--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
যোৱা কালি কাৰ্যকাল অন্ত পৰিল ভাৰতৰ ৪৮ তম মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ। তেওঁৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে আজি শপত গ্ৰহণ কৰিলে  ন্যায়াধীশ ইউ ইউ ললিতে। তেওঁ হ’ব দেশৰ ৪৯ তম মুখ্য ন্যায়াধীশ।উদয় উমেশ ললিতৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু উপস্থিত থাকে। লগতে উপস্থিত থাকে উদয় উমেশ ললিতৰ  পৰিয়ালৰ তিনিটা প্ৰজন্ম। অৱশ্যে , নৱ নিযুক্ত মুখ্য ন্যায়াধীশজনৰ পৰিয়ালটোৰ বাবে আদালত-কাছাৰী বা ওকালতি একো নতুন কথা নহয়।  আপুনি শুনি আচৰিত হ’ব যে,মুখ্য ন্যায়াধীশ জনৰ  পৰিয়ালটোৰ সদস্য  ১০২ বছৰ ধৰি ওকালতিৰ বৃত্তিত জড়িত হৈ আছে।

ন্যায়াধীশ উদয় উমেশ ললিতৰ ককাদেউতাকে  মহাৰাষ্ট্ৰৰ চোলাপুৰ জিলাত ওকালতিৰ অনুশীলন কৰিছিল। তেওঁৰ দেউতাক উমেশ ৰংনাথ ললিতো  এজন প্ৰখ্যাত অধিবক্তা আছিল যি বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। ন্যায়াধীশ উদয় উমেশ ললিতৰ পত্নী অমিতা ললিত এগৰাকী শিক্ষয়ত্ৰী ৷ তেওঁ  নয়ডাৰ  এখন শিশু বিদ্যালয়ৰ সৈতে জড়িত৷ 

এনে এটা পৰিয়ালৰ  উত্তৰাধিকাৰীয়ে ইউ ইউ ললিতৰ এই সফলতা আছিল বহু কষ্ট আৰু এটা দীঘলীয়া যাত্ৰাৰ ফল৷  ১৯৮০ ৰ দশকত প্ৰথমবাৰৰ বাবে তেওঁ দিল্লীলৈ আহিছিল৷  আনকি  তেওঁ বাস কৰিছিল  ময়ূৰ বিহাৰৰ দুটা কোঠালীৰ ফ্লেটত ।

অপৰাধমূলক গোচৰ সমূহৰ বাবে  বিশেষ খ্যাতি আছে  ইউ ইউ ললিতৰ ৷  আৰু নিজৰ প্ৰতিভাৰ বলত কম সময়ৰ ভিতৰতে তেওঁ উচ্চতম ন্যায়ালয়ত এজন মনোনীত জ্যেষ্ঠ অধিবক্তা হিচাপে পৰিগণিত হয়।

তেওঁ সমাধান কৰা  হাইপ্ৰফাইল গোচৰবোৰৰ ভিতৰত এটা আছিল ২জি স্পেকট্ৰাম আৱণ্টনৰ গোচৰ৷ এই গোচৰটোৰ বাবে  আদালতে তেওঁক বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিযুক্তি দিছিল।  

২০১৪ চনত তেওঁ এজন উকীলৰ পৰা পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পাইছিল । ওকালিৰ লগত জড়িত হোৱাৰে পৰা এইজন ব্যক্তিয়ে ভাৰতৰ ন্যায়িক ব্যৱস্থাটো দৃঢ় কৰি ৰখাত যথেষ্ট অৰিহণা আগবঢ়াইছে৷ মুখ্য ন্যায়াধীশ হিচাপেও তেওঁ সফলতাৰে নিজৰ দ্বায়িত্ব পালন কৰিব বুলি সকলোৰে দৃঢ় বিশ্বাস আছে৷
অৱশ্যে তেওঁৰ কাৰ্যকাল অতি কম হ'ব৷  মাত্ৰ ৭৪ দিনহে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব ন্যায়াধীশ উদয় উমেশ ললিতে৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু