--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তালিবানে আফগানিস্তান দখল কৰাৰ পাছত আফগানিস্তানৰ সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তা একেবাৰে নোহোৱা হৈ পৰিছে। এতিয়া যেন আফগানিস্তানৰ লোকসকলে দুবেলা-দুমুঠি খাবৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে। পৰিস্থিতিৰ এনে পৰ্যায় পাইছে যে, আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলৰ সাধাৰণ নাগৰিকে দুবেলা-দুমুঠি খাবৰ বাবেও আৰ্তনাদ কৰিব লগা হৈছে। শেহতীয়া এক প্ৰতিবেদন প্ৰকাশ পাইছে যে, আফগানিস্তানৰ লোকসকলে নিজকে জীয়াই ৰাখিবলৈ তেওঁলোকৰ সন্তানৰ লগতে নিজৰ কিডনী পৰ্যন্ত বিক্ৰী কৰিব লগা হৈছে। দ্য মিৰ'ৰে প্ৰকাশ কৰা সংবাদ অনুসৰি, আফগানিস্তানৰ বহু সংখ্যক লোকে তেওঁলোকৰ শৰীৰৰ অংগ বিক্ৰী কৰিছে। ইয়াৰ আগতে, দৰিদ্ৰতা আৰু অনাহাৰত ভুগি থকা বহুতো লোকে তেওঁলোকৰ সন্তানক বাধ্য হৈ বিক্ৰী কৰিছিল। ইউৰোলজিষ্ট আৰু বৃক্ক সংৰোপণ শল্য চিকিৎসক ডাঃ নাছিৰ আহমেদে দাবী কৰিছে যে আফগানিস্তানত যোৱা ১২ মাহত ৮৫ টা বৃক্ক সংৰোপণ অস্ত্ৰোপচাৰ কৰা হৈছে। ভাৰতীয় টকাৰ হিচাপত প্ৰতিটো কিডনীৰ মূল্য প্ৰায় ৪ লাখ ২৫ হাজাৰ টকা। আফগানসকলে নিজৰ জীৱন বিপদত পেলাই বৃক্ক বিক্ৰী কৰি আহিছে। শল্য চিকিৎসক ডাঃ নাছিৰ আহমেদ আৰু বিশেষজ্ঞ ডাঃ আহমেদ চাকিবে কৈছিল যে যিসকলে তেওঁলোকৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ বিক্ৰী কৰি আছে তেওঁলোকৰ অধিকাংশৰ প্ৰাণ হেৰুওৱাৰ আশংকা আছে। তেওঁ কৈছিল যে আৰ্থিক সমস্যাৰ বাবে বৃক্ক বিক্ৰী কৰা বেছিভাগ লোকে পাছৰ সময়ত বৃক্কৰ অভাৱৰ বাবে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব। অৱশ্যে আফগানিস্তানৰ বৃক্ক দান সংস্কৃতি সচৰাচৰ নহয়, বেছিভাগ বৃক্ক দাতাই আৰ্থিক সমস্যাত ভুগিহে এনে সিদ্ধান্ত লব লগা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু