--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাসকল অৰ্ধ আকাশ!  সমাজত ল'ৰাৰ দৰেই  ছোৱালীকো সম জ্ঞান কৰাটো এতিয়া সকলোৱে বিচাৰি আহিছে। কিন্তু যদি আমি বাস্তৱতাৰ ভিত্তিত কথাবোৰ ফঁহিয়াই চাওঁ তেন্তে দেখিম  যে পৃথিৱীৰ বহুতো দেশতে মহিলাসকলে আনকি নূন্যতম   মানৱ অধিকাৰো লাভ কৰা নাই, সমান অধিকাৰৰ কথা বাদেই দিয়ক। এনেবোৰ বিষয়তে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সময়তে উদ্বেগ প্ৰকাশ কৰিছে। গুটেৰেছে কয় "আমাৰ সমাজত লিংগ সমতা এতিয়াও বিৰল। মহিলাসকলে সমান অধিকাৰ পাবলৈ কমেও ৩০০ বছৰ লাগিব।’’

গুটেৰেছে দুখ প্ৰকাশ কৰিছে যে মহিলাৰ বিকাশ আৰু সমাজত তেওঁলোকক প্ৰতিষ্ঠা কৰিবলৈ আমি কেইবা দশক ধৰি চেষ্টা অব্যাহত ৰাখিছো।কিন্তু এই পথ আৰু দীঘলীয়া হ’ব ৷ তেওঁ কয় "নাৰী  দিৱস আজি অতি গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে । যিটো সময়ত মহিলাৰ অধিকাৰ খৰ্ব  হৈ আছে,  মহিলাৰ স্বাধীনতা বিপদাপন্ন হৈ আছে, পৃথিৱীৰ বিভিন্ন প্ৰান্তত মহিলাৰ অধিকাৰ উলংঘন কৰা হৈছে,  মহিলাৰ বিষয়ে কথা কোৱাৰ প্ৰয়োজনীয়তা আৰু অধিক হৈ পৰিছে। "

এণ্টোনিঅ গুটেৰেছে মহিলাৰ স্বাধীনতাৰ পৰিপ্ৰেক্ষিতত আফগানিস্তানত তালিবানৰ অত্যাচাৰৰ উদাহৰণ দাঙি ধৰে । তেওঁ কয় যে আফগানিস্তানত  মহিলাৰ অস্তিত্ব ধ্বংস হৈ আহিছে। বহুতো দেশত মহিলাৰ জীৱন আৰু যৌনতাৰ অধিকাৰ কাঢ়ি লোৱা হৈছে। কিছুমান দেশত ছোৱালীবোৰক পুৰুষে আক্ৰমণ কৰিছে। দিন বোৰ পাৰ হৈ যোৱাৰ লগে লগে লিংগ সমতাৰ বিষয়টো  অধিক প্ৰাসংগিক হৈ পৰিছে। তথাপি যেন মহিলাসকলে সমান অধিকাৰ পাবলৈ এতিয়াও ৩০০ বছৰতকৈও অধিক সময় লাগিব।দৰাচলতে ৰাষ্ট্ৰসংঘই এইটোও স্বীকাৰ কৰে যে মহিলাৰ স্বাধীনতাৰ ক্ষেত্ৰত আমি পিছ পৰি আছোঁ। এইটো কেৱল এখন  বা দুখন দেশৰ  সমস্যা নহয়। লিংগ সমতাৰ ক্ষেত্ৰত প্ৰায় সকলো দেশ এতিয়াও আকাংক্ষিত লক্ষ্যতকৈ পিছ পৰি আছে’’।
FOLLOW US F
POPULAR
FEATURE
TRENDY
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ
এইকেইটা বস্তু পেটৰ বাবে বৰদান! জানি লওক
টিংখাঙত দুই ভাতৃক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা বিশ্বজিৎ ভূঞা নামৰ এজন যুৱকৰ
AFC মহিলা এছিয়ান কাপ ফুটবলত ভাৰতৰ প্ৰথম প্ৰতিদ্বন্দ্বী হ'ব ভিয়েটনাম