--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিজন পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ জন্ম সুস্থ হোৱাটো বিচাৰে। কেনিয়াৰ বাসিন্দা এগনেছৰো একেই ইচ্ছা আছিল। কিন্তু তেওঁৰ ইচ্ছা ফলপ্ৰসূ নহ’ল।

এগনেছ ১১টা সন্তানৰ মাতৃ। কিন্তু তেওঁৰ ১১টা সন্তান আটাইকেইটা জন্মৰে পৰা অন্ধ। ১১টা শিশুৱেই অন্ধ হোৱাৰ বাবে স্থানীয় লোকে এগনেছক ‘পৃথিৱীৰ আটাইতকৈ দুৰ্ভাগ্যৱান মাতৃ’ বুলি আখ্যা দিছে।

২১ বছৰ আগতে অৰ্থাৎ ২০০১ চনৰ ভিতৰত এগনেছে বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ এবছৰৰ ভিতৰতে তাই গৰ্ভৱতী হয়। কেইমাহমানৰ ভিতৰতে প্ৰথম সন্তান জন্ম দিলে।

কিন্তু দেখা গ’ল যে এগনেছে জন্ম দিয়া সন্তানটো জন্মৰ পৰাই অন্ধ আছিল। চিকিৎসকে বহু চেষ্টা কৰিলেও শিশুটি জন্মতে অন্ধ হোৱাৰ কাৰণ বিচাৰি নাপালে। 

ইয়াৰ পিছত তাই পুনৰ মাতৃ হোৱাৰ মানসিক প্ৰস্তুতি আৰম্ভ কৰিলে। এগনেছৰ স্বামীয়েও এটা সুস্থ সন্তানৰ আশা কৰিলে।  দুবছৰৰ পিছত এগনেছে দ্বিতীয় সন্তান জন্ম দিয়ে। কিন্তু তেওঁৰ দ্বিতীয় সন্তানটোও অন্ধ হৈ জন্ম হৈছিল।

ইয়াৰ পিছত এগনেছে একেৰাহে আৰু ৯টা সন্তান জন্ম দিয়ে। কিন্তু তেওঁলোক সকলো জন্মান্ধ। এগনেছে আশা কৰিছিল যে তাইৰ এটা সন্তানৰ অন্ততঃ দৃষ্টিশক্তি থাকিব। যাতে সেই শিশুটিয়ে নিজৰ বাকী থকা ককা-আইতাকৰ যত্ন ল’ব পাৰে। কিন্তু এগনেছৰ সেই আশা পূৰণ নহ’ল।

এগনেছে বাৰে বাৰে অন্ধ সন্তান জন্ম দিয়াৰ কাৰণ বিচাৰি নাপালে চিকিৎসকে। কিন্তু এগনেছৰ গাঁৱৰ এটা অংশৰ মতে তাই ‘অভিশপ্ত’। একাংশৰ মতে কোনোবাই তেওঁৰ ওপৰত ‘ব্লেক মেজিক’ কৰিছে। আৰু সেইবাবেই এগনেছে বাৰে বাৰে অন্ধ সন্তান জন্ম দিছিল।

এগনেছ আৰু তেওঁৰ স্বামীয়ে অৱশ্যে এই কথাবোৰৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। দুয়োজনে একেলগে ল’ৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাৰ সিদ্ধান্ত লয়। কিন্তু স্বামীৰ মৃত্যুৰ পিছত এগনেছৰ সংগ্ৰাম অধিক কঠিন হৈ পৰে।

এগনেছে অকলে ১১টা সন্তানক ডাঙৰ-দীঘল কৰি আছে। পৰিয়ালত দৰিদ্ৰতাৰ মাজতো তেওঁ নিজৰ সন্তানৰ যত্ন লোৱাত ব্যৰ্থ হোৱা নাই।

কাপোৰৰ পৰা আৰম্ভ কৰি পুষ্টিকৰ খাদ্য যোগান ধৰালৈকে মাতৃ এগনেছে এককভাৱে শিশুসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিছিল। তাৰ বাবে দিনে-ৰাতিয়ে অক্লান্তভাৱে পৰিশ্ৰম কৰিছিল।

শেহতীয়াকৈ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হৈছিল এগনেছৰ কাহিনী। তাত এগনেছ আৰু তেওঁৰ ১১টা অন্ধ সন্তানক দেখা যায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ