--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা তথা সাধাৰণ লোকৰ ত্ৰাণকৰ্তাস্বৰূপ চনু সুদৰ জন্মদিন ৩০ জুলাইত। এফালে একাধিক ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰা, আনহাতে কৰ’না কালত তেওঁ যিদৰে সাধাৰণ ৰাইজৰ কাষত থিয় দিছিল, সেয়া বলীউডত আগতে কেতিয়াও দেখা পোৱা নাছিল। নিশাটোৰ ভিতৰতে তেওঁ পৰ্দাৰ পৰা ৰিয়েল হিৰো হৈ পৰিল। কিন্তু কেৱল কৰ’না কালতেই নহয়, তাৰ পাছতো চনুৱে নিজাকৈ কোম্পানী আৰম্ভ কৰিলে আৰু তেওঁৰ কোম্পানীত বিভিন্ন অসুবিধাত পৰা সাধাৰণ লোকৰ আশ্ৰয়স্থল হৈ পৰিল। কৰ’না মহামাৰীৰ সময়ত পৰ্দাই তেওঁক যি জনপ্ৰিয়তা দিছিল, সেয়া বহুগুণে বৃদ্ধি পাইছিল।

 চনু সুদৰ ব্যক্তিগত জীৱন আৰু শৈক্ষিক অৰ্হতাঃ-চনুৱে নিজৰ জন্মস্থান মোগাত স্কুলীয়া শিক্ষা পাৰ কৰিছিল। মাক অধ্যাপক আৰু দেউতাক ব্যৱসায়ী আছিল। বিদ্যালয় সমাপ্ত কৰাৰ পাছত চনুৱে নাগপুৰৰ পৰা ইলেক্ট্ৰনিকছ ইঞ্জিনিয়াৰিঙত উত্তীৰ্ণ হয়। কিন্তু ইঞ্জিনিয়াৰিঙৰ পৰিৱৰ্তে অভিনয়ৰ জগতখনত সংগ্ৰাম কৰিবলৈ আৰম্ভ কৰিলে। ১৯৯৬ চনত তেওঁ সোণালীৰ সৈতে বিবাহপাশত আবদ্ধ হয়, বৰ্তমান তেওঁ দুটা সন্তানৰ পিতৃ -অয়ন আৰু ঈশান্ত।

 চনু সুদৰ পাৰিতোষিক আৰু সম্পত্তি:- প্ৰতিখন ছবিৰ বাবে ২ কোটি টকা লয় চনু সুদে। লগতে তেওঁৰ শক্তিসাগৰ নামেৰে এটা প্ৰডাকচন হাউছ আছে। তেওঁ কেইবাটাও ব্ৰেণ্ডকো সমৰ্থন কৰিছিল। কোৱা হয় যে চনুৰ উপাৰ্জনৰ মূল উৎস হৈছে বিজ্ঞাপন, ছবি নহয়। তেওঁৰ মুঠ সম্পত্তি ১৭ মিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ১৩০ কোটি।

 চনুৰ ঘৰ আৰু গাড়ীঃ-মুম্বাইৰ লোকান্দৱালাত ২৬০০ বৰ্গফুটৰ এটা বিলাসী এপাৰ্টমেণ্টত থাকে চনু। মুম্বাইত আৰু দুটা ফ্লেট, জুহুত এখন বিলাসী হোটেল আৰু গৃহ চহৰ মোগাত এটা বাংলো আছে। গাড়ীৰ প্ৰতি বিশেষ আগ্ৰহ আছে অভিনেতাগৰাকী। তেওঁৰ গাড়ী সংগ্ৰহত আছে মাৰ্চিডিজ বেঞ্জ এম এল ক্লাছ ৩৫০ চি ডি আই, যাৰ মূল্য ৬৬ লাখ। তাত আছে অ’ডি কিউ-৭, যাৰ দাম প্ৰায় ৮০ লাখ। ২ কোটি টকাৰ প’ৰ্চ পানামাও আছে।

 ইমান ধন-সম্পত্তিৰ গৰাকী চনু সুদে কৰ্মৰ বাহিৰেও তেওঁ বেছিভাগ সময় নিজৰ গৃহ চহৰ পঞ্জাবৰ মোগাত কটায় ভালপায়। অভিনেতাজনে সাধাৰণ মানুহৰ লগত মিলিবলৈ অতি আগ্ৰহী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ