--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ স্বাধীনতাৰ পূৰ্বৰ ব্যৱসায়িক পৰিয়ালৰ কথা আহিলেই গডৰেজ পৰিয়ালৰ নাম আহে। এই পৰিয়ালটোৰ ব্যৱসায় ৰিয়েল এষ্টেটৰ পৰা গ্ৰাহক সামগ্ৰীলৈ বিয়পি আছে৷ ১২৭ বছৰ পুৰণি গডৰেজ গ্ৰুপৰ ব্যৱসায় এতিয়া দুটা ভাগত বিভক্ত কৰা হৈছে।

গডৰেজ পৰিয়ালত এই বিভাজন সন্দৰ্ভত চুক্তি স্বাক্ষৰ কৰাৰ পিছত গোটটোৰ ব্যৱসায় বিভাজন হোৱাৰ কথা ঘোষণা কৰা হৈছে। গোটটোৰ ৫টা কোম্পানী ষ্টক মাৰ্কেটত তালিকাভুক্ত হৈছে আৰু ইয়াৰ ভিতৰত আছে গডৰেজ ইণ্ডাষ্ট্ৰীজ, গডৰেজ কনজিউমাৰ প্ৰডাক্টছ, গডৰেজ প্ৰপাৰ্টিজ, গডৰেজ এগ্ৰ’ভেট আৰু এষ্টেক লাইফ চাইন্সেছ।

এটা শ্বেয়াৰ দিয়া হ’ব ৮২ বছৰীয়া আদি গডৰেজ আৰু তেওঁৰ ৭৩ বছৰীয়া ভাতৃ নাদিৰ গডৰেজক।

তালিকাভুক্ত নোহোৱা কোম্পানীসমূহ ৭৫ বছৰীয়া সম্পৰ্কীয় ভাতৃ জামছেদ আৰু তেওঁৰ ভগ্নী ৭৪ বছৰীয়া স্মিতাৰ হাতলৈ গৈছে। জামছেদ আৰু স্মিতাই তালিকাভুক্ত নোহোৱা কোম্পানী গডৰেজ এণ্ড বয়ছৰ মালিকীস্বত্ব লাভ কৰিব।

আদিৰ পুত্ৰ পিৰোজশা গডৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ কাৰ্যবাহী উপাধ্যক্ষ হ’ব।

২০২৬ চনৰ আগষ্ট মাহত নাদিৰ গডৰেজৰ ঠাইত অধ্যক্ষ হিচাপে নিযুক্তি দিব পিৰোজশা গডৰেজক।

নাদিৰ গডৰেজে কয় যে ‘‘১৮৯৭ চনত ভাৰতৰ অৰ্থনৈতিক স্বাধীনতা গঢ়াত সহায় কৰিবলৈ গডৰেজ প্ৰতিষ্ঠা কৰা হৈছিল। ব্যৱসায়ৰ ওপৰত গুৰুত্ব দি এই উত্তৰাধিকাৰক আগুৱাই নিবলৈ আমি আগ্ৰহী।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু