--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযিফালেই চকু যায় সেইফালেই ধ্বংসস্তূপ! তুৰস্কৰ দুখলগা অৱস্থাই এতিয়া কন্দুৱাইছে সকলোকে৷ এনে দুৰ্যোগ, দৈনিক বৃদ্ধি পোৱা মৃতকৰ সংখ্যাৰ মাজতে এটা কুকুৰৰ কাহিনীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে৷ সৰু কংক্ৰিটৰ চাদৰ মাজেৰে  কেৱল মূৰটোহে ওলাই আছিল কুকুৰটোৰ৷ দেহৰ বাকী অংশ ধ্বংসস্তূপত পুতি থোৱা হৈছিল। এনেকৈয়ে  ৩ দিন অতিবাহিত কৰিছিল কুকুৰটোৱে। 

উদ্ধাৰকাৰীসকলৰ প্ৰচেষ্টাৰ বাবে কুকুৰটো তুৰস্কত সংঘটিত  ভূমিকম্পৰ পৰা বাচি গৈছিল। উদ্ধাৰকাৰীসকলে  ভঙা ৰডত লাগি থকা কংক্ৰিটৰ চালৰ তলৰ পৰা প্ৰায় অক্ষত ভাৱে উলিয়াই আনিছিল কুকুৰটোক। সামাজিক মাধ্যমত দৃশ্যটোৰ দ্বাৰা বহুতো লোক আকৰ্ষিত হৈছে।

সোমবাৰে তুৰস্ক আৰু চিৰিয়াৰ সীমান্তৱৰ্তী অঞ্চলত পৰৱৰ্তী ভূমিকম্পত দুয়োখন দেশ কঁপি উঠিছিল। সেইদিনা পুৱা প্ৰায় ৪ বজাত দক্ষিণ তুৰস্কত প্ৰথম ভূমিকম্প হৈছিল। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৭.৮। তেতিয়াৰ পৰা, দুয়োখন দেশৰ বিভিন্ন প্ৰান্তত আৰু কেইবাটাও ভূমিকম্পকে ধৰি শ শ আফটাৰশ্বক সংঘটিত হৈছে। চৰকাৰী পৰিসংখ্যা অনুসৰি ধ্বংসযজ্ঞত নিহতৰ সংখ্যা ২১,০০০ অতিক্ৰম কৰিছে। প্ৰায় ৪০,০০০ লোক আহত হৈছিল।

এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত  দুয়োখন দেশতে কেৱল কান্দোনৰ ৰোল উঠি থকাৰ সময়তে , সামাজিক মাধ্যমৰ জৰিয়তে জীৱনৰ এক আশা  বিয়পি পৰিছে। এটা ভিডিঅ'ত, কুকুৰটোক কংক্ৰিটৰ চালৰ তলৰ পৰা মূৰটো ওপৰলৈ উঠা দেখা যায়। উদ্ধাৰকাৰীসকলে তেওঁক মূৰটো তুলিবলৈ বটলৰ পৰা পানী খুৱাই আছে। 

তথাপিও, কুকুৰটোৰ প্ৰায় গোটেই শৰীৰটো কংক্ৰিটৰ তলত পুতি থোৱা হৈছিল। কুকুৰটোক পানী খুৱাই, উদ্ধাৰৰ কাম গধুৰ সঁজুলিৰ সলনি হাতেৰে আৰম্ভ হৈছিল। লাহে লাহে উদ্ধাৰকাৰীসকলে দুয়োখন হাতেৰে ভঙা ৰডত লাগি থকা কংক্ৰিটৰ লাঠি আৰু ইটা আৰু শিলৰ টুকুৰাবোৰ আঁতৰাবলৈ আৰম্ভ কৰে। যাতে কুকুৰটো পুনৰ আঘাত প্ৰাপ্ত নহয়। যেতিয়া গোটেই দেহটো ধ্বংসস্তূপৰ পৰা দেখা গৈছিল, উদ্ধাৰকাৰীসকলে কুকুৰটোক অতি সহানুভূতিৰে উলিয়াই আনিছিল। এই ভিডিঅ'টো বহুতে টুইটাৰত শ্বেয়াৰ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ