--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ ঘড়ীৰ সংগ্ৰহে চকু কপালত তোলে। প্ৰতিটোৰ দাম কেইবা কোটি টকা। ফুটবল তাৰকা ক্রিষ্টিয়ানো ৰোনাল্ডোৰ সংগ্ৰহত সংযোজন কৰা হৈছে আন এক দামী ঘড়ী। তেওঁ জেকব এণ্ড কোম্পানীৰ ঘড়ী এটা এইবাৰ সংগ্ৰহ কৰে। আনকি ঘড়ী কোম্পানীটোৰ মালিকে তেওঁৰ নতুন ঘৰত উপহাৰ দিয়ে।

ৰোনাল্ডোক উপহাৰ দিয়া জেকব এণ্ড কোম্পানী ঘড়ীৰ মূল্য প্ৰায় ১৩ লাখ মাৰ্কিন ডলাৰ। ভাৰতীয় মুদ্ৰাত সেয়া প্ৰায় ১১ কোটি টকা। ৰোনাল্ডোৱে নিজৰ পেছাৰ বাবে প্ৰায় এবছৰ ধৰি চৌদি আৰৱৰ ৰাজধানী ৰিয়াদত বসবাস কৰি আহিছে। লগতে নতুন ঘৰ এটাও কিনিছে। কিছু দিন পূৰ্বে কোম্পানীটোৰ মুৰব্বী জেকব আৰবোৱে তাত লগ পাই ঘড়ীটো দিলে।
 
উল্লেখ্য যে ২০১৬ চনত জেকব এণ্ড কোম্পানীয়ে প্ৰথমবাৰৰ বাবে এই ‘টুইন টাৰ্বো’ ঘড়ীটো প্ৰস্তুত কৰিছিল। এই ঘড়ীটোত আছে এযোৰ তিনিটা ডালৰ ট্যুৰবিলন। ইয়াৰ উপৰিও এটা মিনিট ৰিপিটাৰ আছে, যিয়ে গ্ৰাহকক প্ৰতি ঘণ্টাত সময় ক’ব, আনকি ইচ্ছা কৰিলে প্ৰতি মিনিটৰ সময়ো ক’ব।

২০১৮ চনত ‘টুইন টাৰ্বো’ ঘড়ীটোক অধিক আধুনিক ৰূপ দিয়া হৈছিল। 'টুইন টাৰ্বো ফিউৰিয়াছ'ৰ সৃষ্টি হৈছিল। এই ঘড়ীটোৱে দুটা অঞ্চলৰ মাজৰ সময়ৰ পাৰ্থক্যও ক’ব পাৰে।

জেকবে ৰোনাল্ডোক দিয়া ঘড়ীটো সম্পূৰ্ণ হাতেৰে নিৰ্মিত। হাতেৰেই সজোৱা। ঘড়ীটোত ৮৩২টা কম্পোনেণ্ট আছে। কিন্তু ইয়াৰ ওজন মাত্ৰ ১.১৫ গ্ৰাম। এই ঘড়ীৰ বিশেষত্ব এইটোৱেই। ঘড়ীটোৰ ৫৭ মিমি কেছ ১৮ কেৰেট বগা সোণৰ। ইয়াত ৩৪৪টা জিলিকি থকা হীৰা ষ্টাড কৰা হৈছে।

ঘড়ীটোত সদায় ৫০ ঘণ্টা ধৰি চলিব পৰাকৈ শক্তি থাকিব। ইয়াৰে মাত্ৰ ১৮খন ঘড়ীহে নিৰ্মাণ কৰা হৈছিল। তাৰে এটা পৰ্তুগালৰ তাৰকাগৰাকীক দিয়া হৈছিল।

মূল হীৰা গহনা ডিজাইনাৰ আছিল জেকব আৰবো। ১৯৮৬ চনত তেওঁ নিউয়ৰ্কৰ মানহাটানত প্ৰথম হীৰা গহনা বিপণী খুলিছিল। তেওঁ ডিজাইন কৰা গহনাবোৰ ক্ৰমান্বয়ে জনপ্ৰিয় হৈ উঠিছিল।

২০০২ চনত জেকবে ঘড়ীৰ ডিজাইন আৰম্ভ কৰে। ঘড়ীত উজ্জ্বল ৰং ব্যৱহাৰ কৰা হৈছিল। তেওঁ নিৰ্মাণ কৰা ঘড়ীটোত কমেও পাঁচখন দেশৰ সময় দেখা যায়। লাহে লাহে তেওঁলোক জনপ্ৰিয় হৈ উঠিছিল। নাওমি কেম্পবেল, ব’নোৰ দৰে চেলিব্ৰিটিয়ে তেওঁৰ ডিজাইন কৰা ঘড়ী পিন্ধিবলৈ আৰম্ভ কৰে। এইবাৰ জেকবেই ৰোনাল্ডোক তেওঁৰ কোম্পানীয়ে নিৰ্মাণ কৰা হীৰা ঘড়ী এটা দিয়ে।

৩৮ বছৰীয়া ৰোনাল্ডো বিশ্বৰ ক্ৰীড়াবিদৰ তালিকাৰ একেবাৰে শীৰ্ষত আছে। পৰিসংখ্যা অনুসৰি তেওঁ বছৰি ১ কোটি ৭৫ লাখ পাউণ্ড উপাৰ্জন কৰে। ভাৰতীয় মুদ্ৰাত ১,৭৮০ কোটি টকা।

ৰোনাল্ডোৱে ৫ বাৰ বেলন ডি অৰ বঁটা লাভ কৰিছে। যোৱা জানুৱাৰী মাহত তেওঁ ছৌদি আৰৱৰ আল নাছৰ ক্লাবত যোগদান কৰিছিল। আদৰণি উপহাৰ হিচাপেও তেওঁক ঘড়ী প্ৰদান কৰা হয়। সেই ঘড়ীটোৰ দাম আছিল ৬৩০ হাজাৰ ইউৰো। ভাৰতীয় মুদ্ৰাত ৫ কোটি ৬০ লাখ টকা। ঘড়ীটোত আছিল ৩৩৮টা বহুমূলীয়া সেউজীয়া পান্নাৰ। ঘড়ীৰ ৰংটোও আছিল সেউজীয়া, চৌদি পতাকাৰ ৰং। ঘড়ীটোত দামী নীলা কেচ। ঘড়ীৰ ষ্ট্ৰেপৰ ৰং ঘৰিয়াল সেউজীয়া।

শুনা যায় যে ৰোনাল্ডোৰ সংগ্ৰহত আৰু বহুতো বিখ্যাত ঘড়ী আছে। পৃথিৱীৰ আটাইতকৈ দামী ঘড়ীটোও তেওঁৰ সংগ্ৰহত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক