--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ কোটাত পুনৰ মেধাৱী ছাত্ৰৰ আত্মহত্যা। কোটাত মেধাৱী ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে। 

শেহতীয়াকৈ আত্মহত্যা কৰা ভাৰত নামৰ ছাত্ৰজনে চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে NEET পৰীক্ষাৰ প্ৰস্তুতি চলাইছিল। এই কথা সদৰী কৰিছে ৰাজস্থান আৰক্ষীয়ে।

২০২৪ বৰ্ষত কোটাত সংঘটিত হোৱা এয়া সপ্তমটো আত্মহত্যাৰ ঘটনা। 

ভাৰতে এটা ছুইচাইড নোটো লিখি থৈ গৈছে। তেওঁ লিখিছে- "আই এম ছ'ৰী পাপা। মই এইবাৰো নোৱাৰিলোঁ। " ভাৰতৰ কোঠাৰ ভিতৰৰ পৰা ছুইচাইড নোটটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

ৰাজস্থান কোটাৰ পৰা ৪০০ কিলোমিটাৰ নিলগৰ ঢোলপুৰত ঘৰ আছিল মেধাৱী ছাত্ৰজনৰ।

উল্লেখযোগ্য যে JEE আৰু NEETৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ প্ৰতি বছৰে দুই লাখৰো অধিক ছাত্ৰ-ছাত্ৰী কোটালৈ আহে।ৰাজস্থানৰ কোটা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষক কেন্দ্ৰ হিচাপে বিখ্যাত। আই আই টিৰ প্ৰৱেশ পৰীক্ষাৰ পৰা আৰম্ভ কৰি অভিযান্ত্ৰিক আৰু চিকিৎসকৰ প্ৰতিযোগিতামূলক পৰীক্ষালৈকে কোচিং হাব হিচাপে পৰিচিত কোটা। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে তাৰ পৰাই পঢ়া-শুনা কৰিবলৈ কোটালৈ আহে। কিন্তু তাৰ মাজতে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে অভিভাৱকৰ হেঁচা আৰু মানসিক চাপ সহিব নোৱাৰি আত্মহত্যাৰ পদক্ষেপ গ্ৰহণ কৰে।


যোৱা বছৰ অৰ্থাৎ ২০২৩ চনতো কোটাত ২৯ জন ছাত্ৰই আত্মহত্যা কৰিছিল। ২০২২ চনত সেই সংখ্যা আছিল ১৫। ৰাজস্থান চৰকাৰে কোচিং চেণ্টাৰসমূহক ছাত্ৰ-ছাত্ৰীৰ মানসিক চাপ কমোৱাৰ বাবে বিভিন্ন পদক্ষেপ ল’বলৈ কয় যদিও ইয়াৰ কোনো উল্লেখযোগ্য ফলাফল পোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ