--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত পুনৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে কেটৰিনা কাঈফ। তেওঁৰ কেৰিয়াৰৰ আৰম্ভণি কিদৰে হৈছিল তাকে লৈ এতিয়া আলোচনা হৈছে বলীউড এৰিনাত। শেহতীয়াকৈ কেটৰিনাই কেৰিয়াৰৰ প্ৰথম চুমাটো কাক দিছিল তাকে লৈ হৈছে আলোচনা। কেটৰিনা কাঈফে ৰূপালী পৰ্দাত বলীউডৰ খলনায়ক চৰিত্ৰৰ অভিনেতা গুলছন গ্ৰোভাৰক প্ৰথম চুমাটো খাইছিল হেনো। অৱশ্যে, এই কথাৰ সত্যাসত্যতা স্বীকাৰ কৰা নাই অভিনেত্ৰীগৰাকীয়ে। নিসন্দেহে কেটৰিনা এতিয়া বলীউডৰ এগৰাকী প্ৰথম শ্ৰেণীৰ অভিনেত্ৰী। কিন্তু বলীউডত কেটৰিনাই দ্বিতীয় শ্ৰেণীৰ চলচ্চিত্ৰত অভিনয়েৰে আত্মপ্ৰকাশ কৰিছিল। ছবিখনৰ নাম আছিল 'বুম'। ২০০৩চনত মুক্তিপোৱা ছবিখনত এগৰাকী ম’ডেলৰ চৰিত্ৰত অভিনয় কৰিছিল কেটৰিনাই। ছবিখনত তেওঁৰ সহ-অভিনেতাসকল আছিল গুলছন গ্ৰোভাৰ, অমিতাভ বচ্চন, জেকী শ্ৰ’ফ, পদ্ম লক্ষ্মী আৰু জিনাত আমান। ছবিখনত নৱাগত কেটৰিনাৰে গুলছনৰ সৈতে অন্তৰংগ মুহূৰ্তৰ এটা দৃশ্য আছিল। য'ত কেটৰিনা আৰু গুলছনে ইজনে সিজনক চুম্বন কৰাৰ কথা। দৃশ্যটোৱে সেই সময়ত বলীউডত আলোড়নৰ সৃষ্টি কৰিছিল। ইউ টিউবতো ব্যাপকভাৱে জনপ্ৰিয় হৈ পৰিছিল এই ভিডিঅ'টো। ব্যক্তিগতভাৱে কেটৰিনা-গুলছনে দৃশ্যটোৰ ৰিহাৰ্ছেল কৰিছিল বুলিও তেতিয়া বিভিন্ন বাতৰি কাকত প্ৰকাশ পাইছিল। এটা ল’কাৰ ৰূমত দুঘণ্টা ধৰি হেনো চলিছিল কেটৰিনা-গুলছনৰ ৰিহাৰ্ছেল।অৱশ্যে, পৰৱৰ্তী সময়ত দৃশ্যটো 'বুম' ছবিখনৰ পৰা বাদ দিয়া হৈছিল। কেটৰিনাৰ প্ৰাক্তন প্ৰেমিক অভিনেতা ছলমান খানে ছবিখনৰ পৰা এই দৃশ্যটো প্ৰত্যাহাৰ কৰিবলৈ তাগিদা দিয়া বুলিও হৈছিল চৰ্চা। কেটৰিনাই কেতিয়াও এই ছবিখনৰ চুম্বনৰ দৃশ্যটোক লৈ বা ৰিহাৰ্ছেলৰ বিষয়ে ৰাজহুৱাকৈ মন্তব্য কৰা নাই। এই বিষয়টোক লৈ প্ৰশ্ন কৰা হৈছিল তেতিয়াই তেওঁ বিষয়টো এৰাই চলিছিল। কেটৰিনাই মনে মনে থাকিলেও গুলছন গ্ৰোভাৰে কিন্তু সকলো কথা মুকলিকৈ প্ৰকাশ কৰিছে। এটা সাক্ষাৎকাৰত গুলছনে কয়, ‘মই বহুবছৰ বলীউডত কাম কৰিছো। মই জানো ইয়াত আপুনি নিজৰ কথা যিমানেই লুকুৱাবলৈ চেষ্টা কৰে সিমানে চৰ্চা হয়। এইক্ষেত্ৰতো তেনেকোৱাই হৈছে।’ বিতৰ্কিত চুম্বনৰ দৃশ্যটোৰ বিষয়ে কথা পাতিবলৈ কেটৰিনা কিয় অনিচ্ছুক বুলি সোধাত গুলছনে কয়, ‘যদি এজন অভিনেতা বা অভিনেত্ৰীয়ে এবাৰ কিবা এটা কৰিছে। আৰু সেই দৃশ্য যদি কেমেৰাত বন্দী কৰা হয়। তেন্তে আপুনি ইয়াক লুকুৱাবলৈ চেষ্টা কৰিলেও লুকুৱাব নোৱাৰে।’ গুলছনে লগতে কয়, ‘বহুসময়ত নায়িকাসকলে তেওঁলোকৰ কেৰিয়াৰৰ আৰম্ভণিৰ পৰা ছবিৰ আঁৰৰ কথাবোৰ লুকুৱাবলৈ চেষ্টা কৰে। কিন্তু কোনো নায়িকাই এই প্ৰচেষ্টাত সফল হোৱা নাই আজিলৈকে।’ সেয়েহে চুম্বনৰ দৃশ্যটো অস্বীকাৰ কৰিলেও মানুহে ইয়াক কেতিয়াও পাহৰিব নোৱাৰে বুলি গুলছনৰ দৃঢ় বিশ্বাস। ‘বুম’ ছবিত কেটৰিনাৰ সৈতে তেওঁৰ অন্তৰংগ মুহূৰ্তৰ দৃশ্যৰ ৰিহাৰ্ছেল কৰাৰ সময়ত কি হৈছিল সেইবিষয়েও প্ৰশ্ন কৰা হৈছিল অভিনেতাজনক। গুলছনে কয়, ‘বাতৰি কাকতত প্ৰকাশিত কথাবোৰ অতিৰঞ্জিত আছিল। আমি আমাৰ অন্তৰংগ দৃশ্যৰ অনুশীলনৰ উপৰি ছবিৰ সংলাপৰো ৰিহাৰ্ছেল কৰিছিলো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু