--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাসকল অৰ্ধ আকাশ!  সমাজত ল'ৰাৰ দৰেই  ছোৱালীকো সম জ্ঞান কৰাটো এতিয়া সকলোৱে বিচাৰি আহিছে। কিন্তু যদি আমি বাস্তৱতাৰ ভিত্তিত কথাবোৰ ফঁহিয়াই চাওঁ তেন্তে দেখিম  যে পৃথিৱীৰ বহুতো দেশতে মহিলাসকলে আনকি নূন্যতম   মানৱ অধিকাৰো লাভ কৰা নাই, সমান অধিকাৰৰ কথা বাদেই দিয়ক। এনেবোৰ বিষয়তে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সময়তে উদ্বেগ প্ৰকাশ কৰিছে। গুটেৰেছে কয় "আমাৰ সমাজত লিংগ সমতা এতিয়াও বিৰল। মহিলাসকলে সমান অধিকাৰ পাবলৈ কমেও ৩০০ বছৰ লাগিব।’’

গুটেৰেছে দুখ প্ৰকাশ কৰিছে যে মহিলাৰ বিকাশ আৰু সমাজত তেওঁলোকক প্ৰতিষ্ঠা কৰিবলৈ আমি কেইবা দশক ধৰি চেষ্টা অব্যাহত ৰাখিছো।কিন্তু এই পথ আৰু দীঘলীয়া হ’ব ৷ তেওঁ কয় "নাৰী  দিৱস আজি অতি গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে । যিটো সময়ত মহিলাৰ অধিকাৰ খৰ্ব  হৈ আছে,  মহিলাৰ স্বাধীনতা বিপদাপন্ন হৈ আছে, পৃথিৱীৰ বিভিন্ন প্ৰান্তত মহিলাৰ অধিকাৰ উলংঘন কৰা হৈছে,  মহিলাৰ বিষয়ে কথা কোৱাৰ প্ৰয়োজনীয়তা আৰু অধিক হৈ পৰিছে। "

এণ্টোনিঅ গুটেৰেছে মহিলাৰ স্বাধীনতাৰ পৰিপ্ৰেক্ষিতত আফগানিস্তানত তালিবানৰ অত্যাচাৰৰ উদাহৰণ দাঙি ধৰে । তেওঁ কয় যে আফগানিস্তানত  মহিলাৰ অস্তিত্ব ধ্বংস হৈ আহিছে। বহুতো দেশত মহিলাৰ জীৱন আৰু যৌনতাৰ অধিকাৰ কাঢ়ি লোৱা হৈছে। কিছুমান দেশত ছোৱালীবোৰক পুৰুষে আক্ৰমণ কৰিছে। দিন বোৰ পাৰ হৈ যোৱাৰ লগে লগে লিংগ সমতাৰ বিষয়টো  অধিক প্ৰাসংগিক হৈ পৰিছে। তথাপি যেন মহিলাসকলে সমান অধিকাৰ পাবলৈ এতিয়াও ৩০০ বছৰতকৈও অধিক সময় লাগিব।দৰাচলতে ৰাষ্ট্ৰসংঘই এইটোও স্বীকাৰ কৰে যে মহিলাৰ স্বাধীনতাৰ ক্ষেত্ৰত আমি পিছ পৰি আছোঁ। এইটো কেৱল এখন  বা দুখন দেশৰ  সমস্যা নহয়। লিংগ সমতাৰ ক্ষেত্ৰত প্ৰায় সকলো দেশ এতিয়াও আকাংক্ষিত লক্ষ্যতকৈ পিছ পৰি আছে’’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ