--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপাক সন্ত্ৰাসবাদীয়ে অস্থিৰ কৰি ৰখা কাশ্মীৰত গ্ৰেপ্তাৰ হৈছে তিনিজনকৈ সন্ত্ৰাসবাদী।শুকুৰবাৰে সন্ধিয়া ২২ ৰাষ্ট্ৰীয় ৰাইফলছ, চিআৰপিএফৰ ১৭৯ বেটেলিয়ন আৰু ছপোৰ আৰক্ষীৰ এটা যুটীয়া দলে বোমাচাই চকত তিনিজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে জম্মু-কাশ্মীৰ আৰক্ষীয়ে শুকুৰবাৰে কাশ্মীৰৰ ছপোৰৰ পৰা তিনিজন লস্কৰ-ই-তৈবা (এল ই টি) উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে  বোম্বাই চকত তালাচীৰ সময়ত তিনিজন সন্দেহযুক্ত লোকক যুটীয়া বাহিনীৰ জোৱানসকলে গোৰিপুৰাৰ পৰা বোম্বাই অভিমুখে অহা দেখা পায়। তেওঁলোকক ৰ'বলৈ কোৱা হৈছিল যদিও তিনিও জনেই পলাবলৈ চেষ্টা কৰে। 

সুৰক্ষা বাহিনীয়ে খেদি গৈ তিনিজন লোককে আটক কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ পৰা তিনিটা হেণ্ড গ্ৰেনেড, নখন পোষ্টাৰ  আৰু ১২ খন পাকিস্তানী পতাকা উদ্ধাৰ কৰা হৈছে। 

প্ৰাৰম্ভিক অনুসন্ধানৰ সময়ত, আৰক্ষীয়ে জানিব পাৰিছে যে গ্ৰেপ্তাৰ কৰা তিনিজন লস্কৰ সন্ত্ৰাসবাদী। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি তেওঁলোকে কাশ্মীৰত প্ৰব্ৰজনকাৰী শ্ৰমিক, অসামৰিক লোক আৰু সুৰক্ষা বাহিনীক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। আৰক্ষীয়ে এই বিষয়ত অধিক তদন্ত আৰম্ভ কৰিছে।জম্মু-কাশ্মীৰ আৰক্ষীয়ে এক বিবৃতিত কয় যে গ্ৰেপ্তাৰ কৰা তিনিজন সন্ত্ৰাসবাদীৰ  নাম হৈছে ক্ৰমে  শৰিক আশ্ৰাফ, চাকলাইন মুস্তাক আৰু তৌফিক হাছান শ্বেখ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু