--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপাক সন্ত্ৰাসবাদীয়ে অস্থিৰ কৰি ৰখা কাশ্মীৰত গ্ৰেপ্তাৰ হৈছে তিনিজনকৈ সন্ত্ৰাসবাদী।শুকুৰবাৰে সন্ধিয়া ২২ ৰাষ্ট্ৰীয় ৰাইফলছ, চিআৰপিএফৰ ১৭৯ বেটেলিয়ন আৰু ছপোৰ আৰক্ষীৰ এটা যুটীয়া দলে বোমাচাই চকত তিনিজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে জম্মু-কাশ্মীৰ আৰক্ষীয়ে শুকুৰবাৰে কাশ্মীৰৰ ছপোৰৰ পৰা তিনিজন লস্কৰ-ই-তৈবা (এল ই টি) উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে  বোম্বাই চকত তালাচীৰ সময়ত তিনিজন সন্দেহযুক্ত লোকক যুটীয়া বাহিনীৰ জোৱানসকলে গোৰিপুৰাৰ পৰা বোম্বাই অভিমুখে অহা দেখা পায়। তেওঁলোকক ৰ'বলৈ কোৱা হৈছিল যদিও তিনিও জনেই পলাবলৈ চেষ্টা কৰে। 

সুৰক্ষা বাহিনীয়ে খেদি গৈ তিনিজন লোককে আটক কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ পৰা তিনিটা হেণ্ড গ্ৰেনেড, নখন পোষ্টাৰ  আৰু ১২ খন পাকিস্তানী পতাকা উদ্ধাৰ কৰা হৈছে। 

প্ৰাৰম্ভিক অনুসন্ধানৰ সময়ত, আৰক্ষীয়ে জানিব পাৰিছে যে গ্ৰেপ্তাৰ কৰা তিনিজন লস্কৰ সন্ত্ৰাসবাদী। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি তেওঁলোকে কাশ্মীৰত প্ৰব্ৰজনকাৰী শ্ৰমিক, অসামৰিক লোক আৰু সুৰক্ষা বাহিনীক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। আৰক্ষীয়ে এই বিষয়ত অধিক তদন্ত আৰম্ভ কৰিছে।জম্মু-কাশ্মীৰ আৰক্ষীয়ে এক বিবৃতিত কয় যে গ্ৰেপ্তাৰ কৰা তিনিজন সন্ত্ৰাসবাদীৰ  নাম হৈছে ক্ৰমে  শৰিক আশ্ৰাফ, চাকলাইন মুস্তাক আৰু তৌফিক হাছান শ্বেখ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ