--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুলৱামা কাণ্ড , চাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত আজিলৈকে সংসদৰ  প্ৰতিবেদন দাখিল কৰা নাই চৰকাৰে৷  এই কথা প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে৷  সোমবাৰে সিঙে কয়  যে কেন্দ্ৰই ২০১৬ চনৰ চাৰ্জিকেল ষ্ট্ৰাইক বা ২০১৯ ৰ পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে আজিলৈকে সংসদত প্ৰতিবেদন দাখিল কৰা  নাই। 

তেওঁ লগতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কেতবোৰ  মিছা কথা প্ৰচাৰ কৰি আহিছে। ২০১৯ চনত পাকিস্তানৰ  সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ দ্বাৰা সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ৪০ জন চিআৰপিএফ জোৱান নিহত হৈছিল৷ সোমবাৰে ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো যাত্ৰাৰ সময়তে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে   মন্তব্য কৰে৷সিঙে কয় " আমাৰ ৪০ জন চিআৰপিএফ জোৱান পুলৱামাত শ্বহীদ হৈছিল। চিআৰপিএফ বিষয়াসকলে প্ৰধানমন্ত্ৰী মোদীক অনুৰোধ কৰিছিল যে জোৱানসকলক বিমানেৰে লৈ যোৱা উচিত, কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে সন্মত হোৱা নাছিল। এনে ধৰণৰ ত্ৰুটি কেনেকৈ ঘটিল? আজিলৈকে, পুলৱামাসম্পৰ্কে  কোনো প্ৰতিবেদন সংসদত দাখিল কৰা  হোৱা নাই ," ।

তেওঁলোকে কয়   যে  চাৰ্জিকেল ষ্ট্ৰাইক কৰা হৈছিল, কিন্তু প্ৰমাণ দাখিল  কৰা হোৱা  নাছিল।সিঙে লগতে কয় যে এনে আক্ৰমণ সন্দৰ্ভত  তেওঁলোকে কেৱল মিছা কথা বিয়পাইছিল। উৰিৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰায় ১০ দিন পিছত ২০১৬ চনত ভাৰতে পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে  চাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল৷  জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে লগতে কয় যে অনুচ্ছেদ ৩৭০ বাতিল হোৱা স্বত্বেও উপত্যকাত সন্ত্ৰাসবাদ এতিয়াও জীয়াই আছে।তেওঁ কয় " প্ৰথমে, আমি ৰাজৌৰীৰ ধানগ্ৰী আৰু জম্মুৰ নৰৱালত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছো। অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত কাশ্মীৰৰ পৰিস্থিতি উন্নত  হোৱা নাই।  নিৰ্বাচিত ব্যক্তিক  হত্যা আৰু বোমা বিস্ফোৰণ আকৌ  আৰম্ভ হৈছে," ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল