--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সাংবিধানিক পৰিকাঠামোৰ ভিতৰত থকা লোকসকলক ঘৃণা বিয়পোৱা মন্তব্য কৰাৰ পৰা বিৰত ৰখাৰ বাবে নির্দেশনা বিচাৰি পি আই এলখন উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল।

ডিজিটেল ডেস্ক : ঘৃণা বিয়পোৱা মন্তব্যক লৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আৱেদনৰ (পি আই এল) বিষয়ত সর্বোচ্চ আদালতখনৰ এখন বিচাৰপীঠে মঙলবাৰে দেশৰ ১২জন 'প্রখ্যাত' লোকক সমালোচনা কৰে। আৱেদনখনত বিজেপিশাসিত চৰকাৰৰ মুখ্যমন্ত্ৰীসকলক লক্ষ্য কৰি লোৱা হৈছে বুলি বিচাৰপীঠখনে সমালোচনা কৰে। 


সাংবিধানিক পৰিকাঠামোৰ ভিতৰত থকা লোকসকলক ঘৃণা বিয়পোৱা মন্তব্য কৰাৰ পৰা বিৰত ৰখাৰ বাবে নির্দেশনা বিচাৰি পি আই এলখন উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল। আৱেদনকাৰীৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰি জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে মুখ্য ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ বি ভি নাগাৰত্ন, জয়মাল্য বাগচীৰে গঠিত বিচাৰপীঠখনৰ সন্মুখত কয় যে দেশৰ পৰিৱেশ এতিয়া বিষাক্ত হৈ পৰিছে আৰু একমাত্র উচ্চতম ন্যায়ালয়েহে ইয়াৰ প্ৰতিকাৰ কৰিব পাৰিব। 


বিচাৰপীঠখনে এই বিষয়ত প্রতিক্রিয়া প্রকাশ কৰি কয় যে আৱেদনখনত কেইজনমান নির্বাচিত ব্যক্তিৰ বিৰুদ্ধেহে অভিযোগ উত্থাপন কৰিছে। সমস্যাটোৰ বিষয়ত আলোকপাত কৰিবলৈ গৈ তেওঁলোকে বিজেপিশাসিত চৰকাৰৰ মুখ্যমন্ত্ৰীসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি বিচাৰপীঠখনে মত ব্যক্ত কৰে। আৱেদনকাৰীসকলৰ ভিতৰত ৰূপৰেখা বাৰ্মা, মোহদ অদীপ, হর্শ মান্দেৰ, নজীৱ জং, জন দয়াল আৰু অশোক শর্মা আদি আছে। তেওঁলোকে বিজেপিশাসিত চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, যোগী অদিত্যনাথ, দেবেন্দ্ৰ ফড়নবিছ, পুষ্কৰ সিং ধামি, অনন্ত কুমাৰ হেগড়ে আৰু কেন্দ্ৰীয় মন্ত্রী গিৰিৰাজ সিঙৰ বিৰুদ্ধে অভিযোগ আনিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ