--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিলিকি উঠিছে ভাৰতীয় বলাৰ ৰবি বিষ্ণোই৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্য সমাপ্ত হোৱা টি-২০ শৃংখলাৰ পাছত আইচিচি টি-২০ ৰেংকিঙৰ নতুন ১ নং বলাৰ হিচাপে পৰিগণিত হৈছে লেগ স্পিনাৰ ৰবি বিষ্ণোই। পুৰুষৰ টি-২০ত বলিং ৰেংকিঙৰ শিখৰত উপনীত হোৱা যশপ্ৰীত বুমৰাহকে ধৰি ভাৰতীয় বলাৰৰ অভিজাত তালিকাত নাম অন্তৰ্ভুক্ত হৈছে বিষ্ণোইৰ৷

পুৰুষৰ টি-২০ ক্ৰিকেটত বেটিং আৰু বলিং দুয়োটা ৰেংকিঙত ভাৰতে শীৰ্ষস্থান দখল কৰে বেটিঙত সূৰ্যকুমাৰ যাদৱৰ সৈতে যোগদান কৰে বলাৰ ৰবি বিষ্ণোই-এ। আফগানিস্তানৰ স্পিনাৰ ৰছিদ খানৰ ঠাইত শীৰ্ষ স্থান দখল কৰে ৰবি বিষ্ণোইয়ে।

টি-২০ আইৰ অধিনায়ক হিচাপে প্ৰথম দায়িত্বত সফলতা লাভ কৰাৰ পাছত বেটিং ৰেংকিঙত ১ নং স্থান দখল কৰি আছে সূৰ্যকুমাৰ যাদৱে। সূৰ্যকুমাৰৰ অধীনত টি-২০ শৃংখলাত অষ্ট্ৰেলিয়াক ৪-১ত পৰাস্ত কৰে ভাৰতীয় দলটোৱে।

২০২৩ চনত ১১ খন টি-২০ত ভাৰতক নেতৃত্ব দিয়া হাৰ্দিক পাণ্ডিয়া আইচিচি টি-২০ অল-ৰাউণ্ডাৰ ৰেংকিঙত তৃতীয় স্থানত আছে। বাংলাদেশৰ বিৰুদ্ধে বিশ্বকাপ ২০২৩ৰ খেলখনত আঘাত পোৱাৰ পাছৰে পৰা তেওঁ খেলপথাৰৰ পৰা আঁতৰি আছে।

শীৰ্ষ ১০ স্থানত ভাৰতীয়: আইচিচি টি-২০আই ৰেংকিং

বেটছমেন-

১/ সূৰ্যকুমাৰ যাদৱ
৭/ ৰুতুৰাজ গাইকোৱাড

ব’লাৰ-

১/ ৰবি বিষ্ণোই

অল-ৰাউণ্ডাৰ-

৩/ হাৰ্দিক পাণ্ডিয়া

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক