--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ উগাণ্ডাৰ এজন পুৰুষৰ বিবাহৰ খবৰ চৌদিশে আৰম্ভ হৈছে। উগাণ্ডাৰ লুছাকাৰ এজন ৬৮ বছৰীয়া ব্যক্তিৰ ১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান আৰু ৫৭৮ গৰাকী নাতি-নাতিনী আছে। শুনিবলৈ আচৰিত লাগিলেও সঁচা।

মুছা হাছ্যা কাছেৰা নামৰ ব্যক্তিজনে কয় যে তেওঁ গৰ্ভনিৰোধক ব্যৱহাৰৰ পক্ষত একেবাৰেই নহয়, গতিকে তেওঁ জীৱনত কেতিয়াও গৰ্ভনিৰোধক ব্যৱহাৰ কৰা নাই।

কিন্তু ইমানবোৰ সন্তান জন্ম দিয়াৰ পিছত এতিয়া তেওঁ ভাগৰুৱা হৈ পৰিছে। আৰু মুছাই সন্তান জন্ম দিব নিবিচাৰে। যদিও তেওঁ নিজে গৰ্ভনিৰোধক ব্যৱহাৰ কৰিবলৈ অনিচ্ছুক, তথাপিও তেওঁ পত্নীসকলক ইয়াৰ পৰিৱৰ্তে জন্ম নিয়ন্ত্ৰণৰ বড়ি খাবলৈ পৰামৰ্শ দিয়ে।

সংবাদ মাধ্যমৰ আগত মুছাই কয় যে সমস্যাটো হ’ল মোৰ বেছিভাগ সন্তানৰ নাম মনত ৰাখিব পৰা নাই। প্ৰথম আৰু শেষ সন্তানৰ নামহে মনত আছে। আনক দেখিলেও তেওঁলোকৰ নাম মনত নাথাকে।

১৯৭২ চনত ১৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় মুছাই। তেওঁ অকলশৰীয়া নহয়, তেওঁৰ পৰিয়ালত একাধিক বিবাহ আছে। পৰিয়ালৰ হেঁচাত ইটোৰ পিছত সিটোকৈ বিয়া পাতিবলৈ ধৰিলে।

অৱশ্যে একাধিক বিবাহ আৰু সন্তান জন্ম দিয়াটো একেবাৰেই ঠিক নাছিল, এতিয়া মুছাই তেনেকৈয়ে ভাবে। আৰ্থিক অভাৱত তেওঁ পৰিয়ালৰ লোকক উপযুক্ত খাদ্য যোগান ধৰিব পৰা নাই।

ল’ৰা-ছোৱালীৰ কাপোৰ-কানি আৰু শিক্ষাৰ খৰচ বহন কৰিবলৈ তেওঁ অক্ষম। ইয়াৰ বাবেই মুছাৰ পত্নী দুগৰাকীয়ে তেওঁক এৰি থৈ গ’ল। মুছাই কয় যে আৰ্থিক চাপৰ বাবে মই আৰু সন্তান নিবিচাৰো।

উগাণ্ডাৰ লুছাকা ভ্ৰমণৰ সময়ত তেওঁলোকে মুছাৰ পৰিয়ালক লগ পাইছিল। ইমান ডাঙৰ পৰিয়াল সিহঁতে আগতে কেতিয়াও দেখা নাছিল। কিন্তু মোচিয়ে কোনো বিধান ভংগ কৰা নাছিল। উগাণ্ডাত বহুবিবাহ বৈধ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস