--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিলিকি উঠিছে ভাৰতীয় বলাৰ ৰবি বিষ্ণোই৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্য সমাপ্ত হোৱা টি-২০ শৃংখলাৰ পাছত আইচিচি টি-২০ ৰেংকিঙৰ নতুন ১ নং বলাৰ হিচাপে পৰিগণিত হৈছে লেগ স্পিনাৰ ৰবি বিষ্ণোই। পুৰুষৰ টি-২০ত বলিং ৰেংকিঙৰ শিখৰত উপনীত হোৱা যশপ্ৰীত বুমৰাহকে ধৰি ভাৰতীয় বলাৰৰ অভিজাত তালিকাত নাম অন্তৰ্ভুক্ত হৈছে বিষ্ণোইৰ৷

পুৰুষৰ টি-২০ ক্ৰিকেটত বেটিং আৰু বলিং দুয়োটা ৰেংকিঙত ভাৰতে শীৰ্ষস্থান দখল কৰে বেটিঙত সূৰ্যকুমাৰ যাদৱৰ সৈতে যোগদান কৰে বলাৰ ৰবি বিষ্ণোই-এ। আফগানিস্তানৰ স্পিনাৰ ৰছিদ খানৰ ঠাইত শীৰ্ষ স্থান দখল কৰে ৰবি বিষ্ণোইয়ে।

টি-২০ আইৰ অধিনায়ক হিচাপে প্ৰথম দায়িত্বত সফলতা লাভ কৰাৰ পাছত বেটিং ৰেংকিঙত ১ নং স্থান দখল কৰি আছে সূৰ্যকুমাৰ যাদৱে। সূৰ্যকুমাৰৰ অধীনত টি-২০ শৃংখলাত অষ্ট্ৰেলিয়াক ৪-১ত পৰাস্ত কৰে ভাৰতীয় দলটোৱে।

২০২৩ চনত ১১ খন টি-২০ত ভাৰতক নেতৃত্ব দিয়া হাৰ্দিক পাণ্ডিয়া আইচিচি টি-২০ অল-ৰাউণ্ডাৰ ৰেংকিঙত তৃতীয় স্থানত আছে। বাংলাদেশৰ বিৰুদ্ধে বিশ্বকাপ ২০২৩ৰ খেলখনত আঘাত পোৱাৰ পাছৰে পৰা তেওঁ খেলপথাৰৰ পৰা আঁতৰি আছে।

শীৰ্ষ ১০ স্থানত ভাৰতীয়: আইচিচি টি-২০আই ৰেংকিং

বেটছমেন-

১/ সূৰ্যকুমাৰ যাদৱ
৭/ ৰুতুৰাজ গাইকোৱাড

ব’লাৰ-

১/ ৰবি বিষ্ণোই

অল-ৰাউণ্ডাৰ-

৩/ হাৰ্দিক পাণ্ডিয়া

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক