--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহবুদ্দিন চুপ্পু হ’ব বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি। ৰাজনৈতিক মহলত  তেওঁক 'চুপ্পুভাই' বুলি জনা যায়। দেওবাৰে পুৱা বাংলাদেশ চৰকাৰে শ্বাহবুদ্দিনৰ নাম নতুন ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰে। শ্বাহবুদ্দিন বাংলাদেশৰ ২২ সংখ্যক ৰাষ্ট্ৰপতি হ’ব।

প্ৰাক্তন স্বাধীনতা সংগ্ৰামী আৰু প্ৰবীণ ৰাজনীতিবিদ শ্বাহবুদ্দিনে বৰ্তমান বাংলাদেশৰ শাসনাধিষ্ঠ আৱামী লীগত এক গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ আছে। তেওঁ এজন প্ৰাক্তন বিচাৰকো। এসময়ত তেওঁ এচিচিৰ কাৰ্যকৰী অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই শ্বাহবুদ্দিনক বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি হিচাপে মনোনীত কৰিছে।আৱামী লীগৰ সাধাৰণ সম্পাদক ওবাইডুল কাদেৰে দেওবাৰে দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন আয়োগৰ ওচৰত শ্বাহবুদ্দিনৰ নাম দাখিল কৰে। প্ৰবীণ ৰাজনীতিবিদ শ্বাহবুদ্দিন বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ এজন 'বিশ্বাসী' লোক বুলি জনা যায়। যোৱা বছৰ হাছিনাই তেওঁক আৱামী লীগৰ প্ৰচাৰ আৰু প্ৰকাশন উপ-সমিতিৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছিল।

এই বছৰৰ শেষৰ ফালে বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত । সেই অৰ্থত দেশৰ নতুন ৰাষ্ট্ৰপতি মনোনীত কৰাৰ কথাই  তাৎপৰ্য বহন কৰিছে৷  সমীক্ষা অনুসৰি শাসনাধিষ্ঠিত হাছিনা চৰকাৰে পৰৱৰ্তী নিৰ্বাচনত  প্ৰতিষ্ঠানগত বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে৷  বিৰোধীয়ে যোৱা নিৰ্বাচনত আৱামী লীগৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছিল। এইবাৰো, তেওঁলোকে 'নিৰপেক্ষ আৰু তত্বাৱধানত চৰকাৰৰ' অধীনত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাই আহিছে। বিৰোধী বি এন পিয়ে হাছিনাৰ চৰকাৰে নিৰ্বাচনৰ ছয় মাহ আগতে পদত্যাগ কৰা উচিত বুলি দাবী কৰি আহিছে। এতিয়ালৈকে, হাছিনাই সেই দাবী মানি লোৱাৰ কোনো এংগিত দিয়া নাই৷  বুকিন্তু শেষত, যদি পজত্যাগ কৰে , তেন্তে ৰাষ্ট্ৰপতিৰ ভূমিকা এতিয়াও দেশৰ ৰাজনীতিত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিব। এই সন্দৰ্ভত সেয়ে  শ্বাহবুদ্দীনৰ মনোনয়ন 'গুৰুত্বপূৰ্ণ' হিচাবে বিবেচিত হৈছে৷ শ্বাহবুদ্দিনৰ আইন আৰু সংবিধানৰ ক্ষেত্ৰতো বিস্তৃত অভিজ্ঞতা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন