--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাইবাৰ অপৰাধৰ বাবে কুখ্যাত ‘জামতাৰা গেঙ’ৰ সৈতে জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন যুৱকক। দিল্লী আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি শুকুৰবাৰে ঝাৰখণ্ডৰ জামতাৰাৰ পৰা দিলৱাৰ হুছেইন নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে৷

ঘটনা অনুসৰি দিলৱাৰে এটা জনপ্ৰিয় এপৰ বাবে ‘গ্ৰাহক সহায় সেৱা’ প্ৰদান কৰি বহু লোকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। এজন ব্যক্তিৰ ৩ লাখ ২০ হাজাৰ টকাৰ চাইবাৰ জালিয়াতিৰ তদন্তৰ পিছতে ঝাৰখণ্ডৰ জামতাৰাৰ পৰা দিলৱাৰৰ সন্ধান উলিয়াই গ্ৰেপ্তাৰ কৰে।

দিল্লী আৰক্ষীয়ে জনোৱা মতে, তদন্তত ১২ লাখৰো অধিক টকাৰ চাইবাৰ জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে। দিলৱাৰৰ ৮টা বেংক একাউণ্টৰ লেনদেন ট্ৰেচ কৰাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়৷ 

উল্লেখযোগ্য যে,ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ পৰা ২০০ কিলোমিটাৰ দূৰত্বত থকা জামতাৰাক ‘ভাৰতৰ চাইবাৰ অপৰাধৰ ৰাজধানী’ বুলি কোৱা হয়। অপৰাধৰ ধাৰা হ্ৰাস কৰিবলৈ আৰক্ষী আৰু সংশ্লিষ্ট জিলা প্ৰশাসনৰ উদ্যোগত শেহতীয়াকৈ জামতাৰাৰ ১১৮খন পঞ্চায়তত বিশেষ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন