--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুলৱামা কাণ্ড , চাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত আজিলৈকে সংসদৰ  প্ৰতিবেদন দাখিল কৰা নাই চৰকাৰে৷  এই কথা প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে৷  সোমবাৰে সিঙে কয়  যে কেন্দ্ৰই ২০১৬ চনৰ চাৰ্জিকেল ষ্ট্ৰাইক বা ২০১৯ ৰ পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে আজিলৈকে সংসদত প্ৰতিবেদন দাখিল কৰা  নাই। 

তেওঁ লগতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কেতবোৰ  মিছা কথা প্ৰচাৰ কৰি আহিছে। ২০১৯ চনত পাকিস্তানৰ  সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ দ্বাৰা সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ৪০ জন চিআৰপিএফ জোৱান নিহত হৈছিল৷ সোমবাৰে ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো যাত্ৰাৰ সময়তে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে   মন্তব্য কৰে৷সিঙে কয় " আমাৰ ৪০ জন চিআৰপিএফ জোৱান পুলৱামাত শ্বহীদ হৈছিল। চিআৰপিএফ বিষয়াসকলে প্ৰধানমন্ত্ৰী মোদীক অনুৰোধ কৰিছিল যে জোৱানসকলক বিমানেৰে লৈ যোৱা উচিত, কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে সন্মত হোৱা নাছিল। এনে ধৰণৰ ত্ৰুটি কেনেকৈ ঘটিল? আজিলৈকে, পুলৱামাসম্পৰ্কে  কোনো প্ৰতিবেদন সংসদত দাখিল কৰা  হোৱা নাই ," ।

তেওঁলোকে কয়   যে  চাৰ্জিকেল ষ্ট্ৰাইক কৰা হৈছিল, কিন্তু প্ৰমাণ দাখিল  কৰা হোৱা  নাছিল।সিঙে লগতে কয় যে এনে আক্ৰমণ সন্দৰ্ভত  তেওঁলোকে কেৱল মিছা কথা বিয়পাইছিল। উৰিৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰায় ১০ দিন পিছত ২০১৬ চনত ভাৰতে পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে  চাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল৷  জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে লগতে কয় যে অনুচ্ছেদ ৩৭০ বাতিল হোৱা স্বত্বেও উপত্যকাত সন্ত্ৰাসবাদ এতিয়াও জীয়াই আছে।তেওঁ কয় " প্ৰথমে, আমি ৰাজৌৰীৰ ধানগ্ৰী আৰু জম্মুৰ নৰৱালত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছো। অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত কাশ্মীৰৰ পৰিস্থিতি উন্নত  হোৱা নাই।  নিৰ্বাচিত ব্যক্তিক  হত্যা আৰু বোমা বিস্ফোৰণ আকৌ  আৰম্ভ হৈছে," ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক