--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দী চলচ্চিত্ৰৰ প্ৰবীণ তথা জনপ্ৰিয় অভিনেতা জিতেন্দ্ৰ এটা সময়ত বহু দৰিদ্ৰ আছিল। তেওঁ সৰুৰে পৰা আৰ্থিকভাৱে যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল। এটা মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা জিতেন্দ্ৰই জীৱনৰ বহু ঘাত-প্ৰতিঘাত পাৰ কৰি আহি এজন সফল মানুহ হিচাপে পৰিগণিত হৈছে। বহুতো হিট ছবি উপহাৰ দিয়া জিতেন্দ্ৰই মাহে মাত্ৰ ১০০ টকাত তেওঁৰ প্ৰথমখন ছবি স্বাক্ষৰ কৰিছিল আৰু আশ্চৰ্যজনকভাৱে তেওঁ সময়মতে সেই টকাও পোৱা নাছিল। জিতেন্দ্ৰই আৰম্ভণিৰে পৰা যথেষ্ট সংগ্ৰাম কৰিছে আৰু কঠোৰ পৰিশ্ৰম কৰিছে। জিতেন্দ্ৰই চলচ্চিত্ৰ জগতত কেৰিয়াৰ গঢ়িবলৈ মন স্থিৰ কৰিছিল, যদিও হিন্দী চিনেমাত কেৰিয়াৰ গঢ়াটো বৰ কঠিন। জিতেন্দ্ৰৰ পিতৃৰ চলচ্চিত্ৰ জগতৰ সৈতে জড়িত লোকসকলৰ সৈতে কিছু পৰিচয় আছিল। তেওঁ চলচ্চিত্ৰত প্ৰয়োজন হোৱা গহনা যোগান ধৰিছিল। জিতেন্দ্ৰই চলচ্চিত্ৰ নিৰ্মাতা ভি শান্তাৰামৰ ওচৰলৈ কাম বিচাৰি গৈছিল। জিতেন্দ্ৰই তেওঁৰ পৰা কাম বিচাৰিছিল যদিও তেওঁ ভি শান্তাৰামৰ পৰা একো কাম নাপালে। কিন্তু কেইদিনমানৰ পাছত ভি শান্তাৰামে নিজেই জিতেন্দ্ৰক ফোন কৰি মাতিলে। ভি শান্তাৰামে এখন ছবি নিৰ্মাণৰ কাম হাতত লয়। ছবিখনৰ নাম আছিল চেহৰা। ছবিখন ১৯৬৩ চনত মুক্তি দিয়া হৈছিল। জিতেন্দ্ৰক কোৱা হৈছিল যে তেওঁ প্ৰতিদিনে চিনেমাখনৰ ছেটলৈ আহিব লাগিব, যিদিনা কোনো কনিষ্ঠ শিল্পী নাহে, তেওঁক নিযুক্তি দিয়া হ'ব। ইয়াৰ বাবে তেওঁক মাহে ১০৫ টকাকৈ দিয়া হব বুলি কৈছিল। খুব কম লোকেহে জানে যে জিতেন্দ্ৰৰ প্ৰকৃত নাম আছিল ৰবি কাপুৰ। কিন্তু ভি শান্তাৰামে তেওঁৰ নাম জিতেন্দ্ৰলৈ সলনি কৰিলে। জিতেন্দ্ৰই 'চেহৰা' বোলছবিখনৰ পৰা লাভান্বিত হোৱা নাছিল কিন্তু ভি শান্তাৰামে তেওঁৰ পৰৱৰ্তী ছবি 'গীত গায়া পাত্থৰ' নে'ৰ বাবে জিতেন্দ্ৰক মুখ্য অভিনেতা হিচাপে বাছনি কৰে। অৱশ্যে, তেওঁৰ মাননি হ্ৰাস কৰা হৈছিল। শান্তাৰামে জিতেন্দ্ৰক প্ৰতি মাহে ১০০ টকাত স্বাক্ষৰ কৰিছিল। কিন্তু ৬ মাহ ধৰি তেওঁ কোনো ধন পোৱা নাছিল। ইয়াৰ পিছত নানা সংগ্ৰাম কৰি কৰি জিতেন্দ্ৰই একাধিক হিট হিন্দী চিনেমাত কাম কৰে। বলীউডত তেওঁ অন্যতম জনপ্ৰিয় অভিনেতা হিচাপে নিজৰ নাম জিলিকাই তোলে। জিতেন্দ্ৰই ১৯৭৪ চনত শোভা কাপুৰক বিয়া কৰাইছিল। তেওঁলোকৰ দুটা সন্তান আছে, পুত্ৰ তুষাৰ আৰু কন্যা একতা কাপুৰ। ৮০ ৰ দশকৰ বিখ্যাত বলীউড অভিনেতা জিতেন্দ্ৰ বৰ্তমান মুঠ ১৫০০ কোটিতকৈও অধিক সম্পত্তিৰ মালিক। আৰু পঢ়কঃ শৱযাত্ৰা দেখাৰ সময়ত কৰক এই কাম; মনৰ সকলো আশা হ’ব পূৰণ

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ