--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিহাসৰ ১০৯ টা বছৰত এনে ঘটনা ঘটা নাছিল। এইবাৰেই  প্ৰথমবাৰৰ বাবে ভাৰতীয় বিজ্ঞান কংগ্ৰেছ অনুষ্ঠিত নহ’ব।  বিজ্ঞান মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত এই অনুষ্ঠানৰ বাবে হয়তো ধনৰ অভাৱ।  বিজ্ঞানক উৎসাহিত কৰাৰ পৰিৱৰ্তে এই বছৰ  কোনো বিত্তীয় অনুদান বা অনুমোদন দিয়া হোৱা নাছিল।

ভাৰতীয় বিজ্ঞান কংগ্ৰেছ প্ৰতি বছৰে ৩ জানুৱাৰীৰ পৰা পাঁচ দিনৰ বাবে অনুষ্ঠিত হয়। এইবেলি   ১০৯ সংখ্যক  অধিৱেশন হ'ব বুলি ধাৰণা কৰা হৈছিল। কোভিড আৰু লকডাউনৰ বাবে ২০২১ আৰু ২০২২ চনত দুবছৰৰ বাবে অধিৱেশন অনুষ্ঠিত হোৱা নাছিল। বিজ্ঞান মন্ত্ৰালয়ৰ অনুমোদনত ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংস্থাই বিজ্ঞান কংগ্ৰেছৰ আয়োজন কৰি আহিছে। বিজ্ঞান কংগ্ৰেছৰ বিৰুদ্ধে একাধিক বিত্তীয় দুৰ্নীতিৰ অভিযোগ বহু দিনৰে পৰা উত্থাপিত হৈ আহিছে। 


 বিজ্ঞান কংগ্ৰেছত সমগ্ৰ দেশৰ যুৱ বিজ্ঞানীসকলে তেওঁলোকৰ কৰ্মৰাজি  উপস্থাপন কৰাৰ সুযোগ পাইছিল। বিদেশৰ বিজ্ঞানীসকলকো আমন্ত্ৰণ জনোৱা হৈছিল। সৰ্বভাৰতীয় সংৰক্ষণ শিক্ষা সমিতিৰ সাধাৰণ সম্পাদক তৰুণ কান্তি নাস্কৰে কয়, "কেন্দ্ৰীয় চৰকাৰে 'বিজ্ঞান ভাৰতী' আয়োজন কৰি বিজ্ঞানৰ  গৱেষণাক উৎসাহিত কৰিবলৈ চেষ্টা কৰি আছে। বিজ্ঞান কংগ্ৰেছৰ বাজেট আছিল ৫ কোটি টকা। কেন্দ্ৰই বিজ্ঞান ভাৰতীৰ আয়োজনত ২০ কোটি টকা খৰচ কৰিছিল। বিত্তীয় খেলিমেলিৰ অভিযোগৰ বাবেই  বিজ্ঞান কংগ্ৰেছ পিছুৱাই দিয়া হৈছে। "কেন্দ্ৰই বিজ্ঞান বিৰোধী আৰু নীতি অনুসৰণ কৰিছে বুলিও তেওঁ কয়। এনে কথাই  ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০কো অবমাননা কৰা বুলি তেওঁ উল্লেখ কৰে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু