--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এদিনীয়া বিশ্বকাপ ২০২৩ৰ পূৰ্বে বৃহৎ সমস্যাৰ সন্মুখীন হৈছে পাকিস্তান ক্ৰিকেট দল। খবৰ অনুসৰি বিগত চাৰি মাহ ধৰি পাকিস্তানী খেলুৱৈয়ে দৰমহা লাভ কৰা নাই। দৰমহা নিদিয়াৰ বাবে দলীয় খেলুৱৈসকলে বিশ্বকাপৰ প্ৰচাৰ আৰু পৃষ্ঠপোষকতাৰ ল’গ’ বৰ্জন কৰাৰ হুংকাৰ দিছে। ইয়াৰ ফলত বিশ্বকাপৰ পূৰ্বে পাকিস্তানৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

‘ক্ৰিকেট পাকিস্তান’ৰ এক প্ৰতিবেদন অনুসৰি বিগত চাৰিমাহ ধৰি পাকিস্তানী খেলুৱৈয়ে মেচৰ মাচুল বা দৰমহা লাভ কৰা নাই, যাৰ বাবে খেলুৱৈসকলৰ মাজত যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে খবৰ অনুসৰি খেলুৱৈসকলৰ দৰমহা  বৃদ্ধি হ’ব বুলি দাবী কৰিছিল যদিও নতুন কেন্দ্ৰীয় চুক্তি এতিয়াও স্বাক্ষৰিত হোৱা নাই।

পাকিস্তান দলৰ এগৰাকী খেলুৱৈয়ে গোপনীয়তা বজাই ৰখাৰ চৰ্তত ‘ক্ৰিকেট পাকিস্তান’ক কয়, ‘আমি বিনামূলীয়াকৈ পাকিস্তানক প্ৰতিনিধিত্ব কৰিবলৈ সাজু, কিন্তু প্ৰশ্ন হয় যে আমি ব’ৰ্ডৰ সৈতে জড়িত লোকসকলক কিয় পৃষ্ঠপোষকতা প্ৰদান কৰিব লাগে। একেদৰে আমি প্ৰচাৰমূলক কাম-কাজ আৰু অন্যান্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিব পাৰো। বিশ্বকাপৰ সময়ত আমি আইচিচিৰ বাণিজ্যিক প্ৰচাৰ আৰু কাৰ্যকলাপৰ সৈতে জড়িত নহ’ম।’

প্ৰতিবেদনত আৰু কোৱা হৈছে যে খেলুৱৈসকলে আয়ৰ অংশ আইচিচি আৰু পৃষ্ঠপোষকৰ পৰা দাবী জনাইছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আইচিচি আৰু পৃষ্ঠপোষকৰ পৰা লাভ কৰিব প্ৰায় ৯.৮ বিলিয়ন টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ