--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১২৯ টা শিশুৰ পিতৃ হৈ এজন ব্যক্তিয়ে অভিলেখ স্থাপন কৰিছে। ব্যক্তিজনৰ নাম ক্লাইভছ জোনছ। তেওঁৰ বয়স ৬৬ বছৰ। ব্ৰিটেইনৰ ক্লাইভছ জোনছ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক। আপুনি জানি আচৰিত হ'ব যে এতিয়ালৈকে জোনছৰ শুক্ৰাণুৰ(Sperm) পৰা ১২৯ টা শিশুৰ জন্ম হৈছে। কিছুদিনৰ পাছত তেওঁৰ শুক্ৰানুৰ পৰা আৰু ৯ টা শিশুৰ জন্ম হ'ব। ভাৰতীয় চিনেমা 'বিকি ড'নাৰ'ৰ দৰেই এইজন যেন বাস্তৱৰ 'বিকি ডনাৰ'। ক্লাইভছ জোনছ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ শুক্ৰাণু দাতা হৈ পৰিছে কিয়নো তেওঁ যোৱা ন বছৰত ১২৯ টা সন্তানৰ পিতৃ হোৱা বুলি দাবী কৰিছে। কিন্তু তেওঁ আনুষ্ঠানিকভাৱে শুক্ৰাণু দাতা হ'বলৈ অক্ষম কিয়নো ইয়াৰ বয়সৰ সীমা মাত্ৰ ৪৫ বছৰলৈকেহে থাকে। সেইকাৰণে স্বাস্থ্য বিশেষজ্ঞসকলে তেওঁৰ কাৰ্যৰ বিৰুদ্ধে সতৰ্কবাণী জাৰি কৰিছে। ক্লাইভছ জোনছে ৫৮ বছৰ বয়সত শুক্ৰাণু দান কৰা আৰম্ভ কৰে। জোনছে কয় যে তেওঁ তেওঁৰ শুক্ৰাণু বিনামূলীয়াকৈ দান কৰে কাৰণ ই পৰিয়ালবোৰলৈ সুখ কঢ়িয়াই অনাত সহায় কৰিছে। তেওঁ লগতে কয় যে "মই সম্ভৱতঃ বিশ্বৰ আটাইতকৈ প্ৰচুৰ বীৰ্য দাতা, মোৰ এতিয়ালৈকে ১৩৮ টা শিশু আছে। ১২৯ টা কেঁচুৱা জন্ম হৈছে আৰু নটা গৰ্ভধাৰণ কৰা হৈছে। মই এই কামটো আৰু কেই বছৰমান অব্যাহত ৰাখিব বিচাৰোঁ। মই এই সংখ্যা ১৫০লৈ যাব বিচাৰো। যেতিয়া কোনো মাতৃৰ কোলাত মোৰ বীৰ্যৰ সন্তান দেখোঁ তাতে মই আনন্দ লভোঁ।" নিজৰ পত্নীৰ ফালৰ পৰা তিনিটা প্ৰাপ্তবয়স্ক সন্তান থকা জোনছে কৈছিল "এই সকলোবোৰ ন বছৰ আগতে মে মাহত আৰম্ভ কৰিছিলোঁ। মই কিছুমান বাতৰি কাকতত সন্তান জন্ম দিব নোৱাৰা কিছুমান লোকৰ দুৰ্দশা পঢ়িছিলো। মই ভাবিছিলো যে মই সহায় কৰিব পাৰো গতিকে মই এটা ছাইটত এটা পোষ্ট দিওঁ। মই কিমান বয়সৰ সেয়া উল্লেখ কৰা নাছিলোঁ। ডাৰ্বিৰ এগৰাকী মহিলাই এঘণ্টাৰ ভিতৰত মোৰ সৈতে যোগাযোগ কৰিছিল আৰু সেই সন্ধিয়া মোক সহায় কৰিবলৈ কৈছিল।" উল্লেখ্য যে ক্লাইভছ জোনছে ১৯৭৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল কিন্তু তেওঁ তেওঁৰ পত্নীৰ পৰা পৃথকে বাস কৰে। ২০১৮ চনত জোনছে '4 man 175 babies' নামৰ এখন তথ্যচিত্ৰতো অভিনয় কৰিছিল। য'ত দেখুওৱা হৈছিল চাৰিজন পুৰুষে অনলাইন যোগাযোগ কৰা মহিলাসকলক বিনামূলীয়াকৈ শুক্ৰাণু দান কৰা। আৰু পঢ়কঃ এই ৫বিধ প্ৰাণী ঘৰত পুহিলে আপুনি হ’ব সৌভাগ্যশালী; হ’ব ধনৱান!

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু