--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে বাংলাদেশ ক্ৰিকেটত এক লাজৰ ইতিহাস ৰচিত হয়। দলটোৰ অভিজ্ঞ তাৰকা মুছফিকুৰ ৰহিমে বেটিং কৰি থাকোতে হাতেৰে বল ৰখাই আউট হ’ল। ইয়াক  ‘Obstructing the Field’ বুলি কোৱা হয়। এনেদৰে ওলাই অহা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰগণিত হ’ল মুছফিকুৰ। বুধবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনাই সংঘটিত হয় এই ঘটনা।

খেলখনৰ ৪১ নং অভাৰত সংঘটিত হয় এই ঘটনা। কাইল জেমিছনৰ পৰা এটা চুটি লেংথ বল ক্ৰীজত থিয় হৈ মুছফিকুৰে খেলে। কিন্তু বলটো খেলপথাৰত তললৈ নামি বাউন্স কৰে। ষ্টাম্পলৈ যাব বুলি মুছফিকুৰে হঠাতে হাতেৰে বলটো আঁতৰাই ঠেলি দিয়ে। সেই বলটোৱে উইকেটত খুন্দা মৰাৰ সম্ভাৱনা প্ৰায় নাছিল। কিন্তু যিহেতু মুছফিকুৰে ইচ্ছাকৃতভাৱে বলটো ‘মৃত’ হোৱাৰ আগতেই হাতেৰে আঁতৰাই পেলাইছিল, সেয়েহে নিউজিলেণ্ডৰ ক্ৰিকেটাৰসকলে ‘অবষ্ট্ৰাকটিং দ্যা ফিল্ড’ আউটৰ বাবে আবেদন কৰিছিল।

খেলপথাৰত থকা আম্পায়াৰসকলে কোনো সিদ্ধান্ত ল’ব পৰা নাছিল। তেওঁলোকে এই সিদ্ধান্ত তৃতীয় আম্পায়াৰলৈ প্ৰেৰণ কৰে। তৃতীয় আম্পায়াৰ আহছান ৰাজাই মুছফিকুৰক আউট দিয়াৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে এই আউটৰ পূৰ্বেও মুছফিকুৰে একে ধৰণেৰে হাতেৰে বলটো আঁতৰাবলৈ চেষ্টা কৰিছিল। সেইবাৰ তেওঁৰ হাতত বলটো নাছিল। অৰ্থাৎ হাত আৰু বলৰ কোনো সম্পৰ্ক নাছিল। গতিকে কিউই ক্ৰিকেটাৰসকলেও আবেদন কৰা নাছিল। মুছফিকুৰে ৮৩টা বলত ৩৫ ৰান কৰি আউট হয়।

ক্ৰিকেটৰ নিয়ম অনুসৰি ইয়াক পূৰ্বতে ‘হেণ্ডলিং দ্যা বল’ বুলি জনা গৈছিল। কিন্তু ২০১৭ চনত ক্ৰিকেট আইনত এই আউটৰ নাম সলনি কৰা হয়। আইনখনৰ ৩৭ নং ধাৰা অনুসৰি এই আউট ‘ফিল্ডত বাধা দিয়া’ বুলি কোৱা হ’ল। ৩৭.১.২ আইন অনুসৰি যদি বেটছমেনে বল ডেলিভাৰী দিয়াৰ পিছত বেট ধৰি নথকা হাতখনেৰে বলটো ব্লক কৰিবলৈ চেষ্টা কৰে, বা বেটৰ প্ৰথম বা দ্বিতীয় ষ্ট্ৰ’কৰ পিছত হাতখনেৰে বলটো লৰচৰ কৰে, তেন্তে আউট হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক