--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজপথত তিনিখন ট্ৰাকৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষ। এই সংঘৰ্ষৰ ফলত আটাইকেইখন ট্ৰাকতে সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত তিনিওজন ট্ৰাক চালকে মৃত্যুক সাৱটি লয়। এই অগ্নিকাণ্ডত ট্ৰাকৰ ভিতৰতে আৱদ্ধ হৈ কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল তিনিওখন ট্ৰাকৰ চালক কেইজনে।

ওড়িশাৰ ঝাৰছুগুডা জিলাত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। আৰক্ষীয়ে সদৰী কৰা অনুসৰি এই ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৯ৰ ঝাৰছুগুডা সদৰ থানাৰ সমীপত। আৰক্ষীয়ে জনোৱা মতে, সংঘৰ্ষৰ পিছত তিনিখন ট্ৰাকৰ চালক বাহনৰ পৰা নামিব নোৱাৰিলে, যাৰ বাবে ট্ৰাকৰ ভিতৰতে জীৱিত অৱস্থাতে জ্বলি তেওঁলোকৰ জীৱন শেষ হৈ যায়। পাছত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপন কৰে। মৃতকৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

এটা টাৰ্ণিং ঘূৰিবলৈ লওতেই তিনিওখন ট্ৰাকৰ মাজত সংঘৰ্ষ ঘটে। ইফালে সংঘৰ্ষৰ পাছতে লগেলগে জুইৰ সূত্ৰপাত ঘটে আটাইকেইখন ট্ৰাকত। আনহাতে এটা পথ দুৰ্ঘটনাত কটকৰ বিডান্সি ছেক্সনৰ সমীপত এখন গাড়ী আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত এজন ব্যক্তিৰ মৃত্যু হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এই দুৰ্ঘটনাত আন দুজন গুৰুতৰভাৱে আহত হয়। আহতসকলক এছ চি বি চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন