--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেতাই প্ৰতিশ্ৰুতি ভংগ কৰাটো অথবা দুৰ্নীতি কৰাটো এতিয়া বহু ঠাইতে স্বাভাৱিক ঘটনা হৈ পৰিছে৷ নেতাই দুৰ্নীতি নকৰে বুলি ক’লেহে এতিয়া কিবা বিশ্বাস কৰিব নোৱাৰা কথাৰ দৰে হৈ পৰিছে৷   নেতাই নিৰ্বাচনত জয়ী হোৱাৰ উদ্দেশ্য হৈছে  ৰাজহুৱা সেৱা কৰা। কিন্তু প্ৰায় ক্ষেত্ৰত দেখা গৈছে যে বহু নেতাই ৰাইজৰ সেৱাৰ নামত নিজৰ সেৱাহে কৰি গৈছে৷ 

অন্যায় কৰা দুৰ্নীতিগ্ৰস্ত নেতাই প্ৰায়ে  সঠিক "শাস্তি" পোৱাৰ পৰা ৰেহাই পাই আহিছে৷ কিন্তু ইটালীৰ এখন চহৰ এই ক্ষেত্ৰত ব্যতিক্ৰম৷  চহৰখনত কোনো নেতা বা আন লোকে দুৰ্নীতি কৰি সাৰি যাব নোৱাৰে৷  সেয়ে নেতাই  ইয়াত প্ৰতিশ্ৰুতি ভংগ নকৰে। অন্যথা তেওঁ ভয়ানক শাস্তিৰ সন্মুখীন হ'ব লগা হ’ব। সেই শাস্তি কি? ইটালীৰ ত্ৰেন্তো নামৰ  চহৰখনত দুৰ্নীতিগ্ৰস্ত লোকক কঠোৰ শাস্তি বিহাৰ নিয়ম আছে। দুৰ্নীতিগ্ৰস্ত  নেতাজনক লোহাৰ পিঞ্জৰাত ভৰাই পিছত তেওঁক এখন স্থানীয় নদীত পেলাই দিয়া হয়৷ 


অৱশ্যে এয়া  মৃত্যুদণ্ড নহয়। নেতাই পানীত  হাবুডুবু  খোৱাৰ পিছত অসুস্থ হৈ পৰে আৰু ৰাইজে তেওঁক উদ্ধাৰ কৰে৷ । ট্ৰেণ্টোৰ এনে শাস্তিক 'টঙ্কা' বুলি কোৱা হয়।প্ৰতি বছৰে জুন মাহত চহৰখনত 'ভিজিলিয়ান' উৎসৱ অনুষ্ঠিত হয়। তাৰ এটা অংশ হ'ল জনসাধাৰণৰ আদালতত ভণ্ড নেতাক শাস্তি বিহাৰ পৰ্ব। 

কেৱল ৰাজনীতিকসকলেহে এনে শাস্তিৰ সন্মুখীন হয় তেনে নহয়৷  কিন্তু স্থানীয় চেলিব্ৰিটিয়েও তেওঁলোকৰ প্ৰিয় চহৰখনক প্ৰতাৰণা  কৰিলে একে শাস্তিৰেই  সন্মুখীন হ'ব লাগিব। ২০২২ চনৰ ২৬ জুনত ট্ৰেণ্টোৰ দুৰ্নীতিগ্ৰস্ত  নেতা আৰু চেলিব্ৰিটিসকলক এনেদৰে শাস্তি দিয়া হয়। টংকা এই বছৰৰ ২৫ জুনত ইটালীৰ সৰু চহৰ খনত অনুষ্ঠিত হ'ব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...