--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজপথত তিনিখন ট্ৰাকৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষ। এই সংঘৰ্ষৰ ফলত আটাইকেইখন ট্ৰাকতে সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত তিনিওজন ট্ৰাক চালকে মৃত্যুক সাৱটি লয়। এই অগ্নিকাণ্ডত ট্ৰাকৰ ভিতৰতে আৱদ্ধ হৈ কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল তিনিওখন ট্ৰাকৰ চালক কেইজনে।

ওড়িশাৰ ঝাৰছুগুডা জিলাত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। আৰক্ষীয়ে সদৰী কৰা অনুসৰি এই ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৯ৰ ঝাৰছুগুডা সদৰ থানাৰ সমীপত। আৰক্ষীয়ে জনোৱা মতে, সংঘৰ্ষৰ পিছত তিনিখন ট্ৰাকৰ চালক বাহনৰ পৰা নামিব নোৱাৰিলে, যাৰ বাবে ট্ৰাকৰ ভিতৰতে জীৱিত অৱস্থাতে জ্বলি তেওঁলোকৰ জীৱন শেষ হৈ যায়। পাছত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপন কৰে। মৃতকৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

এটা টাৰ্ণিং ঘূৰিবলৈ লওতেই তিনিওখন ট্ৰাকৰ মাজত সংঘৰ্ষ ঘটে। ইফালে সংঘৰ্ষৰ পাছতে লগেলগে জুইৰ সূত্ৰপাত ঘটে আটাইকেইখন ট্ৰাকত। আনহাতে এটা পথ দুৰ্ঘটনাত কটকৰ বিডান্সি ছেক্সনৰ সমীপত এখন গাড়ী আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত এজন ব্যক্তিৰ মৃত্যু হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এই দুৰ্ঘটনাত আন দুজন গুৰুতৰভাৱে আহত হয়। আহতসকলক এছ চি বি চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস