--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ পৰা আহি পৰিছে এক মৰ্মান্তিক ঘটনাৰ খৱৰ৷ যোৱা মাহত ছিডনীত বাইক আৰু এছ ইউ ভিৰ মুখামুখি খুন্দাৰ ফলত মৃত্যু হোৱা উবেৰ ইটছৰ এজন ২২ বছৰীয়া ডেলীভাৰী যুৱকক মুম্বাইৰ বুলি চিনাক্ত কৰা হৈছে।

ফেব্ৰুৱাৰী মাহত ছিডনীস্থিত মেকৱেৰী বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগত স্নাতকোত্তৰ ডিগ্ৰী অধ্যয়নৰ বাবে বৃত্তি লৈ ছিডনীলৈ অহা অক্ষয় দৌলটানীৰ ২২ জুলাইত ৰয়েল নৰ্থ শ্ব’ৰ চিকিৎসালয়ত মৃত্যু হয়৷পৰিচয় নিশ্চিত কৰি লেবাৰৰ চিনেটৰ টনি শ্বেলডনে চলিত সপ্তাহৰ আৰম্ভণিতে সংসদত কয় যে ২০১৭ চনৰ পাছত চাকৰিৰ সময়তে নিহত হোৱা অক্ষয় হৈছে ১২ সংখ্যক ফুড ডেলিভাৰী ৰাইডাৰ।

সোমবাৰে শ্বেলডনে কয় যে অক্ষয়ে নিজৰ সপোন পূৰণৰ বাবে আৰু পৰিয়ালক উজ্জ্বল ভৱিষ্যত দিবলৈ বৃত্তিৰে এই দেশলৈ আহিছিল৷অক্ষয়ৰ সম্পৰ্কীয়ই জনাইছে যে তেওঁ বহিঃৰাষ্ট্ৰলৈ আহিব বিচৰাৰ একমাত্ৰ কাৰণটো হ’ল পৰিয়ালৰ বাবে অধিক সুবিধা প্ৰদান কৰা যাতে তেওঁলোকে এটা ভাল জীৱনশৈলী জীয়াই থাকিব পাৰে।


মাচুল পৰিশোধ কৰিবলৈ অক্ষয়ে সপ্তাহত কমেও তিনিবাৰ ফুড ডেলিভাৰী ৰাইডাৰ হিচাপে কাম কৰিছিল।বৰ্তমান এই  দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে নিউ চাউথ ৱেলছ (এন এছ ডব্লিউ) আৰক্ষী আৰু ছেফৱৰ্ক এন এছ ডব্লিউৱে।শ্বেলডনে কয় যে অক্ষয়ৰ এই মৰ্মান্তিক ক্ষতিটোৱে গিগ ইকনমি কিমান বিপজ্জনক হ’ব পাৰে তাৰ আন এক উদাহৰণ য’ত শ্ৰমিকসকলে কেৱল জীৱন নিৰ্বাহৰ বাবে নিজকে চৰম সীমালৈ ঠেলি দিবলৈ বাধ্য হয়।

ইয়াৰ উপৰিও চিনেটৰগৰাকীয়ে পৰিবহণ সংস্কাৰৰ আহ্বান জনায় যাতে উদ্যোগটোত প্ৰায় ২ লাখ ৫০ হাজাৰ গিগ শ্ৰমিকসকলে মৌলিক নিয়োগৰ অধিকাৰৰ লগতে সঠিক ক্ষতিপূৰণ লাভ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা