--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এপল-দুপল আগুৱাই সময় বাগৰিছে৷ সমুখত বহুপ্ৰতীক্ষিত সেই ক্ষণ৷ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা৷ উছৱ উছাহৰ লহৰ দেশবাসীৰ মনত৷ ২২ জানুৱাৰী৷ সেই বিশেষ দিনটোলৈ আৰু নদিন বাকী। এতিয়া অযোধ্যাত চলিছে শেষ মুহূৰ্তৰ ব্যস্ততা। ২২ জানুৱাৰীত অনুষ্ঠিতব্য ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ বাবে উছৱমুখৰ হৈ পৰিছে সমগ্ৰ অযোধ্যা৷ 

ৰাম জন্মভূমি ন্যাসে ইতিমধ্যে নিমন্ত্ৰণ পৰ্ব প্ৰায় সমাপ্ত কৰিছে। দেশৰ প্ৰায় সকলো ৰাজনীতিবিদ, উদ্যোগপতি, বলীউড তাৰকা... কোন নাই সেই তালিকাত? অমিতাভ বচ্চন, অনুপম খেৰ, আলিয়া ভাট, ৰণবীৰ কাপুৰ, অক্ষয় কুমাৰ, মাধুৰী দীক্ষিত আৰু দক্ষিণৰ তাৰকা যশ-প্ৰভাসেও লাভ কৰিছে আমন্ত্ৰণ৷ কিন্তু কিছুমান তাৰকাক বাদ দিয়াও হৈছে। য’ত তিনিজন খানৰ নাম অন্তৰ্ভুক্ত আছে। কিন্তু আমন্ত্ৰণ লাভ কৰিছে অভিষেক বচ্চনে৷

এই মুহূৰ্তত অভিষেক তেওঁৰ কাবাডী দলৰ প্ৰতিযোগিতাত ব্যস্ত হৈ আছে। শেহতীয়াকৈ তেওঁ তেওঁৰ দল জয়পুৰ পিংক পেন্থাৰক উৎসাহিত কৰিবলৈ জয়পুৰলৈ গৈছিল। তাত সাংবাদিকসকলে অভিষেকৰ সন্মুখত ৰাম মন্দিৰৰ বিষয়টো উত্থাপন কৰিছিল। মন্দিৰৰ বিষয়ে সোধাত তেওঁ কয়, মন্দিৰটো অতি সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে। মই এদিন গৈ আশীৰ্বাদ ল’ম। অৱশ্যে উদ্বোধনৰ দিনা অমিতাভ-পুত্ৰ তাত উপস্থিত নাথাকে বুলি সদৰী কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু