--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এপল-দুপল আগুৱাই সময় বাগৰিছে৷ সমুখত বহুপ্ৰতীক্ষিত সেই ক্ষণ৷ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা৷ উছৱ উছাহৰ লহৰ দেশবাসীৰ মনত৷ ২২ জানুৱাৰী৷ সেই বিশেষ দিনটোলৈ আৰু নদিন বাকী। এতিয়া অযোধ্যাত চলিছে শেষ মুহূৰ্তৰ ব্যস্ততা। ২২ জানুৱাৰীত অনুষ্ঠিতব্য ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ বাবে উছৱমুখৰ হৈ পৰিছে সমগ্ৰ অযোধ্যা৷ 

ৰাম জন্মভূমি ন্যাসে ইতিমধ্যে নিমন্ত্ৰণ পৰ্ব প্ৰায় সমাপ্ত কৰিছে। দেশৰ প্ৰায় সকলো ৰাজনীতিবিদ, উদ্যোগপতি, বলীউড তাৰকা... কোন নাই সেই তালিকাত? অমিতাভ বচ্চন, অনুপম খেৰ, আলিয়া ভাট, ৰণবীৰ কাপুৰ, অক্ষয় কুমাৰ, মাধুৰী দীক্ষিত আৰু দক্ষিণৰ তাৰকা যশ-প্ৰভাসেও লাভ কৰিছে আমন্ত্ৰণ৷ কিন্তু কিছুমান তাৰকাক বাদ দিয়াও হৈছে। য’ত তিনিজন খানৰ নাম অন্তৰ্ভুক্ত আছে। কিন্তু আমন্ত্ৰণ লাভ কৰিছে অভিষেক বচ্চনে৷

এই মুহূৰ্তত অভিষেক তেওঁৰ কাবাডী দলৰ প্ৰতিযোগিতাত ব্যস্ত হৈ আছে। শেহতীয়াকৈ তেওঁ তেওঁৰ দল জয়পুৰ পিংক পেন্থাৰক উৎসাহিত কৰিবলৈ জয়পুৰলৈ গৈছিল। তাত সাংবাদিকসকলে অভিষেকৰ সন্মুখত ৰাম মন্দিৰৰ বিষয়টো উত্থাপন কৰিছিল। মন্দিৰৰ বিষয়ে সোধাত তেওঁ কয়, মন্দিৰটো অতি সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে। মই এদিন গৈ আশীৰ্বাদ ল’ম। অৱশ্যে উদ্বোধনৰ দিনা অমিতাভ-পুত্ৰ তাত উপস্থিত নাথাকে বুলি সদৰী কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক