--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথাতে আছে নেদেখাজনে জীয়াই ৰাখিম বুলি ভাবিলে কোনো পৰিস্থিতিয়েই মানুহৰ মৃত্যু ঘটাব নোৱাৰে৷  তুৰস্কত সোমবাৰে সংঘটিত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত এতিয়ালৈকে ২৮,০০০ লোকৰ মৃত্যু হৈছে,  ৬,০০০ অট্টালিকা খহি পৰি ধূলিৰ সৈতে মিলি গৈছে , শ শ আফটাৰশ্বক এতিয়াও আহিয়েই আছে৷ 

কিন্তু ধ্বংস আৰু হতাশাৰ মাজত জীয়াই থকাৰ জীৱনৰ অস্তিত্বৰ অলৌকিক কাহিনীও  ক্ৰমে পোহৰলৈ  আহিছে। শেহতীয়াকৈ  তুৰ্কীৰ হাতাইত ধ্বংসস্তূপৰ মাজৰ পৰা এটি দুমহীয়া কেঁচুৱাক  উদ্ধাৰ কৰা হৈছে৷  ভূমিকম্পৰ প্ৰায় ১২৮ ঘণ্টা পিছত শিশুটিক জীৱিত অৱস্থাত পোৱাৰ কথাই সকলোকে আনন্দিত কৰি তুলিছে৷  হাজাৰ হাজাৰ উদ্ধাৰকাৰী কৰ্মীয়ে এতিয়াও হিমশীতল বতৰৰ স্বত্বেও বিধ্বস্ত অঞ্চলত  দিনে-নিশাই চলাই গৈছে উদ্ধাৰ  অভিযান৷  

তুৰ্কীৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভূমিকম্পৰ পাঁচ দিন পিছত উদ্ধাৰ হোৱা সকলৰ ভিতৰত এটি  দুবছৰীয়া ছোৱালী, এগৰাকী ছয় মাহৰ গৰ্ভৱতী মহিলা আৰু এগৰাকী ৭০ বছৰীয়া মহিলাও আছে। উল্লেখ্য  ২০০৩ চনত চুবুৰীয়া ইৰাণত ভূমিকম্পৰ ফলত নিহত হৈছিল ৩১,০০০ জন লোকৰ৷ 

এইবাৰ সেই সংখ্যা বহু বেছি হৈছে৷ তুৰ্কীত এতিয়ালৈকে মৃত্যুৰ সংখ্যা ২৪,৬১৭ জন হৈছে৷ এয়াই ১৯৩৯ চনৰ পিছত দেশখনত হোৱা  আটাইতকৈ ভয়ংকৰ ভূমিকম্প। চিৰিয়াত এইবাৰ ৩,৫০০ ৰো অধিক লোকৰ মৃত্যু হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ