--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি আছে যুদ্ধ। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এতিয়া এনে এক বিবৃতি দিছে যাৰ পিছত এই যুদ্ধ বেছি দিন নাথাকিবও পাৰে বুলি জল্পনা-কল্পনা কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী অলেক্সি ৰেজনিকোভে কয় যে ইউক্ৰেইন আলোচন শান্তি চুক্তিৰ বাবে সাজু।

অৱশ্যে ইয়াৰ বাবেও তেওঁ এক চৰ্ত ৰাখিছে। তেওঁ কৈছে যেতিয়া ৰাছিয়াই বিশেষ সামৰিক অভিযানত কিছু পৰিৱৰ্তন কৰিব তেতিয়াহে এই আলোচনা সম্ভৱপৰ হ’ব।

যোৱা কেইদিনমানৰ পৰা চলি থকা যুদ্ধত ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই অহৰহ সফলতা অৰ্জন কৰি আছে। ইফালে ৮ জুনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে খেৰচন ভ্ৰমণ কৰিছিল। দৰাচলতে ফ’ৰিছ অঞ্চলত চলি থকা ৰাছিয়াৰ আক্ৰমণৰ বাবে ইউক্ৰেইনৰ বহু ক্ষতি হৈছে। জেলেনস্কিয়ে ইয়াৰ পৰিস্থিতিৰ বিষয়ে সোধা-পোছা কৰিবলৈ গৈছিল। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৰাছিয়াৰ সৈতে আলোচনাৰ বক্তব্য প্ৰকাশ কৰিছে জেলেনস্কিৰ খেৰচন ভ্ৰমণৰ পিছতহে।

আনহাতে, ৰেজনিকোভৰ এই বক্তব্যৰ প্ৰতি এতিয়াও ৰাছিয়াই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। 

জেলেনস্কি আৰু ৰেজনিকোভৰ মাজৰ সম্পৰ্ক সন্দৰ্ভতো এটা প্ৰশ্ন উত্থাপন হৈছে যে দুয়োৰে মাজত সকলো ঠিকেই আছে নেকি? দৰাচলতে বিগত সময়ত প্ৰতিৰক্ষা মন্ত্ৰীয়ে বহু গুৰুত্বপূৰ্ণ তথ্য ফাদিল কৰিছিল, তাৰ পিছত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে তেওঁক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছিল, কিন্তু তাৰ পিছত হঠাতে প্ৰতিৰক্ষা মন্ত্ৰীক ক্ষমা কৰিছিল ৰাষ্ট্ৰপতি জেলেনস্কিয়ে।

পিটিআইৰ মতে, আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেন্টাগনে শুকুৰবাৰে ইউক্ৰেইনলৈ অতিৰিক্ত ২.১ বিলিয়ন মাৰ্কিন ডলাৰৰ দীৰ্ঘম্যাদী অস্ত্ৰ সাহায্য ঘোষণা কৰে। নতুন সাহায্য পেকেজত অধিক পেট্ৰিয়াট মিছাইল, হক এয়াৰ ডিফেন্স চিষ্টেম আৰু মিছাইল, আৰু সৰু পুমা ড্ৰ’নৰ বাবে ধন আগবঢ়োৱা হৈছে।

এই ঘোষণাৰ পিছতে ইউক্ৰেইনে ৰাছিয়াই দখল কৰা ভূখণ্ড পুনৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াসত বহু প্ৰত্যাশিত প্ৰতিশোধমূলক আক্ৰমণ আৰম্ভ কৰিবলৈ ওলাইছে নেকি সেই বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছৰে পৰা আমেৰিকাই কিয়েভক ৩৭.৬ বিলিয়ন ডলাৰৰ সাহায্য আগবঢ়াইছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী অলেক্সি ৰেজনিকোভে ইউক্ৰেইন আলোচন শান্তি চুক্তিৰ বাবে সাজু বুলি কোৱা তথ্যই পৰবৰ্তী সময়ত কি ৰূপ লয় সেয়া সময়ত হ'ব লক্ষ্যনীয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ