--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে বাংলাদেশ ক্ৰিকেটত এক লাজৰ ইতিহাস ৰচিত হয়। দলটোৰ অভিজ্ঞ তাৰকা মুছফিকুৰ ৰহিমে বেটিং কৰি থাকোতে হাতেৰে বল ৰখাই আউট হ’ল। ইয়াক  ‘Obstructing the Field’ বুলি কোৱা হয়। এনেদৰে ওলাই অহা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰগণিত হ’ল মুছফিকুৰ। বুধবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনাই সংঘটিত হয় এই ঘটনা।

খেলখনৰ ৪১ নং অভাৰত সংঘটিত হয় এই ঘটনা। কাইল জেমিছনৰ পৰা এটা চুটি লেংথ বল ক্ৰীজত থিয় হৈ মুছফিকুৰে খেলে। কিন্তু বলটো খেলপথাৰত তললৈ নামি বাউন্স কৰে। ষ্টাম্পলৈ যাব বুলি মুছফিকুৰে হঠাতে হাতেৰে বলটো আঁতৰাই ঠেলি দিয়ে। সেই বলটোৱে উইকেটত খুন্দা মৰাৰ সম্ভাৱনা প্ৰায় নাছিল। কিন্তু যিহেতু মুছফিকুৰে ইচ্ছাকৃতভাৱে বলটো ‘মৃত’ হোৱাৰ আগতেই হাতেৰে আঁতৰাই পেলাইছিল, সেয়েহে নিউজিলেণ্ডৰ ক্ৰিকেটাৰসকলে ‘অবষ্ট্ৰাকটিং দ্যা ফিল্ড’ আউটৰ বাবে আবেদন কৰিছিল।

খেলপথাৰত থকা আম্পায়াৰসকলে কোনো সিদ্ধান্ত ল’ব পৰা নাছিল। তেওঁলোকে এই সিদ্ধান্ত তৃতীয় আম্পায়াৰলৈ প্ৰেৰণ কৰে। তৃতীয় আম্পায়াৰ আহছান ৰাজাই মুছফিকুৰক আউট দিয়াৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে এই আউটৰ পূৰ্বেও মুছফিকুৰে একে ধৰণেৰে হাতেৰে বলটো আঁতৰাবলৈ চেষ্টা কৰিছিল। সেইবাৰ তেওঁৰ হাতত বলটো নাছিল। অৰ্থাৎ হাত আৰু বলৰ কোনো সম্পৰ্ক নাছিল। গতিকে কিউই ক্ৰিকেটাৰসকলেও আবেদন কৰা নাছিল। মুছফিকুৰে ৮৩টা বলত ৩৫ ৰান কৰি আউট হয়।

ক্ৰিকেটৰ নিয়ম অনুসৰি ইয়াক পূৰ্বতে ‘হেণ্ডলিং দ্যা বল’ বুলি জনা গৈছিল। কিন্তু ২০১৭ চনত ক্ৰিকেট আইনত এই আউটৰ নাম সলনি কৰা হয়। আইনখনৰ ৩৭ নং ধাৰা অনুসৰি এই আউট ‘ফিল্ডত বাধা দিয়া’ বুলি কোৱা হ’ল। ৩৭.১.২ আইন অনুসৰি যদি বেটছমেনে বল ডেলিভাৰী দিয়াৰ পিছত বেট ধৰি নথকা হাতখনেৰে বলটো ব্লক কৰিবলৈ চেষ্টা কৰে, বা বেটৰ প্ৰথম বা দ্বিতীয় ষ্ট্ৰ’কৰ পিছত হাতখনেৰে বলটো লৰচৰ কৰে, তেন্তে আউট হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement