--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ পৰা আহি পৰিছে এক মৰ্মান্তিক ঘটনাৰ খৱৰ৷ যোৱা মাহত ছিডনীত বাইক আৰু এছ ইউ ভিৰ মুখামুখি খুন্দাৰ ফলত মৃত্যু হোৱা উবেৰ ইটছৰ এজন ২২ বছৰীয়া ডেলীভাৰী যুৱকক মুম্বাইৰ বুলি চিনাক্ত কৰা হৈছে।

ফেব্ৰুৱাৰী মাহত ছিডনীস্থিত মেকৱেৰী বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগত স্নাতকোত্তৰ ডিগ্ৰী অধ্যয়নৰ বাবে বৃত্তি লৈ ছিডনীলৈ অহা অক্ষয় দৌলটানীৰ ২২ জুলাইত ৰয়েল নৰ্থ শ্ব’ৰ চিকিৎসালয়ত মৃত্যু হয়৷পৰিচয় নিশ্চিত কৰি লেবাৰৰ চিনেটৰ টনি শ্বেলডনে চলিত সপ্তাহৰ আৰম্ভণিতে সংসদত কয় যে ২০১৭ চনৰ পাছত চাকৰিৰ সময়তে নিহত হোৱা অক্ষয় হৈছে ১২ সংখ্যক ফুড ডেলিভাৰী ৰাইডাৰ।

সোমবাৰে শ্বেলডনে কয় যে অক্ষয়ে নিজৰ সপোন পূৰণৰ বাবে আৰু পৰিয়ালক উজ্জ্বল ভৱিষ্যত দিবলৈ বৃত্তিৰে এই দেশলৈ আহিছিল৷অক্ষয়ৰ সম্পৰ্কীয়ই জনাইছে যে তেওঁ বহিঃৰাষ্ট্ৰলৈ আহিব বিচৰাৰ একমাত্ৰ কাৰণটো হ’ল পৰিয়ালৰ বাবে অধিক সুবিধা প্ৰদান কৰা যাতে তেওঁলোকে এটা ভাল জীৱনশৈলী জীয়াই থাকিব পাৰে।


মাচুল পৰিশোধ কৰিবলৈ অক্ষয়ে সপ্তাহত কমেও তিনিবাৰ ফুড ডেলিভাৰী ৰাইডাৰ হিচাপে কাম কৰিছিল।বৰ্তমান এই  দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে নিউ চাউথ ৱেলছ (এন এছ ডব্লিউ) আৰক্ষী আৰু ছেফৱৰ্ক এন এছ ডব্লিউৱে।শ্বেলডনে কয় যে অক্ষয়ৰ এই মৰ্মান্তিক ক্ষতিটোৱে গিগ ইকনমি কিমান বিপজ্জনক হ’ব পাৰে তাৰ আন এক উদাহৰণ য’ত শ্ৰমিকসকলে কেৱল জীৱন নিৰ্বাহৰ বাবে নিজকে চৰম সীমালৈ ঠেলি দিবলৈ বাধ্য হয়।

ইয়াৰ উপৰিও চিনেটৰগৰাকীয়ে পৰিবহণ সংস্কাৰৰ আহ্বান জনায় যাতে উদ্যোগটোত প্ৰায় ২ লাখ ৫০ হাজাৰ গিগ শ্ৰমিকসকলে মৌলিক নিয়োগৰ অধিকাৰৰ লগতে সঠিক ক্ষতিপূৰণ লাভ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস