--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ কোটাত পুনৰ মেধাৱী ছাত্ৰৰ আত্মহত্যা। কোটাত মেধাৱী ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে। 

শেহতীয়াকৈ আত্মহত্যা কৰা ভাৰত নামৰ ছাত্ৰজনে চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে NEET পৰীক্ষাৰ প্ৰস্তুতি চলাইছিল। এই কথা সদৰী কৰিছে ৰাজস্থান আৰক্ষীয়ে।

২০২৪ বৰ্ষত কোটাত সংঘটিত হোৱা এয়া সপ্তমটো আত্মহত্যাৰ ঘটনা। 

ভাৰতে এটা ছুইচাইড নোটো লিখি থৈ গৈছে। তেওঁ লিখিছে- "আই এম ছ'ৰী পাপা। মই এইবাৰো নোৱাৰিলোঁ। " ভাৰতৰ কোঠাৰ ভিতৰৰ পৰা ছুইচাইড নোটটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

ৰাজস্থান কোটাৰ পৰা ৪০০ কিলোমিটাৰ নিলগৰ ঢোলপুৰত ঘৰ আছিল মেধাৱী ছাত্ৰজনৰ।

উল্লেখযোগ্য যে JEE আৰু NEETৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ প্ৰতি বছৰে দুই লাখৰো অধিক ছাত্ৰ-ছাত্ৰী কোটালৈ আহে।ৰাজস্থানৰ কোটা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষক কেন্দ্ৰ হিচাপে বিখ্যাত। আই আই টিৰ প্ৰৱেশ পৰীক্ষাৰ পৰা আৰম্ভ কৰি অভিযান্ত্ৰিক আৰু চিকিৎসকৰ প্ৰতিযোগিতামূলক পৰীক্ষালৈকে কোচিং হাব হিচাপে পৰিচিত কোটা। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে তাৰ পৰাই পঢ়া-শুনা কৰিবলৈ কোটালৈ আহে। কিন্তু তাৰ মাজতে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে অভিভাৱকৰ হেঁচা আৰু মানসিক চাপ সহিব নোৱাৰি আত্মহত্যাৰ পদক্ষেপ গ্ৰহণ কৰে।


যোৱা বছৰ অৰ্থাৎ ২০২৩ চনতো কোটাত ২৯ জন ছাত্ৰই আত্মহত্যা কৰিছিল। ২০২২ চনত সেই সংখ্যা আছিল ১৫। ৰাজস্থান চৰকাৰে কোচিং চেণ্টাৰসমূহক ছাত্ৰ-ছাত্ৰীৰ মানসিক চাপ কমোৱাৰ বাবে বিভিন্ন পদক্ষেপ ল’বলৈ কয় যদিও ইয়াৰ কোনো উল্লেখযোগ্য ফলাফল পোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু