--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেতাই প্ৰতিশ্ৰুতি ভংগ কৰাটো অথবা দুৰ্নীতি কৰাটো এতিয়া বহু ঠাইতে স্বাভাৱিক ঘটনা হৈ পৰিছে৷ নেতাই দুৰ্নীতি নকৰে বুলি ক’লেহে এতিয়া কিবা বিশ্বাস কৰিব নোৱাৰা কথাৰ দৰে হৈ পৰিছে৷   নেতাই নিৰ্বাচনত জয়ী হোৱাৰ উদ্দেশ্য হৈছে  ৰাজহুৱা সেৱা কৰা। কিন্তু প্ৰায় ক্ষেত্ৰত দেখা গৈছে যে বহু নেতাই ৰাইজৰ সেৱাৰ নামত নিজৰ সেৱাহে কৰি গৈছে৷ 

অন্যায় কৰা দুৰ্নীতিগ্ৰস্ত নেতাই প্ৰায়ে  সঠিক "শাস্তি" পোৱাৰ পৰা ৰেহাই পাই আহিছে৷ কিন্তু ইটালীৰ এখন চহৰ এই ক্ষেত্ৰত ব্যতিক্ৰম৷  চহৰখনত কোনো নেতা বা আন লোকে দুৰ্নীতি কৰি সাৰি যাব নোৱাৰে৷  সেয়ে নেতাই  ইয়াত প্ৰতিশ্ৰুতি ভংগ নকৰে। অন্যথা তেওঁ ভয়ানক শাস্তিৰ সন্মুখীন হ'ব লগা হ’ব। সেই শাস্তি কি? ইটালীৰ ত্ৰেন্তো নামৰ  চহৰখনত দুৰ্নীতিগ্ৰস্ত লোকক কঠোৰ শাস্তি বিহাৰ নিয়ম আছে। দুৰ্নীতিগ্ৰস্ত  নেতাজনক লোহাৰ পিঞ্জৰাত ভৰাই পিছত তেওঁক এখন স্থানীয় নদীত পেলাই দিয়া হয়৷ 


অৱশ্যে এয়া  মৃত্যুদণ্ড নহয়। নেতাই পানীত  হাবুডুবু  খোৱাৰ পিছত অসুস্থ হৈ পৰে আৰু ৰাইজে তেওঁক উদ্ধাৰ কৰে৷ । ট্ৰেণ্টোৰ এনে শাস্তিক 'টঙ্কা' বুলি কোৱা হয়।প্ৰতি বছৰে জুন মাহত চহৰখনত 'ভিজিলিয়ান' উৎসৱ অনুষ্ঠিত হয়। তাৰ এটা অংশ হ'ল জনসাধাৰণৰ আদালতত ভণ্ড নেতাক শাস্তি বিহাৰ পৰ্ব। 

কেৱল ৰাজনীতিকসকলেহে এনে শাস্তিৰ সন্মুখীন হয় তেনে নহয়৷  কিন্তু স্থানীয় চেলিব্ৰিটিয়েও তেওঁলোকৰ প্ৰিয় চহৰখনক প্ৰতাৰণা  কৰিলে একে শাস্তিৰেই  সন্মুখীন হ'ব লাগিব। ২০২২ চনৰ ২৬ জুনত ট্ৰেণ্টোৰ দুৰ্নীতিগ্ৰস্ত  নেতা আৰু চেলিব্ৰিটিসকলক এনেদৰে শাস্তি দিয়া হয়। টংকা এই বছৰৰ ২৫ জুনত ইটালীৰ সৰু চহৰ খনত অনুষ্ঠিত হ'ব। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ