--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশৰ ৰাজনৈতিক দলসমূহ এতিয়া কেৱল ধন কেন্দ্ৰিক হৈ পৰিছে। ৰাজনীতিত এতিয়া যেন ধন অবিহনে সকলো মিছা।  শেহতীয়াকৈ এছ'চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ৰাষ্ট্ৰীয়  দলসমূহে ২০০৪-০৫ আৰু ২০২০-২১ বৰ্ষৰ ভিতৰত অজ্ঞাত উৎসৰ পৰা ১৫,০৭৭.৯৭ কোটি টকাৰো অধিক ধন সংগ্ৰহ কৰিছে। 

প্ৰতিবেদন খনত প্ৰকাশ পোৱা মতে ২০২০-২১ বৰ্ষৰ বাবে অজ্ঞাত উৎসৰ পৰা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহৰ মুঠ উপাৰ্জন হৈছে ৬৯০.৬৭ কোটি টকা।

এনেদৰে অজ্ঞাত উৎসৰ পৰা ধন লাভ কৰা দলবোৰৰ ভিতৰত  আছে ভাৰতীয় জনতা পাৰ্টি (বিজেপি), ভাৰতীয় জাতীয় কংগ্ৰেছ (আইএনচি), অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ (এআইটিচি), কমিউনিটি পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী) (চিপিএম), নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এনচিপি), বহুজন সমাজ পাৰ্টি (বিএছপি), কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (চিপিআই) আৰু নেচনেল পিপলছ পাৰ্টি (এনপিইপি)।

আঞ্চলিক দলবোৰৰ ভিতৰত আছে  আপ, অগপ, এআইএডিএমকে, এআইএফবি, এআইআইএফএম, এআইইউডিএফ, বিজেডি, চিপিআই(এমএল)(এল),ডিএমডিকে, জিএফপি, জেডিএছ, জেডিইউ, জেএমএম, কেচি-এমএম, এনডিপিপি, এনপিএফ, পিএমকে, আৰএলডি, এছডিএফ, এছডিএফ, শিৱসেনা, এছকেএম, টিআৰএছ-ৱাইএছ কংগ্ৰেছ আৰু টিডিপিএছ কংগ্ৰেছ।

দলসমূহৰ আয়কৰ ৰিটাৰ্ণ (আইটিআৰ) আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ (ইচিআই) ওচৰত দাখিল কৰা তথ্যৰ  আধাৰত কৰা বিশ্লেষণত দেখা গৈছে যে ২০০৪-০৫ বিত্তীয় বৰ্ষৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষৰ ভিতৰত ৰাষ্ট্ৰীয় দলসমূহে অজ্ঞাত উৎসৰ পৰা ১৫,০৭৭.৯৭ কোটি টকা সংগ্ৰহ কৰিছে।

"২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে, আঠটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে অজ্ঞাত উৎসৰ পৰা ৪২৬.৭৪ কোটি টকা  লাভ কৰিছে আৰু ২৭ টা আঞ্চলিক দলে অজ্ঞাত উৎসৰ পৰা ২৬৩.৯২৮ কোটি টকা লাভ কৰিছে," প্ৰতিবেদন খনত  কোৱা হৈছে।

২০২০-২১ বিত্তীয় বৰ্ষত, কংগ্ৰেছে অজ্ঞাত উৎসৰ পৰা ১৭৮.৭৮২ কোটি টকা লাভ কৰাৰ  হিচাপ ঘোষণা কৰিছিল । এই ধনৰ পৰিমাণ  হৈছে অজ্ঞাত উৎসৰ পৰা ৰাষ্ট্ৰীয় দলসমূহৰ মুঠ উপাৰ্জনৰ ৪১.৮৯ শতাংশ (৪২৬.৭৪২ কোটি টকা)" ।

বিজেপিয়ে ১০০.৫০২ কোটি টকা অজ্ঞাত উৎসৰ পৰা লাভ কৰাৰ কথা  ঘোষণা কৰিছিল । যিটো অজ্ঞাত উৎসৰ পৰা ৰাষ্ট্ৰীয় দলসমূহে লাভ কৰা  মুঠ  ধনৰ  ২৩.৫৫ শতাংশ।

অজ্ঞাত উৎসৰ পৰা ধন লাভ কৰাৰ ক্ষেত্ৰত শীৰ্ষ পাঁচটা আঞ্চলিক দল হৈছে ৯৬.২৫০৭ কোটি টকাৰ সৈতে ৱাইএছআৰ-কংগ্ৰেছ, ৮০.০২ কোটি টকাৰ সৈতে ডিএমকে, ৬৭ কোটি টকাৰ সৈতে বিজেডি, ৫.৭৭৩ কোটি টকাৰ সৈতে এমএনএছ আৰু ৫.৪ কোটি টকাৰ সৈতে আপ।

এডিআৰৰ প্ৰতিবেদনত লগতে কোৱা হৈছে  যে ২০০৪-০৫ বিত্তীয় বৰ্ষৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষৰ ভিতৰত কুপন বিক্ৰীৰ পৰা কংগ্ৰেছ আৰু এনচিপিৰ সম্মিলিত উপাৰ্জন হৈছে ৪,২৬১.৮৩ কোটি টকা।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement