--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক দেশ হিচাপে চিহ্নিত হোৱা পাকিস্তান নিজেও সন্ত্ৰাসবাদৰ দ্বাৰা ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈ আহিবলগীয়া হৈছে। সময়ে সময়ে সন্ত্ৰাসবাদে ফ্ৰেংকেনষ্টাইনৰ ৰূপ লৈ দেশখনকে গ্ৰাস কৰাৰ উপক্ৰম ঘটাইছে। কিন্তু তথাপি সম্বিৎ ঘূৰি অহা নাই দেশখনৰ। শেহতীয়াকৈ পুনৰ সন্ত্ৰাসবাদী আক্ৰমণে বৃহৎ ক্ষতিসাধন কৰিলে পাকিস্তানৰ। পাক সেনাৰ ওপৰত হোৱা এই সন্ত্ৰাসবাদী আক্ৰমণত দহজনকৈ পাক জোৱান নিহত হৈছে।

 

দেশখনৰ সদা অশান্ত দক্ষিণ-পশ্চিম প্ৰান্তৰ প্ৰদেশ বেলুচিস্তানৰ কেচ জিলাৰ এটা চেকপোষ্টত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছে দহগৰাকীকৈ পাক সেনা জোৱান। বৃহস্পতিবাৰেই সেনাই এই তথ্য সদৰি কৰিছিল। সেনাৰ ইণ্টাৰ চাৰ্ভিছ পাব্লিক ৰিলেচন গোটৰ মুখপাত্ৰই প্ৰকাশ কৰা এটা বিজ্ঞপ্তিত প্ৰকাশ কৰিছে যে, যোৱা ২৫-২৬ জানুৱাৰীত এই ৰক্তক্ষয়ী সংঘৰ্ষৰ সূত্ৰপাত ঘটে। সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা তীব্ৰ গুলীয়াগুলীৰ ঘটনাৰ পাছত ১০জন জোৱান নিহত হয়। সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে কেইবাজনো আহত হোৱা বুলি প্ৰকাশ কৰিছে সেনা সূত্ৰই। ইফালে সংঘৰ্ষৰ পাছত চলা তালাচী অভিযানত তিনিজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰা হৈছে।

 

‘সামৰিক বাহিনীয়ে আমাৰ দেশৰ ভূমিৰ পৰা সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। তাৰ বাবে যিকোনো মূল্য পৰিশোধ কৰিবলৈও আমি সাজু আছোঁ।’ বিজ্ঞপ্তিখনত এইবুলিও উল্লেখ কৰে সেনা বাহিনীয়ে। এতিয়ালৈ কোনো সন্ত্ৰাসবাদী দলে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। উল্লেখ্য যে, ইৰান আৰু আফগানিস্তানৰ সামান্তৱৰ্তী বেলুচিস্তানত দীঘলীয়া সময় ধৰি ৰক্তক্ষয়ী সংঘাতৰ সূত্ৰপাত ঘটি আহিছে। প্ৰদেশখনৰ বিচ্ছিন্নতাবাদী গোটসমূহে পাক সেনাবাহিনীৰ ওপৰত তীব্ৰ আক্ৰমণ সংঘটিত কৰি আহিছে সময়ে সময়ে। চীন-পাকিস্তান ইকনমিক ক’ৰিড’ৰ (চিপিইচি)ক লক্ষ্য হিচাপে লৈও অঞ্চলটোত তীব্ৰ আক্ৰমণ সংঘটিত কৰি আহিছে সন্ত্ৰাসবাদীয়ে। উল্লেখ্য যে, বেলুচিস্তানে পাকিস্তানৰ পৰা স্বাধীনতা বিচৰাৰ দাবীও এক অমীমাংসিত বিষয় হৈ ৰৈছে। উল্লেখ্য যে, ভাৰতে কিছুদিন পূৰ্বে বেলুচিস্তানৰ স্বাধীনতাৰ দাবীৰ প্ৰতি সমৰ্থনেৰে পাকিস্তানৰ সৈতে কূটনৈতিক যুদ্ধ আৰম্ভ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু