--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ আটাইতকৈ দীঘলীয়া জীৱন অতিবাহিত কৰা  মহিলাগৰাকী আৰু নাই৷ ১২৮ বছৰ বয়সত তেওঁ চিৰদিনৰ বাবে চকু মুদিছে৷ দক্ষিণ আফ্ৰিকাত বাস কৰা জোহানা মাজিবুকোৰ বয়স মৃত্যুৰ সময়ত হৈছিল ১২৮ বছৰ। তেওঁৰ জন্ম ১৮৯৪ চনত হৈছিল।

 চলিত বৰ্ষৰ চনৰ মে’ মাহত তেওঁ ১২৯  বছৰীয়া হ'লহেঁতেন। জোহানা মাজিবুকো বিশ্বত বহু  উত্থান-পতনৰ  সাক্ষী হৈছিল৷ডেইলী মেইলৰ বাতৰি অনুসৰি দক্ষিণ আফ্ৰিকাত জোহানা মাগিবুকোৰ মৃত্যু হৈছে।তেওঁৰ দীঘলীয়া জীৱন তিনি খন দেশত অতিবাহিত হৈছিল। তেওঁৰ স্বামীৰ নাম আছিল ষ্টাভানা মাজিবুকো। তেওঁলোকৰ ৭ টা সন্তান আছিল। লগতে  ৫০  টাতকৈও অধিক নাতি-নাতিনী  আছে। এক সাক্ষাৎকাৰত জোহান্নাই কৈছিল যে তেওঁৰ মুঠ ১২ গৰাকী ভাই-ভনী আছিল। যাৰ ভিতৰত ৩ গৰাকী  এতিয়াও জীয়াই আছে। তেওঁলোকৰ বয়সো যথেষ্ট বেছি হৈ গৈছে।  জোহানাৰ পৰিয়ালৰ মতে জোহানাই কেতিয়াও বিদ্যালয়লৈ যোৱা নাছিল।


এখন নথিত তেওঁৰ জন্ম তাৰিখ ১১ মে’  মে ১৮৯৪  বুলি লিখা আছে । জোহানাৰ পৰিয়ালে কয় যে সেই নথিখনৰ আধাৰতে  জোহানাৰ নাম গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত লিপিবদ্ধ কৰিব লাগে, যাতে তেওঁ মৃত্যুৰ পিছতো সন্মান লাভ কৰিব পাৰে। জোহানাৰ বৰ্ধিত বয়স তেওঁৰ  বাবে সমস্যাৰ কাৰণ হৈ পৰিছিল। ২০২২ চনত তেওঁ নিজেই কৈছিল, "মই এতিয়াও কিয় জীয়াই আছোঁ? মোৰ লগৰ সকলোৰে  ইতিমধ্যে মৃত্যু হৈছে। মই কেতিয়া মৰিম? মই   ভাগৰি পৰিছো। মোৰ শৰীৰ জড় হৈ পৰিছে। মই খোজ কাঢ়িব নোৱাৰো। মই শুবও নোৱাৰো। এনেকৈ  জীয়াই থকাৰ অৰ্থ কি?"

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ