--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ স্বাধীনতাৰ পূৰ্বৰ ব্যৱসায়িক পৰিয়ালৰ কথা আহিলেই গডৰেজ পৰিয়ালৰ নাম আহে। এই পৰিয়ালটোৰ ব্যৱসায় ৰিয়েল এষ্টেটৰ পৰা গ্ৰাহক সামগ্ৰীলৈ বিয়পি আছে৷ ১২৭ বছৰ পুৰণি গডৰেজ গ্ৰুপৰ ব্যৱসায় এতিয়া দুটা ভাগত বিভক্ত কৰা হৈছে।

গডৰেজ পৰিয়ালত এই বিভাজন সন্দৰ্ভত চুক্তি স্বাক্ষৰ কৰাৰ পিছত গোটটোৰ ব্যৱসায় বিভাজন হোৱাৰ কথা ঘোষণা কৰা হৈছে। গোটটোৰ ৫টা কোম্পানী ষ্টক মাৰ্কেটত তালিকাভুক্ত হৈছে আৰু ইয়াৰ ভিতৰত আছে গডৰেজ ইণ্ডাষ্ট্ৰীজ, গডৰেজ কনজিউমাৰ প্ৰডাক্টছ, গডৰেজ প্ৰপাৰ্টিজ, গডৰেজ এগ্ৰ’ভেট আৰু এষ্টেক লাইফ চাইন্সেছ।

এটা শ্বেয়াৰ দিয়া হ’ব ৮২ বছৰীয়া আদি গডৰেজ আৰু তেওঁৰ ৭৩ বছৰীয়া ভাতৃ নাদিৰ গডৰেজক।

তালিকাভুক্ত নোহোৱা কোম্পানীসমূহ ৭৫ বছৰীয়া সম্পৰ্কীয় ভাতৃ জামছেদ আৰু তেওঁৰ ভগ্নী ৭৪ বছৰীয়া স্মিতাৰ হাতলৈ গৈছে। জামছেদ আৰু স্মিতাই তালিকাভুক্ত নোহোৱা কোম্পানী গডৰেজ এণ্ড বয়ছৰ মালিকীস্বত্ব লাভ কৰিব।

আদিৰ পুত্ৰ পিৰোজশা গডৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ কাৰ্যবাহী উপাধ্যক্ষ হ’ব।

২০২৬ চনৰ আগষ্ট মাহত নাদিৰ গডৰেজৰ ঠাইত অধ্যক্ষ হিচাপে নিযুক্তি দিব পিৰোজশা গডৰেজক।

নাদিৰ গডৰেজে কয় যে ‘‘১৮৯৭ চনত ভাৰতৰ অৰ্থনৈতিক স্বাধীনতা গঢ়াত সহায় কৰিবলৈ গডৰেজ প্ৰতিষ্ঠা কৰা হৈছিল। ব্যৱসায়ৰ ওপৰত গুৰুত্ব দি এই উত্তৰাধিকাৰক আগুৱাই নিবলৈ আমি আগ্ৰহী।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ