--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃৰ বাবে কন্যা অতি মৰমৰ হয়। নিজে নাখাইও কন্যাক আটোলটোলকৈ ডাঙৰ কৰিব বিচাৰে প্ৰায় প্ৰতিজন পিতৃয়ে। এইখিনিতে বলীউডৰ প্ৰবীণ অভিনেতা শত্ৰুঘ্ন সিনহাৰ এক খবৰ পোহৰলৈ আহিছে। খবৰটো শত্ৰুঘ্ন সিনহাৰ কন্যা সোণাক্ষীৰ সৈতে সম্পৰ্কিত। শত্ৰুঘ্ন সিনহাৰ কন্যা হোৱাৰ উপৰিও সোণাক্ষী সিনহাৰ আছে নিজা পৰিচয়। বলীউডত তেওঁ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অতি কম সময়ৰ ভিতৰতে সোণাক্ষী সিনহাই দৰ্শকৰ মৰম বুটিলবলৈ সক্ষম হয়৷ শেহতীয়াকৈ সোণাক্ষী সিনহাৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে৷ শত্ৰুঘ্ন সিনহাই তেওঁৰ কন্যা সোণাক্ষীক লৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য দিছে৷ এই কথা জনাৰ পিছত সোণাক্ষী একেবাৰে সুখী নাই বুলি অহুকাণে-পহুকাণে খবৰ ওলাইছে৷শত্ৰুঘ্ন সিনহাই শেহতীয়াকৈ ঘোষণা কৰে যে তেওঁৰ সম্পত্তিৰ পৰা এক অনাও নাপায় সোণাক্ষীয়ে। সম্পত্তিৰ ভাগ কন্যাক নিদিওঁ বুলি ঘোষণা কৰিছে শত্ৰুঘ্ন সিনহাই। ইয়াৰ কাৰণ হিচাপত তেওঁ কয় যে সোণাক্ষী সিনহা নিজেই আত্মনিৰ্ভৰশীল। তেওঁৰ ইতিমধ্যে কোটি কোটি টকাৰ সম্পত্তি আছে৷ সেয়েহে তেওঁ তেওঁৰ যমজ পুত্ৰ লৱ আৰু কুশৰ মাজত তেওঁৰ সম্পত্তি ভাগ-বতৰা কৰিব বিচাৰে৷ এই কথাত শত্ৰুঘ্ন সিনহাক বহুতে সমালোচনা কৰাৰ লগতে বহুতে সমৰ্থন জনাইছে। শত্ৰুঘ্ন সিনহাই কন্যা সোণাক্ষীক সম্পত্তি নিদিয়াৰ কাৰণ তেনেকৈ ক'লেও বহু লোকে ক'ব বিচাৰে যে এয়া প্ৰকৃত সত্য নহয়। সোণাক্ষীয়ে প্ৰেমিক জাহিৰ ইকবালৰ সৈতে বিয়াত বহাৰ সিদ্ধান্ত লোৱা বাবেহে খং উঠিছে শত্ৰুঘ্ন সিনহাৰ। সেই খঙৰ কোবত পৰিয়েই কন্যাক সম্পত্তিৰ ভাগ দিয়াৰ পৰা বাদ দিব বিচাৰিছে অভিনেতাগৰাকীয়ে। আৰু পঢ়কঃ ১০০ টকাৰ কাৰণে খাইছিল হাবাথুৰি, বৰ্তমান ১৫০০ কোটিতকৈও অধিক সম্পত্তিৰ মালিক জিতেন্দ্ৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু