--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমকে ধৰি দেশৰ ১৩খন ৰাজ্যৰ মুঠ ৮৯টা সমষ্টিত আজি অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব। এই ১৩খন ৰাজ্য হ’ল অসম, বিহাৰ, ছত্তিশগড়, জম্মু-কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, ৰাজস্থান, ত্ৰিপুৰা, উত্তৰ-প্ৰদেশ আৰু পশ্চিমবংগ।


অসমৰ ৫টা সমষ্টিত আজি পুৱা ৭-০০বজাৰ পৰা বিয়লি ৫-০০ বজালৈকে অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। এই ৫টা সমষ্টি হৈছে নগাঁও, শিলচৰ, কৰিমগঞ্জ, দৰং-ওদালগুৰি আৰু ডিফু।


উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১৩খন ৰাজ্যৰ মুঠ ১২০৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰে ভিতৰত অসমৰ আছে ৬১গৰাকী প্ৰাৰ্থী। নগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ সংখ্যা ১৩ গৰাকী। একেদৰে শিলচৰৰ ৮গৰাকী, কৰিমগঞ্জৰ সৰ্বাধিক ২৪গৰাকী, দৰং-ওদালগুৰিৰ ১১গৰাকী আৰু ডিফুৰ ৫গৰাকীয়ে বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব


দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণত অসমৰ ৫টা সমষ্টিত ৬১জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে, কৰিমগঞ্জ লোকসভা সমষ্টিত সৰ্বাধিক প্ৰাৰ্থী (২৪) আৰু ডিফুত সৰ্বনিম্ন প্ৰাৰ্থী (৫) আছে।

অসমত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা উল্লেখযোগ্য প্ৰাৰ্থীসকল হ’ল- প্ৰদ্যুত বৰদলৈ (নগাঁও, কংগ্ৰেছ), জয়ৰাম ইংলেং (ডিফু, কংগ্ৰেছ), দিলীপ শইকীয়া (দৰং-ওদালগুৰি, বিজেপি) আৰু পৰিমল শুক্লবৈদ্য (কাৰিমগঞ্জ, বিজেপি )।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ