--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি আছে যুদ্ধ। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এতিয়া এনে এক বিবৃতি দিছে যাৰ পিছত এই যুদ্ধ বেছি দিন নাথাকিবও পাৰে বুলি জল্পনা-কল্পনা কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী অলেক্সি ৰেজনিকোভে কয় যে ইউক্ৰেইন আলোচন শান্তি চুক্তিৰ বাবে সাজু।

অৱশ্যে ইয়াৰ বাবেও তেওঁ এক চৰ্ত ৰাখিছে। তেওঁ কৈছে যেতিয়া ৰাছিয়াই বিশেষ সামৰিক অভিযানত কিছু পৰিৱৰ্তন কৰিব তেতিয়াহে এই আলোচনা সম্ভৱপৰ হ’ব।

যোৱা কেইদিনমানৰ পৰা চলি থকা যুদ্ধত ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই অহৰহ সফলতা অৰ্জন কৰি আছে। ইফালে ৮ জুনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে খেৰচন ভ্ৰমণ কৰিছিল। দৰাচলতে ফ’ৰিছ অঞ্চলত চলি থকা ৰাছিয়াৰ আক্ৰমণৰ বাবে ইউক্ৰেইনৰ বহু ক্ষতি হৈছে। জেলেনস্কিয়ে ইয়াৰ পৰিস্থিতিৰ বিষয়ে সোধা-পোছা কৰিবলৈ গৈছিল। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৰাছিয়াৰ সৈতে আলোচনাৰ বক্তব্য প্ৰকাশ কৰিছে জেলেনস্কিৰ খেৰচন ভ্ৰমণৰ পিছতহে।

আনহাতে, ৰেজনিকোভৰ এই বক্তব্যৰ প্ৰতি এতিয়াও ৰাছিয়াই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। 

জেলেনস্কি আৰু ৰেজনিকোভৰ মাজৰ সম্পৰ্ক সন্দৰ্ভতো এটা প্ৰশ্ন উত্থাপন হৈছে যে দুয়োৰে মাজত সকলো ঠিকেই আছে নেকি? দৰাচলতে বিগত সময়ত প্ৰতিৰক্ষা মন্ত্ৰীয়ে বহু গুৰুত্বপূৰ্ণ তথ্য ফাদিল কৰিছিল, তাৰ পিছত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে তেওঁক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছিল, কিন্তু তাৰ পিছত হঠাতে প্ৰতিৰক্ষা মন্ত্ৰীক ক্ষমা কৰিছিল ৰাষ্ট্ৰপতি জেলেনস্কিয়ে।

পিটিআইৰ মতে, আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেন্টাগনে শুকুৰবাৰে ইউক্ৰেইনলৈ অতিৰিক্ত ২.১ বিলিয়ন মাৰ্কিন ডলাৰৰ দীৰ্ঘম্যাদী অস্ত্ৰ সাহায্য ঘোষণা কৰে। নতুন সাহায্য পেকেজত অধিক পেট্ৰিয়াট মিছাইল, হক এয়াৰ ডিফেন্স চিষ্টেম আৰু মিছাইল, আৰু সৰু পুমা ড্ৰ’নৰ বাবে ধন আগবঢ়োৱা হৈছে।

এই ঘোষণাৰ পিছতে ইউক্ৰেইনে ৰাছিয়াই দখল কৰা ভূখণ্ড পুনৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াসত বহু প্ৰত্যাশিত প্ৰতিশোধমূলক আক্ৰমণ আৰম্ভ কৰিবলৈ ওলাইছে নেকি সেই বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছৰে পৰা আমেৰিকাই কিয়েভক ৩৭.৬ বিলিয়ন ডলাৰৰ সাহায্য আগবঢ়াইছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী অলেক্সি ৰেজনিকোভে ইউক্ৰেইন আলোচন শান্তি চুক্তিৰ বাবে সাজু বুলি কোৱা তথ্যই পৰবৰ্তী সময়ত কি ৰূপ লয় সেয়া সময়ত হ'ব লক্ষ্যনীয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ