--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
যোৱা কালি কাৰ্যকাল অন্ত পৰিল ভাৰতৰ ৪৮ তম মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ। তেওঁৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে আজি শপত গ্ৰহণ কৰিলে  ন্যায়াধীশ ইউ ইউ ললিতে। তেওঁ হ’ব দেশৰ ৪৯ তম মুখ্য ন্যায়াধীশ।উদয় উমেশ ললিতৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু উপস্থিত থাকে। লগতে উপস্থিত থাকে উদয় উমেশ ললিতৰ  পৰিয়ালৰ তিনিটা প্ৰজন্ম। অৱশ্যে , নৱ নিযুক্ত মুখ্য ন্যায়াধীশজনৰ পৰিয়ালটোৰ বাবে আদালত-কাছাৰী বা ওকালতি একো নতুন কথা নহয়।  আপুনি শুনি আচৰিত হ’ব যে,মুখ্য ন্যায়াধীশ জনৰ  পৰিয়ালটোৰ সদস্য  ১০২ বছৰ ধৰি ওকালতিৰ বৃত্তিত জড়িত হৈ আছে।

ন্যায়াধীশ উদয় উমেশ ললিতৰ ককাদেউতাকে  মহাৰাষ্ট্ৰৰ চোলাপুৰ জিলাত ওকালতিৰ অনুশীলন কৰিছিল। তেওঁৰ দেউতাক উমেশ ৰংনাথ ললিতো  এজন প্ৰখ্যাত অধিবক্তা আছিল যি বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। ন্যায়াধীশ উদয় উমেশ ললিতৰ পত্নী অমিতা ললিত এগৰাকী শিক্ষয়ত্ৰী ৷ তেওঁ  নয়ডাৰ  এখন শিশু বিদ্যালয়ৰ সৈতে জড়িত৷ 

এনে এটা পৰিয়ালৰ  উত্তৰাধিকাৰীয়ে ইউ ইউ ললিতৰ এই সফলতা আছিল বহু কষ্ট আৰু এটা দীঘলীয়া যাত্ৰাৰ ফল৷  ১৯৮০ ৰ দশকত প্ৰথমবাৰৰ বাবে তেওঁ দিল্লীলৈ আহিছিল৷  আনকি  তেওঁ বাস কৰিছিল  ময়ূৰ বিহাৰৰ দুটা কোঠালীৰ ফ্লেটত ।

অপৰাধমূলক গোচৰ সমূহৰ বাবে  বিশেষ খ্যাতি আছে  ইউ ইউ ললিতৰ ৷  আৰু নিজৰ প্ৰতিভাৰ বলত কম সময়ৰ ভিতৰতে তেওঁ উচ্চতম ন্যায়ালয়ত এজন মনোনীত জ্যেষ্ঠ অধিবক্তা হিচাপে পৰিগণিত হয়।

তেওঁ সমাধান কৰা  হাইপ্ৰফাইল গোচৰবোৰৰ ভিতৰত এটা আছিল ২জি স্পেকট্ৰাম আৱণ্টনৰ গোচৰ৷ এই গোচৰটোৰ বাবে  আদালতে তেওঁক বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিযুক্তি দিছিল।  

২০১৪ চনত তেওঁ এজন উকীলৰ পৰা পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পাইছিল । ওকালিৰ লগত জড়িত হোৱাৰে পৰা এইজন ব্যক্তিয়ে ভাৰতৰ ন্যায়িক ব্যৱস্থাটো দৃঢ় কৰি ৰখাত যথেষ্ট অৰিহণা আগবঢ়াইছে৷ মুখ্য ন্যায়াধীশ হিচাপেও তেওঁ সফলতাৰে নিজৰ দ্বায়িত্ব পালন কৰিব বুলি সকলোৰে দৃঢ় বিশ্বাস আছে৷
অৱশ্যে তেওঁৰ কাৰ্যকাল অতি কম হ'ব৷  মাত্ৰ ৭৪ দিনহে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব ন্যায়াধীশ উদয় উমেশ ললিতে৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement