--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃৰ বাবে কন্যা অতি মৰমৰ হয়। নিজে নাখাইও কন্যাক আটোলটোলকৈ ডাঙৰ কৰিব বিচাৰে প্ৰায় প্ৰতিজন পিতৃয়ে। এইখিনিতে বলীউডৰ প্ৰবীণ অভিনেতা শত্ৰুঘ্ন সিনহাৰ এক খবৰ পোহৰলৈ আহিছে। খবৰটো শত্ৰুঘ্ন সিনহাৰ কন্যা সোণাক্ষীৰ সৈতে সম্পৰ্কিত। শত্ৰুঘ্ন সিনহাৰ কন্যা হোৱাৰ উপৰিও সোণাক্ষী সিনহাৰ আছে নিজা পৰিচয়। বলীউডত তেওঁ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অতি কম সময়ৰ ভিতৰতে সোণাক্ষী সিনহাই দৰ্শকৰ মৰম বুটিলবলৈ সক্ষম হয়৷ শেহতীয়াকৈ সোণাক্ষী সিনহাৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে৷ শত্ৰুঘ্ন সিনহাই তেওঁৰ কন্যা সোণাক্ষীক লৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য দিছে৷ এই কথা জনাৰ পিছত সোণাক্ষী একেবাৰে সুখী নাই বুলি অহুকাণে-পহুকাণে খবৰ ওলাইছে৷শত্ৰুঘ্ন সিনহাই শেহতীয়াকৈ ঘোষণা কৰে যে তেওঁৰ সম্পত্তিৰ পৰা এক অনাও নাপায় সোণাক্ষীয়ে। সম্পত্তিৰ ভাগ কন্যাক নিদিওঁ বুলি ঘোষণা কৰিছে শত্ৰুঘ্ন সিনহাই। ইয়াৰ কাৰণ হিচাপত তেওঁ কয় যে সোণাক্ষী সিনহা নিজেই আত্মনিৰ্ভৰশীল। তেওঁৰ ইতিমধ্যে কোটি কোটি টকাৰ সম্পত্তি আছে৷ সেয়েহে তেওঁ তেওঁৰ যমজ পুত্ৰ লৱ আৰু কুশৰ মাজত তেওঁৰ সম্পত্তি ভাগ-বতৰা কৰিব বিচাৰে৷ এই কথাত শত্ৰুঘ্ন সিনহাক বহুতে সমালোচনা কৰাৰ লগতে বহুতে সমৰ্থন জনাইছে। শত্ৰুঘ্ন সিনহাই কন্যা সোণাক্ষীক সম্পত্তি নিদিয়াৰ কাৰণ তেনেকৈ ক'লেও বহু লোকে ক'ব বিচাৰে যে এয়া প্ৰকৃত সত্য নহয়। সোণাক্ষীয়ে প্ৰেমিক জাহিৰ ইকবালৰ সৈতে বিয়াত বহাৰ সিদ্ধান্ত লোৱা বাবেহে খং উঠিছে শত্ৰুঘ্ন সিনহাৰ। সেই খঙৰ কোবত পৰিয়েই কন্যাক সম্পত্তিৰ ভাগ দিয়াৰ পৰা বাদ দিব বিচাৰিছে অভিনেতাগৰাকীয়ে। আৰু পঢ়কঃ ১০০ টকাৰ কাৰণে খাইছিল হাবাথুৰি, বৰ্তমান ১৫০০ কোটিতকৈও অধিক সম্পত্তিৰ মালিক জিতেন্দ্ৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ