--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শনিবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ কৰে যে মৃত্যুৰ কাৰণ যিয়েই নহওক কিয়, যিজন ৰোগীয়ে ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত মৃত্যুবৰণ কৰে, তেওঁক ক’ভিডত মৃত্যু হোৱা বুলি গণ্য কৰা উচিত।

কেনেবাকৈ মৃত্যুৰ কাৰণ বিভিন্ন  হ’ব পাৰে যেনে হাৰ্ট এটেক বা অন্য কোনো কাৰণ, কিন্তু ইয়াক Covid-19 ৰ বাবে মৃত্যু বুলি গণ্য কৰা উচিত বুলি আদালতে জনায়।

ন্যায়াধীশ এ আৰ মাছুদী আৰু ন্যায়াধীশ বিক্ৰম ডি চৌহানৰ এখন সংমণ্ডল বিচাৰপীঠে এখন আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও Covid-19 ভুক্তভোগীৰ মৃত্যুৰ পাছত তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলক ৩০ দিনৰ ভিতৰত এক্স-গ্ৰেচিয়া ধন প্ৰদান কৰিব লাগে বুলিও ৰায় দিয়ে। তদুপৰি যদি এমাহত ধন দিব নোৱাৰে তেন্তে ৯ শতাংশ সুদ  দিব লাগিব।

আদালতৰ মতে, ক’ভিড-১৯ সংক্ৰমণে যিকোনো অংগৰ ক্ষতি কৰিব পাৰে আৰু ইয়াক প্ৰভাৱিত কৰি ৰোগীৰ মৃত্যু হ’ব পাৰে। এই সিদ্ধান্তত উপনীত হ’ল যে এজন Covid-সংক্ৰমিত ৰোগীৰ অংগ বিকল হৈ মৃত্যুক ৰোগীজনৰ মৃত্যুৰ বেলেগ কাৰণ বুলি ধৰিব নোৱাৰি।

যেতিয়া আদালতে ৩০ দিনৰ সময়সীমা পাৰ হৈ কোনো ক্ষতিপূৰণ জাৰি কৰা হোৱা নাই বুলি গম পালে, তেতিয়া চৰকাৰক প্ৰতিজন আবেদনকাৰীক ২৫ হাজাৰ টকা দিবলৈ চৰকাৰক নিৰ্দেশ দিলে।

২০২১ চনৰ ১ জুন তাৰিখৰ চৰকাৰী নিৰ্দেশনাৰ ১২ নং দফাত কোভিড মৃত্যুৰ ক্ষতিপূৰণৰ বাবে অনুৰোধ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয়তাসমূহ উল্লেখ কৰা হৈছে, আবেদনকাৰীসকলে প্ৰতিদ্বন্দ্বিতা কৰিছিল। স্বামীৰ মৃত্যুৰ কাৰণ ক’ভিড-১৯ নহয় বুলি নিৰ্ণয় কৰাৰ পিছতে আবেদনকাৰীৰ ক্ষতিপূৰণৰ দাবী নাকচ কৰা হয়।

মন কৰিবলগীয়া যে আদালতৰ এই নিৰ্দেশে ক’ভিড ভুক্তভোগীৰ মৃত্যুৰ কাৰণ কৰ’না ভাইৰাছৰ বাবে নহয় বুলি ক্ষতিপূৰণৰ পৰা বঞ্চিত হোৱা পৰিয়াললৈ সকাহ দিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু