ডিজিটেল ডেস্কঃ পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছক তেওঁৰ যৌন সম্পৰ্কৰ বিষয়ে মুকলিকৈ নক’বলৈ উৎকোচ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে যদিও এতিয়ালৈকে আৰক্ষী আৰু জেলৰ জিম্মাত পৰাৰ পৰা হাত সাৰিছে ডণাল্ড ট্ৰাম্প। কিন্তু আমেৰিকাৰ আইনত কোৱা হৈছে যে ট্ৰাম্পে সকলো অভিযোগতে দোষী সাব্যস্ত হ’লে ১৩৬ বছৰ কাৰাগাৰত কটাবলগীয়া হ’ব পাৰে!
মঙলবাৰে ভাৰতীয় সময় অনুসৰি নিশা ১২ বজাৰ অলপ আগতে আত্মসমৰ্পণ কৰিবলৈ নিউয়ৰ্কৰ মানহাটান আদালতলৈ গৈছিল ট্ৰাম্প। ইয়াৰ পূৰ্বে ন্যায়াধীশ জুয়ান মাৰ্চেনৰ নিৰ্দেশ অনুসৰি আৰক্ষীয়ে তেওঁক জিম্মাত লৈছিল। নিউয়ৰ্কৰ গ্ৰেণ্ড জুৰীয়ে যোৱা সপ্তাহত পৰ্ণ তাৰকা ষ্টৰ্মিক ১ লাখ ৩০ হাজাৰ ডলাৰৰ ‘উৎকোচ’ৰ সৈতে জড়িত অপৰাধমূলক গোচৰত অভিযুক্ত কৰিছিল।
ষ্টৰ্মীয়ে দাবী কৰে যে ২০০৬ চনত তেওঁৰ আৰু ট্ৰাম্পৰ মাজত শাৰীৰিক সম্পৰ্ক আছিল। ইয়াৰ পিছত ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্পে তেওঁক মুখ বন্ধ কৰি ৰাখিবলৈ উৎকোচ দিছিল। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰে ট্ৰাম্পে।
মানহাটান জিলাৰ এটৰ্নী এলভিন ব্ৰেগে এই অভিযোগৰ তদন্ত কৰে। ডেম’ক্ৰেট দলৰ সদস্য। ফলত ট্ৰাম্প শিবিৰে ‘ৰাজনৈতিক ষড়যন্ত্ৰ’ৰ অভিযোগ উত্থাপন কৰিছে। বুধবাৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে আদালতত ৩৪টা অপৰাধমূলক অভিযোগ উত্থাপন কৰা হয় আৰু ইয়াৰে প্ৰতিটোৰেই তেওঁ নিজকে দোষমুক্ত বুলি স্বীকাৰ কৰিছে।
এক ঘণ্টীয়া শুনানিৰ অন্তত ট্ৰাম্পে নিউয়ৰ্কৰ পৰা ফ্ল’ৰিডালৈ ৰাওনা হয়। তেওঁৰ বিৰুদ্ধে উত্থাপিত ৩৪টা অভিযোগৰ তালিকাত তথ্য লুকুৱাই ৰখা, অবৈধ ধন পৰিশোধ কৰা, জালিয়াতি কৰা, তদন্তত সহযোগ নকৰাৰ দৰে গুৰুতৰ অপৰাধমূলক অপৰাধ সন্নিবিষ্ট কৰা হৈছে।
প্ৰতিটো গোচৰত দোষী সাব্যস্ত হ’লে তেওঁক ১৩৬ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে। কাৰণ বেছিভাগ অভিযোগতে কমেও ৪ বছৰৰ শাস্তি। কিন্তু আইনী বিশেষজ্ঞসকলে কয় যে বাস্তৱত এনে সম্ভাৱনা প্ৰায় অসম্ভৱ। তথাপিও ৭৬ বছৰীয়া ৰিপাব্লিকান নেতাগৰাকীয়ে দহ বছৰ কাৰাগাৰত কটাবলগীয়া হ’ব পাৰে।
প্ৰসংগক্ৰমে শেহতীয়াকৈ ট্ৰাম্পে ২০২৪ চনত পুনৰ ৰিপাব্লিকান দলৰ হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। সেই প্ৰেক্ষাপটতে এই গোচৰত তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। অৱশেষত তেওঁ কাৰাদণ্ডৰ পৰা হাত সাৰিলেও বহুতে বিশ্বাস কৰে যে ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগে তেওঁৰ হোৱাইট হাউছলৈ ঘূৰি অহাৰ প্ৰচেষ্টাত আঘাত হানিব পাৰে।