--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিশুটিৰ বয়স মাত্ৰ ১০ মাহ। এই সময়ত প্ৰতিজন শিশুৰে পিতৃ-মাতৃৰ আদৰ-সাদৰ লোৱাৰ সময়, থুনুক-থানাক মাত-কথাৰে ৰং কৰাৰ সময়, কিন্তু এই বয়সতে এটি শিশুয়ে লাভ কৰিছে সংস্থাপন। লাভ কৰিছে চাকৰি! হয়, ভাৰতীয় ৰে’লৱেৰ ইতিহাসত এয়া এক অভূতপূৰ্ব ঘটনা বুলি গণ্য কৰা হৈছে। ১০ মহীয়া এটি শিশুক দিয়া হৈছে  চাকৰি।

প্ৰকাশিত প্ৰতিবেদন অনুসৰি,  দুৰ্ঘটনাত পিতৃ-মাতৃক হেৰুৱাইছে ১০মহীয়া এটি শিশুই। পিতৃ কৰ্মৰত আছিল ৰে’লৱেত। গতিকে, তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সন্তানকে  প্ৰদান কৰা হ’ল চাকৰিৰ পদ। ১৮ বছৰত ভৰি দিয়াৰ লগে লগে চাকৰিত যোগদান কৰিব পাৰিব শিশুটি। ইতিমধ্যে, পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। শিশুটিৰ আঙুলিৰ ছাপো লোৱা হৈছে।

জানিব পৰা মতে, ১ জুনত এক পথ দুৰ্ঘটনাত শিশুটিৰ পিতৃ-মাতৃৰ মৃত্যু হৈছিল। অৱশ্যে, কথমপি প্ৰাণ ৰক্ষা পৰিছিল শিশুটিৰ। তেওঁৰ পিতৃ ৰাজেন্দ্ৰ কুমাৰে ভিলাই ৰেলৱে য়াৰ্ডত কাম কৰিছিল। ৪ জুলাইত শিশুটিক দক্ষিণ-পূব মধ্য ৰে’লৱেৰ পাৰ্ছনেল ডিপাৰ্টমেণ্টত চাকৰি দিয়া হয়। ৰে’লৱেৰ এজন বিষয়াই সদৰী কৰা মতে, ‘এয়া এক অতি আৱেগিক মুহূৰ্ত। শিশুটিৰ আঙুলিৰ ছাপ পোৱাটো আমাৰ বাবে কঠিন হৈ পৰিছিল।' স্বাভাৱিকতে, ভাৰতীয় ৰে’লৱেৰ এনে নজিৰবিহীন ঘটনাই এতিয়া দৃষ্টি কাঢ়িছে সকলোৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ