--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসপ্তাহ পূৰ্বে ‘এংগেজমেন্ট’ সম্পন্ন হৈছিল আমেৰিকাৰ বিখ্যাত ধনকুবেৰ ৰূপাৰ্ট মাৰ্ডক আৰু এন্নে লেছলি স্মিথৰ। পিছে ইয়াৰ এসপ্তাহ পিছতেই বুধবাৰে বিচ্ছেদ ঘোষণা কৰিছে ৰূপাৰ্ট মাৰ্ডকে।

মাত্ৰ কেইদিনমান আগতেই ৯২ বছৰীয়া ৰূপাৰ্টে নিজৰ পঞ্চম বিবাহৰ কথা ঘোষণা কৰিছিল। এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়া এন্নেক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিল ৰূপাৰ্টে।

পাৰ্টে নিজৰ দেশৰ সংবাদ মাধ্যমক এই বিবাহৰ বিষয়ে কৈছিল, প্ৰেমৰ কথা কৈছিল। এন্নেৰ প্ৰতিও তেওঁ আশাবাদী আছিল। অতীতৰ কথাবোৰ পাহৰি ৰূপাৰ্ট আগবাঢ়ি গৈছিল এটা নতুন জীৱনৰ দিশে, এখনি নতুন সংসাৰৰ ফালে।

কিন্তু ইয়াৰ মাজতে আহিল বেয়া খবৰটো। নিজৰ বিচ্ছেদ ঘোষণা কৰিলে ৰূপাৰ্টে।

এন্নেৰ অত্যধিক স্পষ্টবাদীতা আৰু ধৰ্মীয় আদৰ্শৰ সৈতে একমত হ’বলৈ অসুবিধা হৈছিল ৰূপাৰ্টৰ। সেয়েহে এই বিয়া ভংগৰ সিদ্ধান্ত লৈ পেলালে ধনকুবেৰ ৰূপাৰ্ট মাৰ্ডকে।

এতিয়া ৰূপাৰ্টৰ বিয়া ভঙাৰ খবৰে চৌদিশে লাভ কৰিছে ব্যাপক চৰ্চা। বহুতে সামাজিক মাধ্যমত লিখিছে – এই বয়সত বিয়া পতাৰ কথা ভাবিবলৈ কিহে পাইছিল ৯২ বছৰীয়া ৰাপাৰ্টক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস