--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাইবাৰ অপৰাধৰ বাবে কুখ্যাত ‘জামতাৰা গেঙ’ৰ সৈতে জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন যুৱকক। দিল্লী আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি শুকুৰবাৰে ঝাৰখণ্ডৰ জামতাৰাৰ পৰা দিলৱাৰ হুছেইন নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে৷

ঘটনা অনুসৰি দিলৱাৰে এটা জনপ্ৰিয় এপৰ বাবে ‘গ্ৰাহক সহায় সেৱা’ প্ৰদান কৰি বহু লোকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। এজন ব্যক্তিৰ ৩ লাখ ২০ হাজাৰ টকাৰ চাইবাৰ জালিয়াতিৰ তদন্তৰ পিছতে ঝাৰখণ্ডৰ জামতাৰাৰ পৰা দিলৱাৰৰ সন্ধান উলিয়াই গ্ৰেপ্তাৰ কৰে।

দিল্লী আৰক্ষীয়ে জনোৱা মতে, তদন্তত ১২ লাখৰো অধিক টকাৰ চাইবাৰ জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে। দিলৱাৰৰ ৮টা বেংক একাউণ্টৰ লেনদেন ট্ৰেচ কৰাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়৷ 

উল্লেখযোগ্য যে,ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ পৰা ২০০ কিলোমিটাৰ দূৰত্বত থকা জামতাৰাক ‘ভাৰতৰ চাইবাৰ অপৰাধৰ ৰাজধানী’ বুলি কোৱা হয়। অপৰাধৰ ধাৰা হ্ৰাস কৰিবলৈ আৰক্ষী আৰু সংশ্লিষ্ট জিলা প্ৰশাসনৰ উদ্যোগত শেহতীয়াকৈ জামতাৰাৰ ১১৮খন পঞ্চায়তত বিশেষ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস