--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক দেশ হিচাপে চিহ্নিত হোৱা পাকিস্তান নিজেও সন্ত্ৰাসবাদৰ দ্বাৰা ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈ আহিবলগীয়া হৈছে। সময়ে সময়ে সন্ত্ৰাসবাদে ফ্ৰেংকেনষ্টাইনৰ ৰূপ লৈ দেশখনকে গ্ৰাস কৰাৰ উপক্ৰম ঘটাইছে। কিন্তু তথাপি সম্বিৎ ঘূৰি অহা নাই দেশখনৰ। শেহতীয়াকৈ পুনৰ সন্ত্ৰাসবাদী আক্ৰমণে বৃহৎ ক্ষতিসাধন কৰিলে পাকিস্তানৰ। পাক সেনাৰ ওপৰত হোৱা এই সন্ত্ৰাসবাদী আক্ৰমণত দহজনকৈ পাক জোৱান নিহত হৈছে।

 

দেশখনৰ সদা অশান্ত দক্ষিণ-পশ্চিম প্ৰান্তৰ প্ৰদেশ বেলুচিস্তানৰ কেচ জিলাৰ এটা চেকপোষ্টত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছে দহগৰাকীকৈ পাক সেনা জোৱান। বৃহস্পতিবাৰেই সেনাই এই তথ্য সদৰি কৰিছিল। সেনাৰ ইণ্টাৰ চাৰ্ভিছ পাব্লিক ৰিলেচন গোটৰ মুখপাত্ৰই প্ৰকাশ কৰা এটা বিজ্ঞপ্তিত প্ৰকাশ কৰিছে যে, যোৱা ২৫-২৬ জানুৱাৰীত এই ৰক্তক্ষয়ী সংঘৰ্ষৰ সূত্ৰপাত ঘটে। সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা তীব্ৰ গুলীয়াগুলীৰ ঘটনাৰ পাছত ১০জন জোৱান নিহত হয়। সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে কেইবাজনো আহত হোৱা বুলি প্ৰকাশ কৰিছে সেনা সূত্ৰই। ইফালে সংঘৰ্ষৰ পাছত চলা তালাচী অভিযানত তিনিজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰা হৈছে।

 

‘সামৰিক বাহিনীয়ে আমাৰ দেশৰ ভূমিৰ পৰা সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। তাৰ বাবে যিকোনো মূল্য পৰিশোধ কৰিবলৈও আমি সাজু আছোঁ।’ বিজ্ঞপ্তিখনত এইবুলিও উল্লেখ কৰে সেনা বাহিনীয়ে। এতিয়ালৈ কোনো সন্ত্ৰাসবাদী দলে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। উল্লেখ্য যে, ইৰান আৰু আফগানিস্তানৰ সামান্তৱৰ্তী বেলুচিস্তানত দীঘলীয়া সময় ধৰি ৰক্তক্ষয়ী সংঘাতৰ সূত্ৰপাত ঘটি আহিছে। প্ৰদেশখনৰ বিচ্ছিন্নতাবাদী গোটসমূহে পাক সেনাবাহিনীৰ ওপৰত তীব্ৰ আক্ৰমণ সংঘটিত কৰি আহিছে সময়ে সময়ে। চীন-পাকিস্তান ইকনমিক ক’ৰিড’ৰ (চিপিইচি)ক লক্ষ্য হিচাপে লৈও অঞ্চলটোত তীব্ৰ আক্ৰমণ সংঘটিত কৰি আহিছে সন্ত্ৰাসবাদীয়ে। উল্লেখ্য যে, বেলুচিস্তানে পাকিস্তানৰ পৰা স্বাধীনতা বিচৰাৰ দাবীও এক অমীমাংসিত বিষয় হৈ ৰৈছে। উল্লেখ্য যে, ভাৰতে কিছুদিন পূৰ্বে বেলুচিস্তানৰ স্বাধীনতাৰ দাবীৰ প্ৰতি সমৰ্থনেৰে পাকিস্তানৰ সৈতে কূটনৈতিক যুদ্ধ আৰম্ভ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ