--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সাংবিধানিক পৰিকাঠামোৰ ভিতৰত থকা লোকসকলক ঘৃণা বিয়পোৱা মন্তব্য কৰাৰ পৰা বিৰত ৰখাৰ বাবে নির্দেশনা বিচাৰি পি আই এলখন উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল।

ডিজিটেল ডেস্ক : ঘৃণা বিয়পোৱা মন্তব্যক লৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আৱেদনৰ (পি আই এল) বিষয়ত সর্বোচ্চ আদালতখনৰ এখন বিচাৰপীঠে মঙলবাৰে দেশৰ ১২জন 'প্রখ্যাত' লোকক সমালোচনা কৰে। আৱেদনখনত বিজেপিশাসিত চৰকাৰৰ মুখ্যমন্ত্ৰীসকলক লক্ষ্য কৰি লোৱা হৈছে বুলি বিচাৰপীঠখনে সমালোচনা কৰে। 


সাংবিধানিক পৰিকাঠামোৰ ভিতৰত থকা লোকসকলক ঘৃণা বিয়পোৱা মন্তব্য কৰাৰ পৰা বিৰত ৰখাৰ বাবে নির্দেশনা বিচাৰি পি আই এলখন উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল। আৱেদনকাৰীৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰি জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে মুখ্য ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ বি ভি নাগাৰত্ন, জয়মাল্য বাগচীৰে গঠিত বিচাৰপীঠখনৰ সন্মুখত কয় যে দেশৰ পৰিৱেশ এতিয়া বিষাক্ত হৈ পৰিছে আৰু একমাত্র উচ্চতম ন্যায়ালয়েহে ইয়াৰ প্ৰতিকাৰ কৰিব পাৰিব। 


বিচাৰপীঠখনে এই বিষয়ত প্রতিক্রিয়া প্রকাশ কৰি কয় যে আৱেদনখনত কেইজনমান নির্বাচিত ব্যক্তিৰ বিৰুদ্ধেহে অভিযোগ উত্থাপন কৰিছে। সমস্যাটোৰ বিষয়ত আলোকপাত কৰিবলৈ গৈ তেওঁলোকে বিজেপিশাসিত চৰকাৰৰ মুখ্যমন্ত্ৰীসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি বিচাৰপীঠখনে মত ব্যক্ত কৰে। আৱেদনকাৰীসকলৰ ভিতৰত ৰূপৰেখা বাৰ্মা, মোহদ অদীপ, হর্শ মান্দেৰ, নজীৱ জং, জন দয়াল আৰু অশোক শর্মা আদি আছে। তেওঁলোকে বিজেপিশাসিত চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, যোগী অদিত্যনাথ, দেবেন্দ্ৰ ফড়নবিছ, পুষ্কৰ সিং ধামি, অনন্ত কুমাৰ হেগড়ে আৰু কেন্দ্ৰীয় মন্ত্রী গিৰিৰাজ সিঙৰ বিৰুদ্ধে অভিযোগ আনিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু