--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিহাসৰ ১০৯ টা বছৰত এনে ঘটনা ঘটা নাছিল। এইবাৰেই  প্ৰথমবাৰৰ বাবে ভাৰতীয় বিজ্ঞান কংগ্ৰেছ অনুষ্ঠিত নহ’ব।  বিজ্ঞান মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত এই অনুষ্ঠানৰ বাবে হয়তো ধনৰ অভাৱ।  বিজ্ঞানক উৎসাহিত কৰাৰ পৰিৱৰ্তে এই বছৰ  কোনো বিত্তীয় অনুদান বা অনুমোদন দিয়া হোৱা নাছিল।

ভাৰতীয় বিজ্ঞান কংগ্ৰেছ প্ৰতি বছৰে ৩ জানুৱাৰীৰ পৰা পাঁচ দিনৰ বাবে অনুষ্ঠিত হয়। এইবেলি   ১০৯ সংখ্যক  অধিৱেশন হ'ব বুলি ধাৰণা কৰা হৈছিল। কোভিড আৰু লকডাউনৰ বাবে ২০২১ আৰু ২০২২ চনত দুবছৰৰ বাবে অধিৱেশন অনুষ্ঠিত হোৱা নাছিল। বিজ্ঞান মন্ত্ৰালয়ৰ অনুমোদনত ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংস্থাই বিজ্ঞান কংগ্ৰেছৰ আয়োজন কৰি আহিছে। বিজ্ঞান কংগ্ৰেছৰ বিৰুদ্ধে একাধিক বিত্তীয় দুৰ্নীতিৰ অভিযোগ বহু দিনৰে পৰা উত্থাপিত হৈ আহিছে। 


 বিজ্ঞান কংগ্ৰেছত সমগ্ৰ দেশৰ যুৱ বিজ্ঞানীসকলে তেওঁলোকৰ কৰ্মৰাজি  উপস্থাপন কৰাৰ সুযোগ পাইছিল। বিদেশৰ বিজ্ঞানীসকলকো আমন্ত্ৰণ জনোৱা হৈছিল। সৰ্বভাৰতীয় সংৰক্ষণ শিক্ষা সমিতিৰ সাধাৰণ সম্পাদক তৰুণ কান্তি নাস্কৰে কয়, "কেন্দ্ৰীয় চৰকাৰে 'বিজ্ঞান ভাৰতী' আয়োজন কৰি বিজ্ঞানৰ  গৱেষণাক উৎসাহিত কৰিবলৈ চেষ্টা কৰি আছে। বিজ্ঞান কংগ্ৰেছৰ বাজেট আছিল ৫ কোটি টকা। কেন্দ্ৰই বিজ্ঞান ভাৰতীৰ আয়োজনত ২০ কোটি টকা খৰচ কৰিছিল। বিত্তীয় খেলিমেলিৰ অভিযোগৰ বাবেই  বিজ্ঞান কংগ্ৰেছ পিছুৱাই দিয়া হৈছে। "কেন্দ্ৰই বিজ্ঞান বিৰোধী আৰু নীতি অনুসৰণ কৰিছে বুলিও তেওঁ কয়। এনে কথাই  ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০কো অবমাননা কৰা বুলি তেওঁ উল্লেখ কৰে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক