--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দী চলচ্চিত্ৰৰ প্ৰবীণ তথা জনপ্ৰিয় অভিনেতা জিতেন্দ্ৰ এটা সময়ত বহু দৰিদ্ৰ আছিল। তেওঁ সৰুৰে পৰা আৰ্থিকভাৱে যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল। এটা মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা জিতেন্দ্ৰই জীৱনৰ বহু ঘাত-প্ৰতিঘাত পাৰ কৰি আহি এজন সফল মানুহ হিচাপে পৰিগণিত হৈছে। বহুতো হিট ছবি উপহাৰ দিয়া জিতেন্দ্ৰই মাহে মাত্ৰ ১০০ টকাত তেওঁৰ প্ৰথমখন ছবি স্বাক্ষৰ কৰিছিল আৰু আশ্চৰ্যজনকভাৱে তেওঁ সময়মতে সেই টকাও পোৱা নাছিল। জিতেন্দ্ৰই আৰম্ভণিৰে পৰা যথেষ্ট সংগ্ৰাম কৰিছে আৰু কঠোৰ পৰিশ্ৰম কৰিছে। জিতেন্দ্ৰই চলচ্চিত্ৰ জগতত কেৰিয়াৰ গঢ়িবলৈ মন স্থিৰ কৰিছিল, যদিও হিন্দী চিনেমাত কেৰিয়াৰ গঢ়াটো বৰ কঠিন। জিতেন্দ্ৰৰ পিতৃৰ চলচ্চিত্ৰ জগতৰ সৈতে জড়িত লোকসকলৰ সৈতে কিছু পৰিচয় আছিল। তেওঁ চলচ্চিত্ৰত প্ৰয়োজন হোৱা গহনা যোগান ধৰিছিল। জিতেন্দ্ৰই চলচ্চিত্ৰ নিৰ্মাতা ভি শান্তাৰামৰ ওচৰলৈ কাম বিচাৰি গৈছিল। জিতেন্দ্ৰই তেওঁৰ পৰা কাম বিচাৰিছিল যদিও তেওঁ ভি শান্তাৰামৰ পৰা একো কাম নাপালে। কিন্তু কেইদিনমানৰ পাছত ভি শান্তাৰামে নিজেই জিতেন্দ্ৰক ফোন কৰি মাতিলে। ভি শান্তাৰামে এখন ছবি নিৰ্মাণৰ কাম হাতত লয়। ছবিখনৰ নাম আছিল চেহৰা। ছবিখন ১৯৬৩ চনত মুক্তি দিয়া হৈছিল। জিতেন্দ্ৰক কোৱা হৈছিল যে তেওঁ প্ৰতিদিনে চিনেমাখনৰ ছেটলৈ আহিব লাগিব, যিদিনা কোনো কনিষ্ঠ শিল্পী নাহে, তেওঁক নিযুক্তি দিয়া হ'ব। ইয়াৰ বাবে তেওঁক মাহে ১০৫ টকাকৈ দিয়া হব বুলি কৈছিল। খুব কম লোকেহে জানে যে জিতেন্দ্ৰৰ প্ৰকৃত নাম আছিল ৰবি কাপুৰ। কিন্তু ভি শান্তাৰামে তেওঁৰ নাম জিতেন্দ্ৰলৈ সলনি কৰিলে। জিতেন্দ্ৰই 'চেহৰা' বোলছবিখনৰ পৰা লাভান্বিত হোৱা নাছিল কিন্তু ভি শান্তাৰামে তেওঁৰ পৰৱৰ্তী ছবি 'গীত গায়া পাত্থৰ' নে'ৰ বাবে জিতেন্দ্ৰক মুখ্য অভিনেতা হিচাপে বাছনি কৰে। অৱশ্যে, তেওঁৰ মাননি হ্ৰাস কৰা হৈছিল। শান্তাৰামে জিতেন্দ্ৰক প্ৰতি মাহে ১০০ টকাত স্বাক্ষৰ কৰিছিল। কিন্তু ৬ মাহ ধৰি তেওঁ কোনো ধন পোৱা নাছিল। ইয়াৰ পিছত নানা সংগ্ৰাম কৰি কৰি জিতেন্দ্ৰই একাধিক হিট হিন্দী চিনেমাত কাম কৰে। বলীউডত তেওঁ অন্যতম জনপ্ৰিয় অভিনেতা হিচাপে নিজৰ নাম জিলিকাই তোলে। জিতেন্দ্ৰই ১৯৭৪ চনত শোভা কাপুৰক বিয়া কৰাইছিল। তেওঁলোকৰ দুটা সন্তান আছে, পুত্ৰ তুষাৰ আৰু কন্যা একতা কাপুৰ। ৮০ ৰ দশকৰ বিখ্যাত বলীউড অভিনেতা জিতেন্দ্ৰ বৰ্তমান মুঠ ১৫০০ কোটিতকৈও অধিক সম্পত্তিৰ মালিক। আৰু পঢ়কঃ শৱযাত্ৰা দেখাৰ সময়ত কৰক এই কাম; মনৰ সকলো আশা হ’ব পূৰণ

FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই