--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (FEMA) উলংঘা কৰি বিদেশত ধন বিনিয়োগ আৰু সম্পত্তি চলোৱাৰ অভিযোগত এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

ডিজিটেল ডেস্কঃ ৰিলায়েন্স গ্ৰুপৰ মুৰব্বী অনিল আম্বানী পুনৰবাৰ আইনী মেৰপাকত আৱদ্ধ হৈ পৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে (ED) এক গুৰুত্বপূৰ্ণ বৈদেশিক মুদ্ৰা বিনিময় গোচৰৰ তদন্তৰ সংক্ৰান্তত উদ্যোগপতিগৰাকীক পুনৰবাৰ চমন জাৰি কৰিছে। 


অহা ২৬ ফেব্ৰুৱাৰীত তেওঁক তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।


খবৰ অনুসৰি, বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (FEMA) উলংঘা কৰি বিদেশত ধন বিনিয়োগ আৰু সম্পত্তি চলোৱাৰ অভিযোগত এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। বিশেষকৈ ‘পেণ্ডোৰা পেপাৰ্ছ’ (Pandora Papers) ফাদিল হোৱাৰ পাছত আম্বানীৰ বিদেশী লেনদেনসমূহ ইডি-ৰ তীক্ষ্ণ দৃষ্টিলৈ আহিছিল।


প্ৰতিৰক্ষা চুক্তিৰ সৈতে সম্পৰ্ক


তদন্তকাৰী সংস্থাই কেৱল ব্যক্তিগত বিনিয়োগেই নহয়, বৰঞ্চ তেওঁৰ কোম্পানীৰ সৈতে জড়িত কিছুমান প্ৰতিৰক্ষা খণ্ডৰ চুক্তিৰ আৰ্থিক দিশবোৰো পৰীক্ষা কৰি আছে। এই চুক্তিসমূহৰ জৰিয়তে কোনো ধৰণৰ অবৈধ ধনৰ লেনদেন বা কৰ ফাঁকি দিয়া হৈছিল নেকি, সেই সন্দৰ্ভত আম্বানীক সোধা-পোছা কৰা হ’ব।


২৬ ফেব্ৰুৱাৰীত হাজিৰ হোৱাৰ সময়ত অনিল আম্বানীক তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ যোৱা কেইবছৰমানৰ,বেংক স্টেটমেন্ট,বিদেশী বিনিয়োগৰ নথিপত্ৰ

,আয়কৰ ৰিটাৰ্ণৰ সবিশেষ লগত আনিবলৈ কোৱা হৈছে বুলি জানিব পৰা গৈছে।


আম্বানীৰ পূৰ্বৰ স্থিতি


উল্লেখ্য যে ইয়াৰ পূৰ্বেও অনিল আম্বানীক কেইবাবাৰো ইডি-ৰ কাৰ্যালয়লৈ তলব কৰা হৈছিল। যদিও তেওঁ তদন্তত সহযোগিতা কৰাৰ কথা কৈছে, তথাপিও নতুনকৈ জাৰি কৰা এই চমনে তেওঁৰ সমস্যা আৰু অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু