--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (FEMA) উলংঘা কৰি বিদেশত ধন বিনিয়োগ আৰু সম্পত্তি চলোৱাৰ অভিযোগত এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

ডিজিটেল ডেস্কঃ ৰিলায়েন্স গ্ৰুপৰ মুৰব্বী অনিল আম্বানী পুনৰবাৰ আইনী মেৰপাকত আৱদ্ধ হৈ পৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে (ED) এক গুৰুত্বপূৰ্ণ বৈদেশিক মুদ্ৰা বিনিময় গোচৰৰ তদন্তৰ সংক্ৰান্তত উদ্যোগপতিগৰাকীক পুনৰবাৰ চমন জাৰি কৰিছে। 


অহা ২৬ ফেব্ৰুৱাৰীত তেওঁক তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।


খবৰ অনুসৰি, বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (FEMA) উলংঘা কৰি বিদেশত ধন বিনিয়োগ আৰু সম্পত্তি চলোৱাৰ অভিযোগত এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। বিশেষকৈ ‘পেণ্ডোৰা পেপাৰ্ছ’ (Pandora Papers) ফাদিল হোৱাৰ পাছত আম্বানীৰ বিদেশী লেনদেনসমূহ ইডি-ৰ তীক্ষ্ণ দৃষ্টিলৈ আহিছিল।


প্ৰতিৰক্ষা চুক্তিৰ সৈতে সম্পৰ্ক


তদন্তকাৰী সংস্থাই কেৱল ব্যক্তিগত বিনিয়োগেই নহয়, বৰঞ্চ তেওঁৰ কোম্পানীৰ সৈতে জড়িত কিছুমান প্ৰতিৰক্ষা খণ্ডৰ চুক্তিৰ আৰ্থিক দিশবোৰো পৰীক্ষা কৰি আছে। এই চুক্তিসমূহৰ জৰিয়তে কোনো ধৰণৰ অবৈধ ধনৰ লেনদেন বা কৰ ফাঁকি দিয়া হৈছিল নেকি, সেই সন্দৰ্ভত আম্বানীক সোধা-পোছা কৰা হ’ব।


২৬ ফেব্ৰুৱাৰীত হাজিৰ হোৱাৰ সময়ত অনিল আম্বানীক তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ যোৱা কেইবছৰমানৰ,বেংক স্টেটমেন্ট,বিদেশী বিনিয়োগৰ নথিপত্ৰ

,আয়কৰ ৰিটাৰ্ণৰ সবিশেষ লগত আনিবলৈ কোৱা হৈছে বুলি জানিব পৰা গৈছে।


আম্বানীৰ পূৰ্বৰ স্থিতি


উল্লেখ্য যে ইয়াৰ পূৰ্বেও অনিল আম্বানীক কেইবাবাৰো ইডি-ৰ কাৰ্যালয়লৈ তলব কৰা হৈছিল। যদিও তেওঁ তদন্তত সহযোগিতা কৰাৰ কথা কৈছে, তথাপিও নতুনকৈ জাৰি কৰা এই চমনে তেওঁৰ সমস্যা আৰু অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ