ডিজিটেল ডেস্কঃ শিশুটিৰ বয়স মাত্ৰ ১০ মাহ। এই সময়ত প্ৰতিজন শিশুৰে পিতৃ-মাতৃৰ আদৰ-সাদৰ লোৱাৰ সময়, থুনুক-থানাক মাত-কথাৰে ৰং কৰাৰ সময়, কিন্তু এই বয়সতে এটি শিশুয়ে লাভ কৰিছে সংস্থাপন। লাভ কৰিছে চাকৰি! হয়, ভাৰতীয় ৰে’লৱেৰ ইতিহাসত এয়া এক অভূতপূৰ্ব ঘটনা বুলি গণ্য কৰা হৈছে। ১০ মহীয়া এটি শিশুক দিয়া হৈছে চাকৰি।
প্ৰকাশিত প্ৰতিবেদন অনুসৰি, দুৰ্ঘটনাত পিতৃ-মাতৃক হেৰুৱাইছে ১০মহীয়া এটি শিশুই। পিতৃ কৰ্মৰত আছিল ৰে’লৱেত। গতিকে, তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সন্তানকে প্ৰদান কৰা হ’ল চাকৰিৰ পদ। ১৮ বছৰত ভৰি দিয়াৰ লগে লগে চাকৰিত যোগদান কৰিব পাৰিব শিশুটি। ইতিমধ্যে, পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। শিশুটিৰ আঙুলিৰ ছাপো লোৱা হৈছে।
জানিব পৰা মতে, ১ জুনত এক পথ দুৰ্ঘটনাত শিশুটিৰ পিতৃ-মাতৃৰ মৃত্যু হৈছিল। অৱশ্যে, কথমপি প্ৰাণ ৰক্ষা পৰিছিল শিশুটিৰ। তেওঁৰ পিতৃ ৰাজেন্দ্ৰ কুমাৰে ভিলাই ৰেলৱে য়াৰ্ডত কাম কৰিছিল। ৪ জুলাইত শিশুটিক দক্ষিণ-পূব মধ্য ৰে’লৱেৰ পাৰ্ছনেল ডিপাৰ্টমেণ্টত চাকৰি দিয়া হয়। ৰে’লৱেৰ এজন বিষয়াই সদৰী কৰা মতে, ‘এয়া এক অতি আৱেগিক মুহূৰ্ত। শিশুটিৰ আঙুলিৰ ছাপ পোৱাটো আমাৰ বাবে কঠিন হৈ পৰিছিল।' স্বাভাৱিকতে, ভাৰতীয় ৰে’লৱেৰ এনে নজিৰবিহীন ঘটনাই এতিয়া দৃষ্টি কাঢ়িছে সকলোৰে।