--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ উগাণ্ডাৰ এজন পুৰুষৰ বিবাহৰ খবৰ চৌদিশে আৰম্ভ হৈছে। উগাণ্ডাৰ লুছাকাৰ এজন ৬৮ বছৰীয়া ব্যক্তিৰ ১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান আৰু ৫৭৮ গৰাকী নাতি-নাতিনী আছে। শুনিবলৈ আচৰিত লাগিলেও সঁচা।

মুছা হাছ্যা কাছেৰা নামৰ ব্যক্তিজনে কয় যে তেওঁ গৰ্ভনিৰোধক ব্যৱহাৰৰ পক্ষত একেবাৰেই নহয়, গতিকে তেওঁ জীৱনত কেতিয়াও গৰ্ভনিৰোধক ব্যৱহাৰ কৰা নাই।

কিন্তু ইমানবোৰ সন্তান জন্ম দিয়াৰ পিছত এতিয়া তেওঁ ভাগৰুৱা হৈ পৰিছে। আৰু মুছাই সন্তান জন্ম দিব নিবিচাৰে। যদিও তেওঁ নিজে গৰ্ভনিৰোধক ব্যৱহাৰ কৰিবলৈ অনিচ্ছুক, তথাপিও তেওঁ পত্নীসকলক ইয়াৰ পৰিৱৰ্তে জন্ম নিয়ন্ত্ৰণৰ বড়ি খাবলৈ পৰামৰ্শ দিয়ে।

সংবাদ মাধ্যমৰ আগত মুছাই কয় যে সমস্যাটো হ’ল মোৰ বেছিভাগ সন্তানৰ নাম মনত ৰাখিব পৰা নাই। প্ৰথম আৰু শেষ সন্তানৰ নামহে মনত আছে। আনক দেখিলেও তেওঁলোকৰ নাম মনত নাথাকে।

১৯৭২ চনত ১৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় মুছাই। তেওঁ অকলশৰীয়া নহয়, তেওঁৰ পৰিয়ালত একাধিক বিবাহ আছে। পৰিয়ালৰ হেঁচাত ইটোৰ পিছত সিটোকৈ বিয়া পাতিবলৈ ধৰিলে।

অৱশ্যে একাধিক বিবাহ আৰু সন্তান জন্ম দিয়াটো একেবাৰেই ঠিক নাছিল, এতিয়া মুছাই তেনেকৈয়ে ভাবে। আৰ্থিক অভাৱত তেওঁ পৰিয়ালৰ লোকক উপযুক্ত খাদ্য যোগান ধৰিব পৰা নাই।

ল’ৰা-ছোৱালীৰ কাপোৰ-কানি আৰু শিক্ষাৰ খৰচ বহন কৰিবলৈ তেওঁ অক্ষম। ইয়াৰ বাবেই মুছাৰ পত্নী দুগৰাকীয়ে তেওঁক এৰি থৈ গ’ল। মুছাই কয় যে আৰ্থিক চাপৰ বাবে মই আৰু সন্তান নিবিচাৰো।

উগাণ্ডাৰ লুছাকা ভ্ৰমণৰ সময়ত তেওঁলোকে মুছাৰ পৰিয়ালক লগ পাইছিল। ইমান ডাঙৰ পৰিয়াল সিহঁতে আগতে কেতিয়াও দেখা নাছিল। কিন্তু মোচিয়ে কোনো বিধান ভংগ কৰা নাছিল। উগাণ্ডাত বহুবিবাহ বৈধ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ