--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশৰ ৰাজনৈতিক দলসমূহ এতিয়া কেৱল ধন কেন্দ্ৰিক হৈ পৰিছে। ৰাজনীতিত এতিয়া যেন ধন অবিহনে সকলো মিছা।  শেহতীয়াকৈ এছ'চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ৰাষ্ট্ৰীয়  দলসমূহে ২০০৪-০৫ আৰু ২০২০-২১ বৰ্ষৰ ভিতৰত অজ্ঞাত উৎসৰ পৰা ১৫,০৭৭.৯৭ কোটি টকাৰো অধিক ধন সংগ্ৰহ কৰিছে। 

প্ৰতিবেদন খনত প্ৰকাশ পোৱা মতে ২০২০-২১ বৰ্ষৰ বাবে অজ্ঞাত উৎসৰ পৰা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহৰ মুঠ উপাৰ্জন হৈছে ৬৯০.৬৭ কোটি টকা।

এনেদৰে অজ্ঞাত উৎসৰ পৰা ধন লাভ কৰা দলবোৰৰ ভিতৰত  আছে ভাৰতীয় জনতা পাৰ্টি (বিজেপি), ভাৰতীয় জাতীয় কংগ্ৰেছ (আইএনচি), অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ (এআইটিচি), কমিউনিটি পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী) (চিপিএম), নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এনচিপি), বহুজন সমাজ পাৰ্টি (বিএছপি), কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (চিপিআই) আৰু নেচনেল পিপলছ পাৰ্টি (এনপিইপি)।

আঞ্চলিক দলবোৰৰ ভিতৰত আছে  আপ, অগপ, এআইএডিএমকে, এআইএফবি, এআইআইএফএম, এআইইউডিএফ, বিজেডি, চিপিআই(এমএল)(এল),ডিএমডিকে, জিএফপি, জেডিএছ, জেডিইউ, জেএমএম, কেচি-এমএম, এনডিপিপি, এনপিএফ, পিএমকে, আৰএলডি, এছডিএফ, এছডিএফ, শিৱসেনা, এছকেএম, টিআৰএছ-ৱাইএছ কংগ্ৰেছ আৰু টিডিপিএছ কংগ্ৰেছ।

দলসমূহৰ আয়কৰ ৰিটাৰ্ণ (আইটিআৰ) আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ (ইচিআই) ওচৰত দাখিল কৰা তথ্যৰ  আধাৰত কৰা বিশ্লেষণত দেখা গৈছে যে ২০০৪-০৫ বিত্তীয় বৰ্ষৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষৰ ভিতৰত ৰাষ্ট্ৰীয় দলসমূহে অজ্ঞাত উৎসৰ পৰা ১৫,০৭৭.৯৭ কোটি টকা সংগ্ৰহ কৰিছে।

"২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে, আঠটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে অজ্ঞাত উৎসৰ পৰা ৪২৬.৭৪ কোটি টকা  লাভ কৰিছে আৰু ২৭ টা আঞ্চলিক দলে অজ্ঞাত উৎসৰ পৰা ২৬৩.৯২৮ কোটি টকা লাভ কৰিছে," প্ৰতিবেদন খনত  কোৱা হৈছে।

২০২০-২১ বিত্তীয় বৰ্ষত, কংগ্ৰেছে অজ্ঞাত উৎসৰ পৰা ১৭৮.৭৮২ কোটি টকা লাভ কৰাৰ  হিচাপ ঘোষণা কৰিছিল । এই ধনৰ পৰিমাণ  হৈছে অজ্ঞাত উৎসৰ পৰা ৰাষ্ট্ৰীয় দলসমূহৰ মুঠ উপাৰ্জনৰ ৪১.৮৯ শতাংশ (৪২৬.৭৪২ কোটি টকা)" ।

বিজেপিয়ে ১০০.৫০২ কোটি টকা অজ্ঞাত উৎসৰ পৰা লাভ কৰাৰ কথা  ঘোষণা কৰিছিল । যিটো অজ্ঞাত উৎসৰ পৰা ৰাষ্ট্ৰীয় দলসমূহে লাভ কৰা  মুঠ  ধনৰ  ২৩.৫৫ শতাংশ।

অজ্ঞাত উৎসৰ পৰা ধন লাভ কৰাৰ ক্ষেত্ৰত শীৰ্ষ পাঁচটা আঞ্চলিক দল হৈছে ৯৬.২৫০৭ কোটি টকাৰ সৈতে ৱাইএছআৰ-কংগ্ৰেছ, ৮০.০২ কোটি টকাৰ সৈতে ডিএমকে, ৬৭ কোটি টকাৰ সৈতে বিজেডি, ৫.৭৭৩ কোটি টকাৰ সৈতে এমএনএছ আৰু ৫.৪ কোটি টকাৰ সৈতে আপ।

এডিআৰৰ প্ৰতিবেদনত লগতে কোৱা হৈছে  যে ২০০৪-০৫ বিত্তীয় বৰ্ষৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষৰ ভিতৰত কুপন বিক্ৰীৰ পৰা কংগ্ৰেছ আৰু এনচিপিৰ সম্মিলিত উপাৰ্জন হৈছে ৪,২৬১.৮৩ কোটি টকা।







FOLLOW US F
POPULAR
FEATURE
TRENDY
টিংখাঙত পথ দুৰ্ঘটনাত এজন নিহত
মৈৰাবাৰী আৰক্ষীৰ জালত দুটাকৈ গভাইত চোৰ ; মটৰ চাইকেল উদ্বাৰ
ইৰান-ইজৰাইলৰ সংঘৰ্ষৰ সময়ত আত্মগোপন ; যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত খামেনেই
৭৪% ভাৰতীয়‌ই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত সুখী
পাকিস্তানত ২৫ বছৰীয়া অভিযান সামৰিলে মাইক্ৰ'ছফটে
অগণন গুণমুগ্ধৰ উপস্থিতিত দালাই লামাৰ ৯০ সংখ্যক জন্মদিন উদযাপন
এই ৩টা বস্তু মগজুৰ বাবে ছুপাৰফুড; দৈনিক খালে বৃদ্ধ বয়সলৈকে স্মৃতিশক্তি চোকা হৈ থাকিব
নগাঁৱৰ কেইবাখনো হোটেলত উদ্ধাৰ গো-মাংস
ঘৰত মাখিৰ উপদ্ৰৱ, এইসমূহ ঘৰুৱা উপায়েৰে দূৰ কৰক মাখিৰ সমস্যা
SAARCৰ বিকল্প গঠন কৰিব ৩ ৰাষ্ট্ৰই
ছয় কোটি টকাত নিলাম কবিগুৰু ৰবীন্দ্ৰনাথৰ পত্ৰ, ১.০৪ কোটি টকাত মূর্তি
পৰেশ ৰাৱাল ঘূৰি আহিল ‘হেৰা ফেৰি ৩’লৈ! উৎফুল্লিত দৰ্শক
মহাকাশত বৃদ্ধি পাব ভাৰতৰ সামৰিক শক্তি
ইন্দোৰ হ'ব দেশৰ প্ৰথমখন ডিজিটেল মহানগৰ