--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১২৯ টা শিশুৰ পিতৃ হৈ এজন ব্যক্তিয়ে অভিলেখ স্থাপন কৰিছে। ব্যক্তিজনৰ নাম ক্লাইভছ জোনছ। তেওঁৰ বয়স ৬৬ বছৰ। ব্ৰিটেইনৰ ক্লাইভছ জোনছ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক। আপুনি জানি আচৰিত হ'ব যে এতিয়ালৈকে জোনছৰ শুক্ৰাণুৰ(Sperm) পৰা ১২৯ টা শিশুৰ জন্ম হৈছে। কিছুদিনৰ পাছত তেওঁৰ শুক্ৰানুৰ পৰা আৰু ৯ টা শিশুৰ জন্ম হ'ব। ভাৰতীয় চিনেমা 'বিকি ড'নাৰ'ৰ দৰেই এইজন যেন বাস্তৱৰ 'বিকি ডনাৰ'। ক্লাইভছ জোনছ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ শুক্ৰাণু দাতা হৈ পৰিছে কিয়নো তেওঁ যোৱা ন বছৰত ১২৯ টা সন্তানৰ পিতৃ হোৱা বুলি দাবী কৰিছে। কিন্তু তেওঁ আনুষ্ঠানিকভাৱে শুক্ৰাণু দাতা হ'বলৈ অক্ষম কিয়নো ইয়াৰ বয়সৰ সীমা মাত্ৰ ৪৫ বছৰলৈকেহে থাকে। সেইকাৰণে স্বাস্থ্য বিশেষজ্ঞসকলে তেওঁৰ কাৰ্যৰ বিৰুদ্ধে সতৰ্কবাণী জাৰি কৰিছে। ক্লাইভছ জোনছে ৫৮ বছৰ বয়সত শুক্ৰাণু দান কৰা আৰম্ভ কৰে। জোনছে কয় যে তেওঁ তেওঁৰ শুক্ৰাণু বিনামূলীয়াকৈ দান কৰে কাৰণ ই পৰিয়ালবোৰলৈ সুখ কঢ়িয়াই অনাত সহায় কৰিছে। তেওঁ লগতে কয় যে "মই সম্ভৱতঃ বিশ্বৰ আটাইতকৈ প্ৰচুৰ বীৰ্য দাতা, মোৰ এতিয়ালৈকে ১৩৮ টা শিশু আছে। ১২৯ টা কেঁচুৱা জন্ম হৈছে আৰু নটা গৰ্ভধাৰণ কৰা হৈছে। মই এই কামটো আৰু কেই বছৰমান অব্যাহত ৰাখিব বিচাৰোঁ। মই এই সংখ্যা ১৫০লৈ যাব বিচাৰো। যেতিয়া কোনো মাতৃৰ কোলাত মোৰ বীৰ্যৰ সন্তান দেখোঁ তাতে মই আনন্দ লভোঁ।" নিজৰ পত্নীৰ ফালৰ পৰা তিনিটা প্ৰাপ্তবয়স্ক সন্তান থকা জোনছে কৈছিল "এই সকলোবোৰ ন বছৰ আগতে মে মাহত আৰম্ভ কৰিছিলোঁ। মই কিছুমান বাতৰি কাকতত সন্তান জন্ম দিব নোৱাৰা কিছুমান লোকৰ দুৰ্দশা পঢ়িছিলো। মই ভাবিছিলো যে মই সহায় কৰিব পাৰো গতিকে মই এটা ছাইটত এটা পোষ্ট দিওঁ। মই কিমান বয়সৰ সেয়া উল্লেখ কৰা নাছিলোঁ। ডাৰ্বিৰ এগৰাকী মহিলাই এঘণ্টাৰ ভিতৰত মোৰ সৈতে যোগাযোগ কৰিছিল আৰু সেই সন্ধিয়া মোক সহায় কৰিবলৈ কৈছিল।" উল্লেখ্য যে ক্লাইভছ জোনছে ১৯৭৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল কিন্তু তেওঁ তেওঁৰ পত্নীৰ পৰা পৃথকে বাস কৰে। ২০১৮ চনত জোনছে '4 man 175 babies' নামৰ এখন তথ্যচিত্ৰতো অভিনয় কৰিছিল। য'ত দেখুওৱা হৈছিল চাৰিজন পুৰুষে অনলাইন যোগাযোগ কৰা মহিলাসকলক বিনামূলীয়াকৈ শুক্ৰাণু দান কৰা। আৰু পঢ়কঃ এই ৫বিধ প্ৰাণী ঘৰত পুহিলে আপুনি হ’ব সৌভাগ্যশালী; হ’ব ধনৱান!

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ