটে ওজন কমোৱাৰ বাবে চাইকেল চলাইছিল, তেওঁ স্কিপিং কৰিছিল। কেৱল এয়াই নহয় তেওঁ চুলি আৰু নখ কাটিছিল। ডাঙৰ কথাটো হ’ল ভিনেশ নিজৰ দেহৰ তেজো উলিয়াই দিছিল। ইয়াৰ পিছতো খেলুৱৈগৰাকীয়ে ১০০ গ্ৰাম ওজনৰ বাবে অলিম্পিকৰ পৰা বাহিৰ হ’বলগীয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু