--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিউয়ৰ্কে হংকঙক অতিক্ৰম কৰিলে বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰ হিচাপে। শেহতীয়াকৈ কৰা এক সমীক্ষা অনুসৰি আমেৰিকাৰ যিখন চহৰত এজন ব্যক্তিয়ে প্ৰবাসী হিচাপে জীয়াই থাকিবলৈ আটাইতকৈ বেছি খৰচ কৰিবলগীয়া হয়, সেইখনেই হৈছে নিউয়ৰ্ক।

লণ্ডনস্থিত বিত্তীয় গৱেষণা সংস্থা ইচিএ ইণ্টাৰনেশ্যনেলে প্ৰকাশ কৰা ২০২৩ চনৰ ‘কষ্ট অৱ লিভিং ৰেংকিং’ প্ৰতিবেদনত দাবী কৰা হৈছে যে নিউয়ৰ্কে চীনৰ হংকং চহৰখনক অতিক্ৰম কৰিছে মূল্যবৃদ্ধি আৰু গৃহ নিৰ্মাণৰ ব্যয় বৃদ্ধিৰ বাবে। যোৱা ডিচেম্বৰ মাহত প্ৰকাশিত প্ৰতিবেদনত হংকঙে প্ৰথম স্থান লাভ কৰিছিল। এইবাৰ দ্বিতীয় স্থানলৈ নামিছে চহৰখন।

নতুন প্ৰতিবেদন অনুসৰি এই তালিকাত তৃতীয় স্থানত আছে ছুইজাৰলেণ্ডৰ জেনেভা। খৰচৰ ক্ষেত্ৰত চতুৰ্থ স্থানত আছে ব্ৰিটেইনৰ ৰাজধানী লণ্ডন। এছিয়াৰ আন এখন চহৰ হৈছে পঞ্চম স্থানত ছিংগাপুৰ। যোৱা বছৰ ছিংগাপুৰ ১৩ নম্বৰত আছিল।

প্ৰতিবেদনত কোৱা হৈছে যে যোৱা বছৰৰ তুলনাত বিশ্বৰ প্ৰধান চহৰসমূহত জীৱন-যাপনৰ ব্যয় যথেষ্ট বৃদ্ধি পাইছে। ইচিএ ইণ্টাৰনেশ্যনেলৰ বিত্তীয় বিশেষজ্ঞসকলৰ মতে মহামাৰীৰ লগতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰভাৱেই এই মূল্যবৃদ্ধিৰ কাৰণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস