--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তালিবানে আফগানিস্তান দখল কৰাৰ পাছত আফগানিস্তানৰ সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তা একেবাৰে নোহোৱা হৈ পৰিছে। এতিয়া যেন আফগানিস্তানৰ লোকসকলে দুবেলা-দুমুঠি খাবৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে। পৰিস্থিতিৰ এনে পৰ্যায় পাইছে যে, আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলৰ সাধাৰণ নাগৰিকে দুবেলা-দুমুঠি খাবৰ বাবেও আৰ্তনাদ কৰিব লগা হৈছে। শেহতীয়া এক প্ৰতিবেদন প্ৰকাশ পাইছে যে, আফগানিস্তানৰ লোকসকলে নিজকে জীয়াই ৰাখিবলৈ তেওঁলোকৰ সন্তানৰ লগতে নিজৰ কিডনী পৰ্যন্ত বিক্ৰী কৰিব লগা হৈছে। দ্য মিৰ'ৰে প্ৰকাশ কৰা সংবাদ অনুসৰি, আফগানিস্তানৰ বহু সংখ্যক লোকে তেওঁলোকৰ শৰীৰৰ অংগ বিক্ৰী কৰিছে। ইয়াৰ আগতে, দৰিদ্ৰতা আৰু অনাহাৰত ভুগি থকা বহুতো লোকে তেওঁলোকৰ সন্তানক বাধ্য হৈ বিক্ৰী কৰিছিল। ইউৰোলজিষ্ট আৰু বৃক্ক সংৰোপণ শল্য চিকিৎসক ডাঃ নাছিৰ আহমেদে দাবী কৰিছে যে আফগানিস্তানত যোৱা ১২ মাহত ৮৫ টা বৃক্ক সংৰোপণ অস্ত্ৰোপচাৰ কৰা হৈছে। ভাৰতীয় টকাৰ হিচাপত প্ৰতিটো কিডনীৰ মূল্য প্ৰায় ৪ লাখ ২৫ হাজাৰ টকা। আফগানসকলে নিজৰ জীৱন বিপদত পেলাই বৃক্ক বিক্ৰী কৰি আহিছে। শল্য চিকিৎসক ডাঃ নাছিৰ আহমেদ আৰু বিশেষজ্ঞ ডাঃ আহমেদ চাকিবে কৈছিল যে যিসকলে তেওঁলোকৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ বিক্ৰী কৰি আছে তেওঁলোকৰ অধিকাংশৰ প্ৰাণ হেৰুওৱাৰ আশংকা আছে। তেওঁ কৈছিল যে আৰ্থিক সমস্যাৰ বাবে বৃক্ক বিক্ৰী কৰা বেছিভাগ লোকে পাছৰ সময়ত বৃক্কৰ অভাৱৰ বাবে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব। অৱশ্যে আফগানিস্তানৰ বৃক্ক দান সংস্কৃতি সচৰাচৰ নহয়, বেছিভাগ বৃক্ক দাতাই আৰ্থিক সমস্যাত ভুগিহে এনে সিদ্ধান্ত লব লগা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ