--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এদিনীয়া বিশ্বকাপ ২০২৩ৰ পূৰ্বে বৃহৎ সমস্যাৰ সন্মুখীন হৈছে পাকিস্তান ক্ৰিকেট দল। খবৰ অনুসৰি বিগত চাৰি মাহ ধৰি পাকিস্তানী খেলুৱৈয়ে দৰমহা লাভ কৰা নাই। দৰমহা নিদিয়াৰ বাবে দলীয় খেলুৱৈসকলে বিশ্বকাপৰ প্ৰচাৰ আৰু পৃষ্ঠপোষকতাৰ ল’গ’ বৰ্জন কৰাৰ হুংকাৰ দিছে। ইয়াৰ ফলত বিশ্বকাপৰ পূৰ্বে পাকিস্তানৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

‘ক্ৰিকেট পাকিস্তান’ৰ এক প্ৰতিবেদন অনুসৰি বিগত চাৰিমাহ ধৰি পাকিস্তানী খেলুৱৈয়ে মেচৰ মাচুল বা দৰমহা লাভ কৰা নাই, যাৰ বাবে খেলুৱৈসকলৰ মাজত যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে খবৰ অনুসৰি খেলুৱৈসকলৰ দৰমহা  বৃদ্ধি হ’ব বুলি দাবী কৰিছিল যদিও নতুন কেন্দ্ৰীয় চুক্তি এতিয়াও স্বাক্ষৰিত হোৱা নাই।

পাকিস্তান দলৰ এগৰাকী খেলুৱৈয়ে গোপনীয়তা বজাই ৰখাৰ চৰ্তত ‘ক্ৰিকেট পাকিস্তান’ক কয়, ‘আমি বিনামূলীয়াকৈ পাকিস্তানক প্ৰতিনিধিত্ব কৰিবলৈ সাজু, কিন্তু প্ৰশ্ন হয় যে আমি ব’ৰ্ডৰ সৈতে জড়িত লোকসকলক কিয় পৃষ্ঠপোষকতা প্ৰদান কৰিব লাগে। একেদৰে আমি প্ৰচাৰমূলক কাম-কাজ আৰু অন্যান্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিব পাৰো। বিশ্বকাপৰ সময়ত আমি আইচিচিৰ বাণিজ্যিক প্ৰচাৰ আৰু কাৰ্যকলাপৰ সৈতে জড়িত নহ’ম।’

প্ৰতিবেদনত আৰু কোৱা হৈছে যে খেলুৱৈসকলে আয়ৰ অংশ আইচিচি আৰু পৃষ্ঠপোষকৰ পৰা দাবী জনাইছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আইচিচি আৰু পৃষ্ঠপোষকৰ পৰা লাভ কৰিব প্ৰায় ৯.৮ বিলিয়ন টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু