--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা তথা সাধাৰণ লোকৰ ত্ৰাণকৰ্তাস্বৰূপ চনু সুদৰ জন্মদিন ৩০ জুলাইত। এফালে একাধিক ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰা, আনহাতে কৰ’না কালত তেওঁ যিদৰে সাধাৰণ ৰাইজৰ কাষত থিয় দিছিল, সেয়া বলীউডত আগতে কেতিয়াও দেখা পোৱা নাছিল। নিশাটোৰ ভিতৰতে তেওঁ পৰ্দাৰ পৰা ৰিয়েল হিৰো হৈ পৰিল। কিন্তু কেৱল কৰ’না কালতেই নহয়, তাৰ পাছতো চনুৱে নিজাকৈ কোম্পানী আৰম্ভ কৰিলে আৰু তেওঁৰ কোম্পানীত বিভিন্ন অসুবিধাত পৰা সাধাৰণ লোকৰ আশ্ৰয়স্থল হৈ পৰিল। কৰ’না মহামাৰীৰ সময়ত পৰ্দাই তেওঁক যি জনপ্ৰিয়তা দিছিল, সেয়া বহুগুণে বৃদ্ধি পাইছিল।

 চনু সুদৰ ব্যক্তিগত জীৱন আৰু শৈক্ষিক অৰ্হতাঃ-চনুৱে নিজৰ জন্মস্থান মোগাত স্কুলীয়া শিক্ষা পাৰ কৰিছিল। মাক অধ্যাপক আৰু দেউতাক ব্যৱসায়ী আছিল। বিদ্যালয় সমাপ্ত কৰাৰ পাছত চনুৱে নাগপুৰৰ পৰা ইলেক্ট্ৰনিকছ ইঞ্জিনিয়াৰিঙত উত্তীৰ্ণ হয়। কিন্তু ইঞ্জিনিয়াৰিঙৰ পৰিৱৰ্তে অভিনয়ৰ জগতখনত সংগ্ৰাম কৰিবলৈ আৰম্ভ কৰিলে। ১৯৯৬ চনত তেওঁ সোণালীৰ সৈতে বিবাহপাশত আবদ্ধ হয়, বৰ্তমান তেওঁ দুটা সন্তানৰ পিতৃ -অয়ন আৰু ঈশান্ত।

 চনু সুদৰ পাৰিতোষিক আৰু সম্পত্তি:- প্ৰতিখন ছবিৰ বাবে ২ কোটি টকা লয় চনু সুদে। লগতে তেওঁৰ শক্তিসাগৰ নামেৰে এটা প্ৰডাকচন হাউছ আছে। তেওঁ কেইবাটাও ব্ৰেণ্ডকো সমৰ্থন কৰিছিল। কোৱা হয় যে চনুৰ উপাৰ্জনৰ মূল উৎস হৈছে বিজ্ঞাপন, ছবি নহয়। তেওঁৰ মুঠ সম্পত্তি ১৭ মিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ১৩০ কোটি।

 চনুৰ ঘৰ আৰু গাড়ীঃ-মুম্বাইৰ লোকান্দৱালাত ২৬০০ বৰ্গফুটৰ এটা বিলাসী এপাৰ্টমেণ্টত থাকে চনু। মুম্বাইত আৰু দুটা ফ্লেট, জুহুত এখন বিলাসী হোটেল আৰু গৃহ চহৰ মোগাত এটা বাংলো আছে। গাড়ীৰ প্ৰতি বিশেষ আগ্ৰহ আছে অভিনেতাগৰাকী। তেওঁৰ গাড়ী সংগ্ৰহত আছে মাৰ্চিডিজ বেঞ্জ এম এল ক্লাছ ৩৫০ চি ডি আই, যাৰ মূল্য ৬৬ লাখ। তাত আছে অ’ডি কিউ-৭, যাৰ দাম প্ৰায় ৮০ লাখ। ২ কোটি টকাৰ প’ৰ্চ পানামাও আছে।

 ইমান ধন-সম্পত্তিৰ গৰাকী চনু সুদে কৰ্মৰ বাহিৰেও তেওঁ বেছিভাগ সময় নিজৰ গৃহ চহৰ পঞ্জাবৰ মোগাত কটায় ভালপায়। অভিনেতাজনে সাধাৰণ মানুহৰ লগত মিলিবলৈ অতি আগ্ৰহী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু