--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত পুনৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে কেটৰিনা কাঈফ। তেওঁৰ কেৰিয়াৰৰ আৰম্ভণি কিদৰে হৈছিল তাকে লৈ এতিয়া আলোচনা হৈছে বলীউড এৰিনাত। শেহতীয়াকৈ কেটৰিনাই কেৰিয়াৰৰ প্ৰথম চুমাটো কাক দিছিল তাকে লৈ হৈছে আলোচনা। কেটৰিনা কাঈফে ৰূপালী পৰ্দাত বলীউডৰ খলনায়ক চৰিত্ৰৰ অভিনেতা গুলছন গ্ৰোভাৰক প্ৰথম চুমাটো খাইছিল হেনো। অৱশ্যে, এই কথাৰ সত্যাসত্যতা স্বীকাৰ কৰা নাই অভিনেত্ৰীগৰাকীয়ে। নিসন্দেহে কেটৰিনা এতিয়া বলীউডৰ এগৰাকী প্ৰথম শ্ৰেণীৰ অভিনেত্ৰী। কিন্তু বলীউডত কেটৰিনাই দ্বিতীয় শ্ৰেণীৰ চলচ্চিত্ৰত অভিনয়েৰে আত্মপ্ৰকাশ কৰিছিল। ছবিখনৰ নাম আছিল 'বুম'। ২০০৩চনত মুক্তিপোৱা ছবিখনত এগৰাকী ম’ডেলৰ চৰিত্ৰত অভিনয় কৰিছিল কেটৰিনাই। ছবিখনত তেওঁৰ সহ-অভিনেতাসকল আছিল গুলছন গ্ৰোভাৰ, অমিতাভ বচ্চন, জেকী শ্ৰ’ফ, পদ্ম লক্ষ্মী আৰু জিনাত আমান। ছবিখনত নৱাগত কেটৰিনাৰে গুলছনৰ সৈতে অন্তৰংগ মুহূৰ্তৰ এটা দৃশ্য আছিল। য'ত কেটৰিনা আৰু গুলছনে ইজনে সিজনক চুম্বন কৰাৰ কথা। দৃশ্যটোৱে সেই সময়ত বলীউডত আলোড়নৰ সৃষ্টি কৰিছিল। ইউ টিউবতো ব্যাপকভাৱে জনপ্ৰিয় হৈ পৰিছিল এই ভিডিঅ'টো। ব্যক্তিগতভাৱে কেটৰিনা-গুলছনে দৃশ্যটোৰ ৰিহাৰ্ছেল কৰিছিল বুলিও তেতিয়া বিভিন্ন বাতৰি কাকত প্ৰকাশ পাইছিল। এটা ল’কাৰ ৰূমত দুঘণ্টা ধৰি হেনো চলিছিল কেটৰিনা-গুলছনৰ ৰিহাৰ্ছেল।অৱশ্যে, পৰৱৰ্তী সময়ত দৃশ্যটো 'বুম' ছবিখনৰ পৰা বাদ দিয়া হৈছিল। কেটৰিনাৰ প্ৰাক্তন প্ৰেমিক অভিনেতা ছলমান খানে ছবিখনৰ পৰা এই দৃশ্যটো প্ৰত্যাহাৰ কৰিবলৈ তাগিদা দিয়া বুলিও হৈছিল চৰ্চা। কেটৰিনাই কেতিয়াও এই ছবিখনৰ চুম্বনৰ দৃশ্যটোক লৈ বা ৰিহাৰ্ছেলৰ বিষয়ে ৰাজহুৱাকৈ মন্তব্য কৰা নাই। এই বিষয়টোক লৈ প্ৰশ্ন কৰা হৈছিল তেতিয়াই তেওঁ বিষয়টো এৰাই চলিছিল। কেটৰিনাই মনে মনে থাকিলেও গুলছন গ্ৰোভাৰে কিন্তু সকলো কথা মুকলিকৈ প্ৰকাশ কৰিছে। এটা সাক্ষাৎকাৰত গুলছনে কয়, ‘মই বহুবছৰ বলীউডত কাম কৰিছো। মই জানো ইয়াত আপুনি নিজৰ কথা যিমানেই লুকুৱাবলৈ চেষ্টা কৰে সিমানে চৰ্চা হয়। এইক্ষেত্ৰতো তেনেকোৱাই হৈছে।’ বিতৰ্কিত চুম্বনৰ দৃশ্যটোৰ বিষয়ে কথা পাতিবলৈ কেটৰিনা কিয় অনিচ্ছুক বুলি সোধাত গুলছনে কয়, ‘যদি এজন অভিনেতা বা অভিনেত্ৰীয়ে এবাৰ কিবা এটা কৰিছে। আৰু সেই দৃশ্য যদি কেমেৰাত বন্দী কৰা হয়। তেন্তে আপুনি ইয়াক লুকুৱাবলৈ চেষ্টা কৰিলেও লুকুৱাব নোৱাৰে।’ গুলছনে লগতে কয়, ‘বহুসময়ত নায়িকাসকলে তেওঁলোকৰ কেৰিয়াৰৰ আৰম্ভণিৰ পৰা ছবিৰ আঁৰৰ কথাবোৰ লুকুৱাবলৈ চেষ্টা কৰে। কিন্তু কোনো নায়িকাই এই প্ৰচেষ্টাত সফল হোৱা নাই আজিলৈকে।’ সেয়েহে চুম্বনৰ দৃশ্যটো অস্বীকাৰ কৰিলেও মানুহে ইয়াক কেতিয়াও পাহৰিব নোৱাৰে বুলি গুলছনৰ দৃঢ় বিশ্বাস। ‘বুম’ ছবিত কেটৰিনাৰ সৈতে তেওঁৰ অন্তৰংগ মুহূৰ্তৰ দৃশ্যৰ ৰিহাৰ্ছেল কৰাৰ সময়ত কি হৈছিল সেইবিষয়েও প্ৰশ্ন কৰা হৈছিল অভিনেতাজনক। গুলছনে কয়, ‘বাতৰি কাকতত প্ৰকাশিত কথাবোৰ অতিৰঞ্জিত আছিল। আমি আমাৰ অন্তৰংগ দৃশ্যৰ অনুশীলনৰ উপৰি ছবিৰ সংলাপৰো ৰিহাৰ্ছেল কৰিছিলো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
বিজেপিৰে একত্ৰীকৰণ আপৰ পদত্যাগী ৭ সাংসদক
’২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
আমেৰিকা-ইৰানৰ যুদ্ধক লৈ ৰাষ্ট্ৰসংঘৰ আশংকা; দাৰিদ্র্য সীমাৰেখাৰ তললৈ যাব বিশ্বৰ ৩ কোটি লোক
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ