--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিজন পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ জন্ম সুস্থ হোৱাটো বিচাৰে। কেনিয়াৰ বাসিন্দা এগনেছৰো একেই ইচ্ছা আছিল। কিন্তু তেওঁৰ ইচ্ছা ফলপ্ৰসূ নহ’ল।

এগনেছ ১১টা সন্তানৰ মাতৃ। কিন্তু তেওঁৰ ১১টা সন্তান আটাইকেইটা জন্মৰে পৰা অন্ধ। ১১টা শিশুৱেই অন্ধ হোৱাৰ বাবে স্থানীয় লোকে এগনেছক ‘পৃথিৱীৰ আটাইতকৈ দুৰ্ভাগ্যৱান মাতৃ’ বুলি আখ্যা দিছে।

২১ বছৰ আগতে অৰ্থাৎ ২০০১ চনৰ ভিতৰত এগনেছে বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ এবছৰৰ ভিতৰতে তাই গৰ্ভৱতী হয়। কেইমাহমানৰ ভিতৰতে প্ৰথম সন্তান জন্ম দিলে।

কিন্তু দেখা গ’ল যে এগনেছে জন্ম দিয়া সন্তানটো জন্মৰ পৰাই অন্ধ আছিল। চিকিৎসকে বহু চেষ্টা কৰিলেও শিশুটি জন্মতে অন্ধ হোৱাৰ কাৰণ বিচাৰি নাপালে। 

ইয়াৰ পিছত তাই পুনৰ মাতৃ হোৱাৰ মানসিক প্ৰস্তুতি আৰম্ভ কৰিলে। এগনেছৰ স্বামীয়েও এটা সুস্থ সন্তানৰ আশা কৰিলে।  দুবছৰৰ পিছত এগনেছে দ্বিতীয় সন্তান জন্ম দিয়ে। কিন্তু তেওঁৰ দ্বিতীয় সন্তানটোও অন্ধ হৈ জন্ম হৈছিল।

ইয়াৰ পিছত এগনেছে একেৰাহে আৰু ৯টা সন্তান জন্ম দিয়ে। কিন্তু তেওঁলোক সকলো জন্মান্ধ। এগনেছে আশা কৰিছিল যে তাইৰ এটা সন্তানৰ অন্ততঃ দৃষ্টিশক্তি থাকিব। যাতে সেই শিশুটিয়ে নিজৰ বাকী থকা ককা-আইতাকৰ যত্ন ল’ব পাৰে। কিন্তু এগনেছৰ সেই আশা পূৰণ নহ’ল।

এগনেছে বাৰে বাৰে অন্ধ সন্তান জন্ম দিয়াৰ কাৰণ বিচাৰি নাপালে চিকিৎসকে। কিন্তু এগনেছৰ গাঁৱৰ এটা অংশৰ মতে তাই ‘অভিশপ্ত’। একাংশৰ মতে কোনোবাই তেওঁৰ ওপৰত ‘ব্লেক মেজিক’ কৰিছে। আৰু সেইবাবেই এগনেছে বাৰে বাৰে অন্ধ সন্তান জন্ম দিছিল।

এগনেছ আৰু তেওঁৰ স্বামীয়ে অৱশ্যে এই কথাবোৰৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। দুয়োজনে একেলগে ল’ৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাৰ সিদ্ধান্ত লয়। কিন্তু স্বামীৰ মৃত্যুৰ পিছত এগনেছৰ সংগ্ৰাম অধিক কঠিন হৈ পৰে।

এগনেছে অকলে ১১টা সন্তানক ডাঙৰ-দীঘল কৰি আছে। পৰিয়ালত দৰিদ্ৰতাৰ মাজতো তেওঁ নিজৰ সন্তানৰ যত্ন লোৱাত ব্যৰ্থ হোৱা নাই।

কাপোৰৰ পৰা আৰম্ভ কৰি পুষ্টিকৰ খাদ্য যোগান ধৰালৈকে মাতৃ এগনেছে এককভাৱে শিশুসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিছিল। তাৰ বাবে দিনে-ৰাতিয়ে অক্লান্তভাৱে পৰিশ্ৰম কৰিছিল।

শেহতীয়াকৈ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হৈছিল এগনেছৰ কাহিনী। তাত এগনেছ আৰু তেওঁৰ ১১টা অন্ধ সন্তানক দেখা যায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস